নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ ৰাজ্যিক কর্মচাৰীলৈ সুখবৰ৷ চলিত জুলাই মাহৰ দৰমহা–মজুৰি–পেন্স্ অহা ১ আগষ্টৰ পৰা ৰাজ্যিক কর্মচাৰীসকলে লাভ কৰিব৷ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ পৰা বুধবাৰে জাৰি কৰা এক তাঁৰ বার্তাযোগে (নং বি বি ১৮৯/২০১৬/১৩৮) কোষাগাৰ বিষয়াসকলক অহা এক আগষ্টৰ পৰা জুলাই মাহৰ দৰমহা, মজুৰি, পেন্সন সম্পর্কীয় বিল/চেক্, পেন্সনৰ সুবিধা আৰু দৰমহা বহির্ভূত লেনদেনসমূহ যাৱতীয় পৰীক্ষাৰ অন্তত আদায় দিবলৈ নির্দেশ দিয়া হৈছে৷ মন কৰিবলগীয়া এয়ে যে এই মাহতো ৰাজ্যিক কর্মচাৰীসকলক পূর্বৰ দৰে সম্পূর্ণ দৰমহা চৰকাৰে আদায় দিব৷