নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত ২,৪৫৩ মৃত ২৭জন

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ ৰাজ্যত হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ শুকুৰবাৰে ১.৫৯ শতাংশলৈ হ্রাস পাইছে ক’ভিডৰ আক্রান্তৰ হাৰ৷ শুকুৰবাৰে ৰাজ্যত মুঠ ২,৪৫৩জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩১২জন গোলাঘাট জিলাৰ৷ তদুপৰি কামৰূপ মহানগৰ জিলাৰ ১৮৬জন, লখিমপুৰ জিলাৰ ১৮১জন আৰু শোণিতপুৰ জিলাৰ ১৭৩জন লোক ক’ভিড পজিটিভ হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১,৫৩,৯৮১টা নমুনা সম্পূর্ণ কৰা হৈছে৷

ইপিনে শুকুৰবাৰে ক’ভিডে প্রাণ ল’লে ২৭জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক চাৰিজনকৈ লোক ক্রমে নগাঁও–যোৰহাট–শোণ আৰু তিনিচুকীয়া জিলাৰ৷ আনহাতে গোলাঘাট–কার্বি আংলঙৰ দুজনকৈ আৰু বৰপেটা–চৰাইদেউ–হো মহানগৰ–মাজুলী–ওদাগুৰিৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷ শুকুৰবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ২,৯০২জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২৩,৯১৪জন৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে প্রথম ঢ়ৌৰ পৰা আৰম্ভ কৰি বর্তমানলৈ ৰাজ্যত মুঠ ক’ভিড পৰীক্ষাৰ সংখ্যাই আজি অতিক্রম কৰে ডেৰ কোটিৰ ঘৰ৷ বর্তমানলৈ ৰাজ্যত মুঠ ক’ভিড পৰীক্ষাৰ সংখ্যা হৈছে ১,৫১,৪০,৪৩৭টা৷

You might also like