২০২০ৰ জানুৱাৰীৰ পাছত কেন্দ্রৰে হোৱা নাই আলোচনাপন্থীৰ বৈঠক
২০২০ৰ জানুৱাৰীৰ পাছত কেন্দ্রৰে হোৱা নাই আলোচনাপন্থীৰ বৈঠক
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ শান্তি আলোচনাৰ প্রতি আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই দিয়া সঁহাৰিক কেন্দ্র কৰি চলি থকা চর্চাৰ মাজতে স্থবিৰ হৈ পৰিছে আলোচনাপন্থীৰে চলি থকা আলোচনা৷ কেন্দ্রীয় চৰকাৰে এই আলোচনাৰ প্রতি দেখুওৱা গুৰুত্বহীনতাক লৈ আজি আক্ষেপ প্রকাশ কৰিলে আলফা নেতা অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱাই৷ আলফাৰ নেতাদ্বয়ৰ মতে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ প্রচেষ্টা তথা শান্তি আলোচনাৰ বাবে মুখ্য সেনাধ্যক্ষগৰাকীৰ সদিচ্ছা যথেষ্ট আদৰণীয়৷ কিন্তু আলোচনাপন্থী আলফাৰে চলি থকা আলোচনাৰ অগ্রগতি কি? কেন্দ্রীয় চৰকাৰে এই আলোচনা আগুৱাই নিব নে নাই, এই বিষয়বোৰ এতিয়া স্পষ্ট কৰা প্রয়োজন৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাৰ আলোচনা যথেষ্ট ইতিবাচক দিশেৰে আগবাঢ়ি যোৱাই নহয়, ২০১১ চনত আৰম্ভ হোৱা প্রথমখন বৈঠকৰ পাছত ইতিমধ্যে ৬খনকৈ আলোচনা অনুষ্ঠিত হৈ গৈছে৷ এনে বৈঠকত আলোচনাপন্থী আলফাই উত্থাপন কৰা কেইবাটাও দাবীৰ প্রতি ইতিমধ্যে কেন্দ্রীয় চৰকাৰে সঁহাৰিও আগবঢ়াইছে৷ কিন্তু হঠাতে কেন্দ্রই এই আলোচনাক স্থবিৰ কৰি তোলা বিষয়টোৱে আলোচনাপন্থী আলফা নেতৃত্বক ক্ষুব্ধ কৰাই নহয়, মুকলিকৈ ইয়াৰ বিৰুদ্ধে বিষোদগাৰো প্রকাশ কৰিছে৷ আজি এটা গোচৰ সংক্রান্তত আদালতত হাজিৰ হোৱা আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া, সভাপতি অৰবিন্দ ৰাজখোৱা আৰু চিত্রবন হাজৰিকাই আলোচনাৰ প্রসংগত আক্ষেপ প্রকাশ কৰি কয়– ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা কেন্দ্রীয় চৰকাৰে আলোচনা সন্দর্ভত আমাৰ সৈতে কোনোধৰণৰ যোগাযোগ ৰখা নাই৷ গতিকে বিষয়টো সম্পূর্ণৰূপে স্থবিৰ হৈ আছে৷ আদালত প্রাসংগণতে সংবাদ মাধ্যমৰ আগত আলফা নেতা অনুপ চেতিয়াই কয়– কেন্দ্রীয় চৰকাৰ বা গৃহ মন্ত্রালয়ে নহয়, আলোচনাৰ মধ্যস্থতাকাৰীৰো কোনো যোগাযোগ নাই৷ আনকি আলোচনাৰ মধ্যস্থতাকাৰী এ বি মাথুৰৰ কার্যকাল ২০২০ চনৰ মার্চতে অন্ত পৰিছে৷ তাৰ পাছত তেওঁৰ কার্যকাল বৃদ্ধিও কৰা নাই অথবা নতুন মধ্যস্থতাকাৰী নিযুক্তিও দিয়া নাই কেন্দ্রীয় চৰকাৰে৷ গতিকে ২০২০ চনৰ পৰা দুটা বছৰ ভাৰত চৰকাৰে আলোচনাপন্থী আলফাক সমূলি আওকাণ কৰা বুলি আমাৰ ধাৰণা হৈছে
৷ মন কৰিবলগীয়া যে পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ পৰিৱেশ গঢ়ি উঠা বুলি শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰাৰ লগতে এই আলোচনা আৰম্ভ হোৱাৰ পূর্বে আলোচনাপন্থী আলফাৰে চলি থকা আলোচনা সম্পূর্ণ কৰাৰ প্রয়োজন বুলি মন্তব্য কৰিছিল৷ মুখ্যমন্ত্রীগৰাকীৰ এই মন্তব্যক উনুকিয়াই আজি অনুপ চেতিয়াই কয়– এক গুৰুত্বপূর্ণ বিষয় মুখ্যমন্ত্রীয়ে অৱতাৰণা কৰিছে৷ এইক্ষেত্রত আমি আলোচনাৰ প্রক্রিয়াটো অধিক আগুৱাই নিবৰ বাবে মুখ্যমন্ত্রীক বিশেষ উদ্যোগ ল’বলৈ আহ্বান জনাম৷ ইফালে পৰেশ বৰুৱাই শান্তি আলোচনাৰ প্রতি জনোৱা সঁহাৰি প্রসংগত অনুপ চেতিয়াই কয়– খিলঞ্জীয়া জনগণৰ স্বার্থত মুকলি আকাশৰ তললৈ আহক পৰেশ বৰুৱা৷ তেওঁ আলোচনাৰ বাবে আহিলে অসমবাসীৰ দৰে আমিও আদৰণি জনাম৷ আমাৰ সৈতে পৰেশ বৰুৱাৰ কোনো যোগাযোগ হোৱা নাই৷ আনহাতে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই এই সন্দর্ভত কয়– পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ বাবে যে এক যোগাযোগ চলি আছিল, কিছু পূর্বৰে পৰা আমি অৱগত আছিলোঁ৷ আমি বিষয়টোক লৈ সুখী, ইয়াক আদৰণি জনাম আমি৷