নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মার্চৰ পৰা মেট্রিক হাইমাদ্রাছা পৰীক্ষা

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ক’ভিডৰ সংক্রমণ ৰাজ্যত বৃদ্ধি পোৱাৰ সময়তে শুকুৰবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) প্রকাশ কৰিছে মেট্রিক–হাইমাদ্রাছাৰ্ চূড়ান্ত পৰীক্ষাৰ সময়সূচী৷ সেই অনুসৰি অহা ১৫ মার্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব মেট্রিক আৰু হাইমাদ্রাছাৰ চূড়ান্ত পৰীক্ষা৷ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ দুটা শাখাত বিভিন্ন বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ অহা ৩১ মার্চলৈ অনুষ্ঠিত মেট্রিক পৰীক্ষা৷ আনহাতে, বিভিন্ন পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা অহা ৪ আৰু ৫ মার্চত অনুষ্ঠিত হ’ব৷ ছেবাই প্রকাশ কৰা সূচী অনুসৰি পুৱা ৯ বজাৰ পৰা ১২ বজালৈ গার্মেণ্ট ডিজাইন, মিউজিক, ডান্স আৰু কম্পিউটাৰ ছায়েন্সৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব৷

একেটা দিনতে বিয়লি ডেৰ বছৰ পৰা ৪.৩০ বজালৈ বয়ন আৰু বস্ত্র ডিজাইন, কমার্চৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ অহা ৫ মার্চত ফাইন আর্ট, ৰিটেইল ট্রেড এন এছ কিউ এফ, আইটি/আইটিইএছ এন এছ কিউ এফ, প্রাইভেট ছিকিউৰিটী এন এছ কিউ এফ, হেল্থ কেয়াৰ এন এছ কিউ এফ, এগ্রিকালচাৰ এণ্ড হর্টিকালচাৰ এন এছ কিউ এফ, টুৰিজিম এণ্ড হাস্পটেলিটী, বিউটি এণ্ড ৱেলনেছৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইদিনাই বিয়লি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ হোম ছায়েন্স আৰু উড ক্রাফ্টৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ছেবাই সদৰী কৰিছে৷ উল্লেখ্য যে ৰাজ্যৰ ১৫–১৮ বছৰ বয়সৰ লোকসকলক ইতিমধ্যে প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷

You might also like