নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীৰ শেষত ৰাজ্যত এদিনতে আক্রান্ত হ’ব পাৰে ১২ সহস্রাধিকঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ–মাৰাত্মক ভাইৰাছবিধৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ সংক্রমণ আৰম্ভ হৈছে৷ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ আৰু অমিক্রনৰ সংক্রমণে চলিত মাহৰ শেষত ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে৷ এনে আশংকা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা ২৭ ডিচেম্বৰৰ পৰা অসমত হঠাতে ক’ভিড–১৯ আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ১ জানুৱাৰীত আক্রান্ত লোকৰ সংখ্যা ১৫০জন আছিল যদিও কালি নিশা ই বৃদ্ধি হৈছে ৮৪৪জনলৈ৷ প্রতি দুদিনৰ মূৰে মূৰে আক্রান্তৰ সংখ্যা দুগুণ হৈছে৷ অসমত যথেষ্টসংখ্যক অমিক্রন কেচো আহিছে৷ কিন্তু নমুনা পৰীক্ষাৰ কাৰণে জিনম ছিকুয়েঞ্চিঙলৈ প্রেৰণ কৰিব লাগে৷ ফলাফল অহাত সময়ৰ প্রয়োজন হয় ৪–৫ দিন৷ তেতিয়ালৈ আক্রান্ত সুস্থ হৈ উঠাৰ বিপৰীতে এই সময়ছোৱাত সংক্রমণো ঘটে৷ সেয়েহে এতিয়া আমি প্রতিটো নতুন ক’ভিড পজিটিভক অমিক্রন ৰূপে সন্দেহ কৰিম৷ আজিৰ দিনটোলৈকে ৯জনৰ দেহত অমিক্রন ধৰা পৰিছে৷ অৱশ্যে ইতিমধ্যে সুস্থ হৈ উঠিছে তেওঁলোক৷ আমি হয়তো অহা ২০ জানুৱাৰীৰ পাছত ক’ভিডৰ দ্বিতীয় জোৱাৰৰ শীর্ষ পর্যায় পাম৷ যোৱাবাৰ দ্বিতীয় জোৱাৰত একেদিনাই সর্বাধিক ৬,৫৩৬জন লোক আক্রান্ত হৈছিল৷ এইবাৰ শীর্ষ পর্যায়ত আক্রান্তৰ সংখ্যা ইয়াতকৈও অধিক হ’ব পাৰে৷ জানুৱাৰীৰ শেষত আমি তৃতীয় জোৱাৰৰ শীর্ষ পর্যায় পাম৷ য’ত এদিনতে ১২ হাজাৰ বা তাতকৈও বেছি লোক আক্রান্ত হ’ব পাৰে৷ এই আশংকাৰ মূলতে নতুন ভেৰিয়েণ্ট অমিক্রন অত্যন্ত পাতল আৰু তৎক্ষণাত ই সংক্রমিত হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷

তেওঁৰ মতে, অমিক্রন প্রতিহত কৰাৰ কোনো ৰণকৌশল বর্তমানলৈকে সফল হোৱা নাই৷ এনে প্রেক্ষাপটত টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বেমাৰটো হ’লেও যাতে পানীলগা পর্যায়তে থাকি যায়, সেয়েহে আমি টিকাকৰণত যথেষ্ট গুৰুত্ব দিছোঁ৷ ৰাজ্যত বর্তমানলৈকে হোৱা টিকাকৰণৰ বিশদ তথ্যও তেওঁ দাঙি ধৰে৷ সেই অনুসৰি বর্তমান পর্যন্ত সামগ্রিকভাৱে প্রতিষেধকৰ ৩,৮৫,৪৩,৫৫৭টা ড’জ প্রদান কৰা হৈছে৷ ইয়াৰ ভিতৰত ২,২৩,৪১,০০০ প্রথম ড’জ৷ বাকী ১,৬২,০০০,০০ ড’জ হ’ল দ্বিতীয়৷ ৰাজ্যত ২.৩৭ কোটি লোকক টিকাকৰণৰ লক্ষ্য আছিল বুলি তেওঁ জানিবলৈ দিয়ে৷ ইয়াৰে ২০ লাখ ১৫–১৮ বছৰৰ হোৱাত বাকী ২.১৭ কোটিৰ ক্ষেত্রত পৰিসংখ্যা দাঙি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয় যে এই হিচাপত ৫৫ লাখ মানুহে ভেকচিনৰ দ্বিতীয় পালি লোৱা নাই৷ ৪২ লাখ মানুহৰ দ্বিতীয় ড’জ ভেকচিন লোৱাৰ সময় ইতিমধ্যে হৈ গৈছে৷ অহা ১৫ জানুৱাৰীৰ ভিতৰত সকলোৰে দ্বিতীয় ড’জ লোৱাৰ সময় হৈ যাব৷ মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰা অনুসৰি কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ কিছু লোকে প্রতিষেধক ল’ব বিচৰা নাই৷ বাকী জিলাসমূহৰ ক্ষেত্রত প্রায়সকল প্রাপ্তবয়স্কই প্রতিষেধক গ্রহণ কৰিছে৷ ইফালে অহা ১০ জানুৱাৰীৰ পৰা ৰাজ্যত তৃতীয় ড’জ প্রতিষেধক প্রদান প্রক্রিয়া আৰম্ভ হ’ব বুলি তেওঁ সদৰী কৰে৷ যিসকল লোকে বিগত বর্ষৰ ১০ এপ্রিলৰ পূর্বে দ্বিতীয় ড’জ লৈছিল, তেওঁলোকে তৃতীয় ড’জ প্রতিষেধক গ্রহণৰ বাবে যোগ্য হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জ্যেষ্ঠ নাগৰিকসকলক আমি তৃতীয় ড’জ ভেকচিন দিব বিচাৰিছোঁ৷ ক’ভিডৰ দ্বিতীয় জোৱাৰত প্রায় ৫,০৫৯জন লোকৰ মৃত্যু হৈছিল৷ এইবাৰ যাতে মৃত্যুৰ হাৰ আমি কমাব পাৰোঁ, তাৰ বাবে জ্যেষ্ঠ নাগৰিকসকলক তৃতীয় ড’জ দিব বিচাৰিছোঁ৷ লগতে ফ্রণ্ট লাইন ষ্টাফে অহা ১ ফেব্রুৱাৰীৰ আগতে তৃতীয় ড’জ ভেকচিন ল’ব লাগিব৷ ইয়াৰ অন্যথা তেওঁলোকে ফেব্রুৱাৰী মাহৰ পে’–শ্লীপ নাপাব৷ সম্প্রতি ৰাজ্য চৰকাৰৰ হাতত ৮০ লাখ ড’জ প্রতিষেধক মজুত আছে বুলিও তেওঁ জানিবলৈ দিয়ে৷

You might also like