সপোন যেন এজাক বৰষুণে ন-প্ৰাণ দিছে প্ৰকৃতিক, শুকান-ধূলিময় পৰিৱেশৰ বিপৰীতে শান্ত সমাহিত পৰিৱেশ
নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ২৬মাৰ্চঃ “সৌ এজাক সপোন যেন বৰষুণ…” চ’তৰ ধূলিয়ৰি বাট-পথৰ লগতে শুকান পৰিৱেশ নিষ্প্ৰভ কৰিবলৈ যেন আহিল এজাক বৰষুণ। এজাক সপোনৰ বৰষুণ৷ হয়, দীৰ্ঘদিন ধৰি বৰষুণৰ অপেক্ষাত থকা ৰাজ্য়বাসীক কালি নিশা অহা বৰষুণজাকে মনত শান্তি দিয়া পৰিলক্ষিত হৈছে৷ এফালে ফাগুন-চ’তৰ ধুলিৰ ধুমুহাই ব্যতিব্যস্ত কৰি তুলিছিল জনজীৱন৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো বিগত দিনসমূহৰ দৰে বৃহস্পতিবাৰে তীব্ৰবেগী ধুলিৰ ধুমুহাই নিমিষতে পৰিৱেশ ধূৱলি-কুঁৱলি কৰি তোলাৰ লগতে বহুতৰে সযতনে ৰখা আপোন ঘৰখনৰ ভিতৰ-বাহিৰত ধুমুহাৰ গতিত গছ-বন-তৰু-লতাৰ পাঁত সোমাই পৰিৱেশ লেতেৰা কৰি তোলাৰ উপৰিও কোনো কোনো লোকৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে।তাৰ মাজতেই সপোন যেন বৰষুণজাক বৃহস্পতিবাৰে পুৱতি নিশা আৰু কালি বিয়লিৰ পৰা অহাত শান্ত সমাহিত হৈ পৰিছে ধুলিময় পৰিৱেশ। পুণৰ জামুগুৰিহাটত জনসাধাণৰ মাজত বৰ্তমান দেখা পোৱা গৈছে এক স্বাভাৱিক জনজীৱনৰ ছবি৷