নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ লগে লগে ক্রমাৎ ৰাজ্যলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি৷ ইয়াৰ পৰিপ্রেক্ষিতত বিদ্যালয়–মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগতে আন শৈক্ষিক প্রতিষ্ঠানসমূহৰ হোষ্টেলসমূহ খোলাৰ ক্ষেত্রত থকা নীতি–নিয়ম শিথিল কৰিছে ৰাজ্য চৰকাৰে৷ অহা ১ ফেব্রুৱাৰীৰ পৰা হোষ্টেলসমূহ সম্পূর্ণৰূপে খুলি দিয়া হ’ব৷ এই কথা ঘোষণা কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে জনতা ভৱনত এখন সংবাদ মেলত তেওঁ কয়– ‘ক’ভিডৰ পূর্বৰ দৰে হোষ্টেলসমূহ খোলা হ’ব৷ প্রাথমিক বিদ্যালয়ৰ বাহিৰে আন শৈক্ষিক প্রতিষ্ঠানসমূহত কোনো বাধা–নিষেধ নথকাকৈ স্বাভাৱিকভাৱে পাঠদান কৰা হ’ব৷
উল্লেখ্য যে ক’ভিডৰ পৰিস্থিতিৰ বাবে শৈক্ষিক প্রতিষ্ঠানসমূহৰ হোষ্টেলসমূহ সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছিল৷ কটন–গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ হোষ্টেলত কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছিল৷ পৰৱর্তী সময়ত ক’ভিডৰ সংক্রমণ হ্রাস পোৱাত শৈক্ষিক প্রতিষ্ঠানসমূহত পাঠদান আৰম্ভ হয় যদিও হোষ্টেলসমূহ বহু দিনলৈ বন্ধ ৰাখে৷ কিন্তু পৰীক্ষাৰ প্রাক্মুহূর্তত হোষ্টেলসমূহ কেৱল চূড়ান্ত বর্ষৰ শিক্ষার্থীৰ বাবে মুকলি কৰি দিয়া হৈছিল৷ যাৰ বাবে আন শিক্ষার্থীসকল সমস্যাৰ সন্মুখীন হৈ আহিছিল৷ ইয়াৰ মাজতে অহা ১ ফেব্রুৱাৰীৰ পৰা সকলো শিক্ষার্থীৰ বাবে হোষ্টেল মুকলি কৰিব বুলি শিক্ষামন্ত্রীয়ে কৰা ঘোষণাই শিক্ষার্থীসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ অৱশ্যে চিনেমা গৃহসমূহ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনামর্মে চলি থাকিব বুলি সংবাদ মেলত ড০ শর্মাই প্রকাশ কৰে৷