নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা বিভাগৰ এছ’পি ১ জানুৱাৰীত খুলিব প্রাক্–প্রাথমিক

নলবাৰী–শোণিতপুৰত্ ক’ভিড ভেকচিন প্রদান প্রক্রিয়াৰ আখৰা

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ক’ৰোনা উদ্ভৱ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বন্ধ ৰখা বিদ্যালয়সমূহৰ শ্রেণীকোঠাৰ পাঠদান ১ জানুৱাৰীৰ পৰা নিয়মীয়া কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে আজি এক দীঘলীয়া নীতি–নির্দেশনা জাৰি কৰিছে৷ এই নীতি–নির্দেশনাসমূহ এইপর্যন্ত বন্ধ থকা নিম্ন প্রাথমিক বিদ্যালয়সমূহৰ পাঠদানৰ ক্ষেত্রত স্পষ্ট নির্দেশনা জাৰি কৰা হৈছে৷ সেই অনুসৰি ৫ বছৰৰ তলৰ ছাত্র–ছাত্রী শ্রেণীকোঠাত উপস্থিত থাকিব নোৱাৰিব৷ প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীপর্যন্তহে নিয়মীয়া পাঠদান অনুষ্ঠিত হ’ব৷ এই শ্রেণীসমূহৰ পাঠদান এদিন এৰি এদিনকৈ কৰিবলৈ নির্দেশনাটোত কোৱা হৈছে৷ চতুর্থ আৰু পঞ্চম শ্রেণীৰ পাঠদান সোম, বুধ আৰু শুকুৰবাৰে অনুষ্ঠিত কৰাৰ বিপৰীতে প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ পাঠদান মঙল, বৃহস্পতি আৰু শনিবাৰে কৰিব পাৰিব৷ পুৱা ৯ বজাৰ পৰা ১.৪৫ বজালৈ শ্রেণীকোঠাৰ পাঠদান চলিব৷ প্রধান শিক্ষকে নিম্ন প্রাথমিক বিদ্যালয়ৰ পাঠদান আৰু মধ্যাহ্ণ ভোজনৰ লগতে বিদ্যালয়ত ক’ভিড–১৯ প্রট’কল সম্পর্কীয় বিষয়সমূহ নিৰীক্ষণ কৰিব৷ নিম্ন প্রাথমিক বিদ্যালয়ৰ উপস্থিতি বাধ্যতামূলক নহয় বুলি নির্দেশটোত কোৱা হৈছে৷ প্রয়োজন সাপেক্ষে অনলাইন ক্লাছো বিদ্যালয় কর্তৃপক্ষই অব্যাহত ৰাখিব পাৰিব৷ বিদ্যালয়ত কোনো ধৰণৰ সভা, সাংস্কৃতিক অনুষ্ঠান আদি নিষিদ্ধ কৰা হৈছে৷ আনহাতে, উচ্চ প্রাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান পূর্বৰ নিয়ম আৰু সময় অনুসৰি অনুষ্ঠিত হ’ব৷ আৱাসিক বিদ্যালয়ৰ ক্ষেত্রত কেৱল চূড়ান্ত বর্ষৰ শিক্ষার্থীৰ বাবেহে আৱাস খোলা থাকিব৷ এই বিদ্যালয়সমূহত উপস্থিতি বাধ্যতামূলক নহয় বুলি নির্দেশনাটোত কোৱাৰ লগতে প্রয়োজন সাপেক্ষে অনলাইন ক্লাছৰ অনুমতি দিয়া হৈছে৷ মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিক, বি এড কলেজ আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্রতো পূর্বৰ নিয়ম আৰু সময় অনুসৰিয়েই পাঠদান আৰম্ভ কৰিবলৈ নির্দেশ দিয়া হৈছে আৰু এই পাঠদানৰ সময়ত ক’ভিড প্রট’কল মানি চলিবলৈ কঠোৰ নির্দেশ দিয়া হৈছে৷ আনহাতে, শ্রেণীকোঠাত উপস্থিতিৰ ক্ষেত্রত অভিভাৱকৰ অনুমতি সাপেক্ষেহে শিক্ষার্থী বিদ্যালয়ত উপস্থিত থাকিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে৷ বিদ্যালয়ৰ মধ্যাহ্ণ ভোজনৰ ৰান্ধনীসকলৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ আনহাতে, প্রতি সপ্তাহতে বিদ্যালয় তথা শিক্ষানুষ্ঠান ছেনিটাইজ কৰিবলৈ নির্দেশনাটোত কোৱা হৈছে৷ সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি নির্দেশনাটোত কোৱা হৈছে৷ আনহাতে, নিম্ন প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ পূর্বে শিক্ষক–কর্মচাৰীসক্ ক’ভিড পৰীক্ষা বাধ্যতামূলক বুলি কোৱাৰ লগতে ৩০ দিনৰ অন্তৰে অন্তৰে এই পৰীক্ষা সম্পন্ন কৰাব লাগিব৷ আনহাতে, থার্মো স্কেনাৰৰ জৰিয়তে শিক্ষার্থী আৰু শিক্ষকসকলৰ শৰীৰ উষ্ণতা পৰীক্ষা কৰিব লাগিব৷ আনহাতে, অনলাইন ক্লাছ কৰি বিচৰা শিক্ষার্থীসকলৰ বাবে শিক্ষানুষ্ঠানসমূহে এই ব্যৱস্থা কৰিব লাগিব বুলি নির্দেশনাটোত কোৱা হৈছে৷ আনহাতে, প্রাক প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত সকলো শিক্ষানুষ্ঠানৰ ক্ষেত্রতে ক’ভিড–১৯ প্রট’কলৰ সাধাৰণ নিয়মাৱলী প্রযোজ্য থাকিব বুলি নির্দেশনাটোত কোৱা হৈছে৷
নলবাৰী–শোণিতপুৰত্ ক’ভিড ভেকচিন প্রদান প্রক্রিয়াৰ আখৰা
অভিশপ্ত বছৰটোৰ অন্তিম ক্ষণত যেন এক ইতিবাচক খবৰে মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাই বিশ্ববাসীক সন্ত্রসিত কৰি ৰখাৰ সময়ত মানুহে পুৱা–গধূলি এটাই আশা কৰিছিল, সোনকালে ইয়াৰ প্রতিষেধক আৱিষ্কাৰ হওক আৰু যিমান পাৰি সোনকালে প্রতিষেধক গ্রহণ কৰি নিজকে সুৰক্ষিত কৰক৷ আজি কিছুদিনৰ পৰা বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰততো প্রতিষেধক প্রদানৰ বাবে যুদ্ধকালীন তৎপৰতা অব্যাহত আছে৷ শেহতীয়াকৈ ভাৰত চৰকাৰে লক্ষ্য নির্ধাৰণ কৰি যিমান সোনকালে পাৰি, সিমান সোনকালে প্রতিষেধক প্রদানৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ একপ্রকাৰ ভাৰত চৰকাৰ সাজু হৈছে প্রতিষেধক প্রদানৰ বাবে৷ সেয়েহে দেশৰ চাৰি কোণৰ চাৰি ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে প্রতিষেধক প্রদানৰ অনুশীলন৷ গুজৰাট, পঞ্জাব, অন্ধ্রপ্রদেশ আৰু অসমত দুদিনীয়াকৈ আয়োজন কৰা এই আখৰা অথবা মকড্রিলত প্রতিষেধক প্রদান কৰা নহয় যদিও কিদৰে সমগ্র প্রক্রিয়াটো সুকলমে পৰিচালনা কৰা হ’ব, তাৰ বাবে প্রশাসন তথা সংশ্লিষ্ট বিভাগক সাজু কৰি তোলাই ইয়াৰ প্রধান উদ্দেশ্য৷ অসমৰ দুখনকৈ জিলা শোণিতপুৰ আৰু নলবাৰীত আজিৰে পৰা পাঁচটাকৈ স্থানত দুদিনীয়াকৈ আয়োজন কৰা এই মকড্রিলত স্বাস্থ্যকম্, স্থানীয় প্রশাসনৰ বিষয়ববীয়া তথা বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে৷ শোণিতপুৰ জিলাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ জাহাজ ঘাটত অৱস্থিত নগৰীয়া স্বাস্থ্যকেন্দ্র, ঢ়েকীয়াজুলি অসামৰিক চিকিৎসালয়, ৰঙাগডা প্রাথমিক স্বাস্থ্যকেন্দ্র আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় টাইমছ হাস্পতালত এই অনুশীলনৰ ব্যৱস্থা কৰা হয়৷ এই সন্দর্ভত শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে কয় যে চিকিৎসক, নার্ছ, লেবৰেটৰী টেকনিচিয়ান, আশাকম্, অংগনৱাডী কম্ আৰু স্বাস্থ্য সেৱাৰ সৈতে জডিত ২৫গৰাকীকৈ লোকক প্রতিটো নির্ধাৰিত কেন্দ্রত নির্বাচিত কৰা হৈছে আৰু তেওঁলোকক লৈ এই অনুশীলন চলোৱা হৈছে৷ এই অনুশীলনৰ সময়ছোৱাত ক’ভিড ভেকচিন পৰিবহণৰ পৰা আৰম্ভ কৰি প্রদান কৰাৰ পর্যায়লৈকে প্রতিটো স্তৰতে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু প্রতিষেধক প্রদানৰ ক্ষেত্রত সামাজিক দূৰত্বকে ধৰি মানি চলিব লগা নিয়মাৱলী সম্পর্কে প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে, প্রতিষেধক প্রদানৰ পাছত আন এটা কোঠাত কমেও ১৫ মিনিট সময় জিৰণি লোৱাৰ ব্যৱস্থা কৰি চিকিৎসকে পর্যবেক্ষণত ৰখাৰ ব্যৱস্থা থাকিব৷ একে ধৰণে স্বাস্থ্যকম্সকলে পদ্ধতিগতভাৱে প্রতিষেধক প্রদানৰ ক্ষেত্রত গ্রহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পর্কেও অনুশীলনৰ ব্যৱস্থা কৰা হয়৷ প্রণিধানযোগ্য যে শোণিতপুৰৰ এই পাঁচোটা স্বাস্থ্যকেন্দ্রত ক’ভিড ভেকচিনৰ ড্রাইৰান আৰম্ভ কৰাৰ পাছতেই স্বাস্থ্যকম্কে ধৰি ক’ভিড যুদ্ধত অগ্রণী ভূমিকা লোৱা বিভিন্ন ক্ষেত্রৰ লোকসকল স্ব–ইচ্ছাই প্রতিষেধক গ্রহণৰ বাবে আগ্রহী হোৱা পৰিলক্ষিত হৈছে৷
নলবাৰীৰ পাঁচ চিকিৎসা প্রতিষ্ঠানত হ’ব ক’ভিড ভেকচিনৰ মকড্রিলঃ প্রস্তুতি সম্পূর্ণ জিলা প্রশাসন, স্বাস্থ্য বিভাগৰ
অসমত আৰম্ভ হৈছে ক’ভিড ভেকচিন প্রদানৰ অনুশীলন৷ ভেকচিন প্রদানৰ অনুশীলন কেনেকৈ প্রদান কৰা হ’ব, তাৰ বাবে নলবাৰী জিলাৰ পাঁচখনকৈ চিকিৎসা প্রতিষ্ঠানত মকড্রিল চলিব৷ এই লৈ নলবাৰী জিলা স্বাস্থ্য বিভাগে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ এই সন্দর্ভত জিলা উপায়ুক্ত পূৰবী কোঁৱৰে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, কাইলৈ পুৱাৰে পৰা জিলাখনৰ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়, ঘগ্রাপাৰ খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্র, বালিতাৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্র, নলবাৰী হৰিমন্দিৰৰ আৰবান হাস্পতাল আৰু ব্যক্তিগত চিকিৎসালয় সাৰথিত হ’ব মকড্রিল কার্যসূচী৷ এই কার্যসূচীত সামৰি লোৱা হৈছে স্বাস্থ্য বিভাগৰ কর্মচাৰীক৷

You might also like