দর্শনার্থীৰ বাবে মুকলি হ’ব কাজিৰঙা কাজিৰঙাৰ লগতে পবিতৰা মানাহতো নাথাকিব ক’ভিড প্রট’কল
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ দশম, উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষ, স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীৰ চূড়ান্ত বর্ষৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ হোৱাৰ পাছত এইবাৰ নৱম, একাদশ শ্রেণীৰ লগতে স্নাতক দ্বিতীয় বর্ষৰো পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্রকাশ কৰি কয় যে অহা ১ অক্টোবৰৰ পৰা নৱম শ্রেণী, একাদশ শ্রেণী আৰু স্নাতক দ্বিতীয় বর্ষৰ পাঠদান শিক্ষানুষ্ঠানত আৰম্ভ হ’ব৷ সেইদৰে ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানতো ক’ভিডৰ সকলো বাধা উঠাই দি সম্পূর্ণ স্বাভাৱিক পৰিৱেশ দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ক’ভিড প্রট’কল নাথাকিব৷ তাত হোটেল আদিও খুলি দিয়া হ’ব৷
হোটেললৈ কোনো পর্যটক আহিলে তেওঁলোকক তাত ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ অৱশ্যে তেওঁলোকে যদি ক’ভিডৰ ভেকচিন লোৱা নাই, তেতিয়াহ’লে তেওঁলোকক তৎকালেই ওচৰৰ ভেকচিন কেন্দ্রলৈ নি ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ দৰে পবিতৰা, মানসতো সম্পূর্ণ স্বাভাৱিক পৰিৱেশ দিয়াৰ বিষয়ে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পর্যটনস্থলীসমূহ চৰকাৰে খুলি দিয়াৰ ব্যৱস্থা কৰিব৷ আন প্রান্তত দুই–তিনি শতাংশ বাধা–নিষেধ থাকিব যদিও কাজিৰঙা, পবিতৰা, মানসত বাধা–নিষেধ নাথাকে৷ শাৰদীয় দুর্গোৎসৱো এইবাৰ পালন কৰা হ’ব বুলি প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবে প্রত্যেকে ভেকচিন ল’ব লাগে৷ প্রত্যেকেই দুয়োপালি ভেকচিন লোৱাত গুৰুত্ব দিব লাগে৷ ৰাজ্যখনত এতিয়ালৈ ২.২৮ কোটি লোকে ভেকচিন লৈছে৷ ইয়াৰে ১.৭৭ কোটি লোকে প্রথম পালি ভেকচিন লৈছে৷ ৰাজ্যখনত মুঠ ২.৩৩ কোটি লোকে ভেকচিন ল’ব লাগে৷ সেয়ে যিসকলে এতিয়াও ভেকচিন লোৱা নাই, নিজৰ সুৰক্ষা আৰু নিৰাপদৰ বাবে অচিৰেই ভেকচিন ল’বলৈ তেওঁ আহ্বান জনায়৷