নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ফেৰীত দ্বৈত ইঞ্জিনযুক্ত কৰাৰ নির্দেশ উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ যাত্রীবাহী ফেৰী সেৱাৰ সুৰক্ষা ব্যৱস্থা সুনিশ্চিতকৰণৰ বাবে বিভিন্ন দিশত আলোচনা কৰিবলৈ বুধবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়৷ জিলা দুর্যোগ প্রশমন প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসৰ উপৰি এন ডি আৰ এফ, নদী আৰক্ষী বিভাগৰ বিষয়া আদি উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলাখনৰ আভ্যন্তৰীণ জল পৰিবহণৰ সুৰক্ষাৰ সুনিশ্চিতকৰণৰ ক্ষেত্রত সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ বিভাগটোক নির্দেশ দিয়ে৷

জল পৰিবহণৰ আৰম্ভণিতে ‘লাইফ জেকেট’ পৰিধান কৰিবলৈ ঘোষণা কৰি যাত্রীসকলে ‘লাইফ জেকেট’ পিন্ধাটো বাধ্যতামূলক কৰাৰ উপৰি সকলোবোৰ বিষয় তদাৰকৰ বাবে এজন দণ্ডাধীশ নিযুক্ত কৰা হ’ব বুলি জিলা উপায়ুক্তজনে সভাত ব্যক্ত কৰে৷ জলপৰী, আলফ্রেস্ক’ আদি ফেৰীৰ ক্ষেত্রতো ‘লাইফ জেকেট’ পিন্ধাটো বাধ্যতামূলক বুলি সভাত জানিবলৈ দি উপায়ুক্তগৰাকীয়ে জল পৰিবহণৰ সকলো নির্দেশাৱলী কার্যকৰী কৰাৰ বিষয়টো এন ডি আৰ এফ, নদী আৰক্ষী আৰু আভ্যন্তৰীণ জল পৰিবহণক যুটীয়াভাৱে নিৰীক্ষণ কৰিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ উপৰি ৭০ শতাংশ ৰাজসাহায্যৰে চৰকাৰৰ ‘জীৱন ডিঙা’ আঁচনিৰ অধীনত ছিংগল ইঞ্জিনযুক্ত ফেৰীসমূহক ডাবল ইঞ্জিনযুক্ত কৰাৰ ব্যৱস্থা গ্রহণ কৰিবৰ বাবে উপায়ুক্তগৰাকীয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক নির্দেশ দিয়ে৷

You might also like