নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ নীতি–নিয়মৰ মাজেৰে খুলিল শ্বপিং মল–হোটেল–উপাসনা

৭৫ দিনৰ অন্তত উভতিল স্বাভাৱিক পৰিৱেশ

নিয়মীয়া বাৰ্তা ৯ জুনঃ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউনৰ পৰিপ্রেক্ষিতত বন্ধ হৈ থকা ৰাজ্যৰ ধর্মীয় স্থান–উপাসনাস্থলী, হোটেল–ৰেষ্টুৰেণ্ট আৰু শ্বপিং মলসমূহৰ দুৱাৰ সোমবাৰে মুকলি হ’ল৷ চৰকাৰ–প্রশাসনে বান্ধি দিয়া নীতি–নিয়মৰ মাজেৰে খোলা হৈছে ধর্মীয় স্থান–উপাসনাস্থলী, শ্বপিং মল আৰু হোটেল–ৰেষ্টুৰেণ্টসমূহত৷ ৭৫ দিনৰ মূৰত খোল খোৱা ধর্মীয় উপাসনাস্থলী, শ্বপিং মল অথবা হোটেল–ৰেষ্টুৰেণ্টত প্রৱেশ কৰা প্রতিজন দর্শনার্থী–গ্রাহকে চৰকাৰে বান্ধি দিয়া নিয়মসমূহ কঠোৰভাৱে পালন কৰাটো বাধ্যতামূলক কৰা হৈছে৷ সেই অনুসৰি গ্রাহক অথবা দর্শনার্থীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ সকলো স্থানতে মানি চলিব লাগিব সামাজিক দূৰত্বৰ নীতি৷ আনহাতে, ধর্মীয় স্থান–উপাসনাস্থলী, শ্বপিং মল আৰু হোটেল–ৰেষ্টুৰেণ্টসমূহত খোলাৰ পূর্বে কৰা হৈছে ছেনিটাইজেচন৷ সোমবাৰে পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তৰ ধর্মীয় স্থান–উপাসনাস্থলীস ভক্তৰ আগমন ঘটা পৰিলক্ষিত হয়৷ অৱশ্যে মহানগৰীৰ কামাখ্যা মন্দিৰ আৰু উমানন্দ দেৱালয় ভক্তপ্রাণ ৰাইজৰ বাবে বন্ধ ৰখা হৈছে৷ নিত্য পূজাৰ বাদে অহা ৩০ জুনলৈ দর্শনার্থীৰ বাবে উমানন্দ দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব৷ ইফালে ধর্মীয় স্থান–উপাসনাস্থলীত প্রৱেশৰ পূর্বে সকলো ব্যক্তিৰে নাম–ঠিকনা পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে৷ মন্দিৰত প্রৱেশৰ ক্ষেত্রত ভক্তসকলে সামাজিক দূৰত্ব মানি চলাৰ ওপৰত দিয়া হৈছে গুৰুত্ব৷ একেদৰে মন্দিৰৰ ভিতৰত পূজা-অৰ্চনা আগবঢ়োৱাৰ ক্ষেত্রতো কিছু নিয়মৰ সালসলনি কৰা হৈছে৷ মঠ–মন্দিৰসমূহত ভক্তই চুব নোৱাৰিব দেৱ–দেৱী, ভগৱানৰ মূর্তি৷ ভক্তসকলক পূজা–র্চনাৰ অন্তত ফোঁট দিয়া, পদজল, প্রসাদ আদিও প্রদান কৰা নহ’ব৷ বহুসংখ্যক ধর্মীয় স্থান–উপাসনাস্থলীত ভক্তৰ ভিৰ নিয়ন্ত্রণ কৰিবলৈ কুপনৰ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যৰ শিৱদৌল, মহাভৈৰৱ মন্দিৰ, আঠখেলীয়া নামঘৰ, টিলিঙা মন্দিৰ আদিকে ধৰি ঐতিহ্যমণ্ডিত ধর্মীয় স্থান–উপাসনাস্থলীস ভক্তৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ একেদৰে মছজিদসমূহত নামাজ আদায়কে ধৰি অন্যান্য ক্ষেত্রত ভক্তৰ বাবে নির্দিষ্ট নীতি–নিয়ম বান্ধি দিয়া হৈছে৷ হাজোৰ পোৱামক্কা দৰগাহত সামাজিক দূৰত্ব মানিহে ভক্তক সোমবাৰে প্রৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে৷ সমান্তৰালভাৱে শ্বপিং মলসমূহতো পুৱাৰে পৰা দেখা গ’ল ব্যস্ততা৷ মহানগৰীৰ শ্বপিং মলসমূহৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তত থকা শ্বপিং মলসমূহো মুকলি কৰা হৈছে গ্রাহকৰ বাবে৷ শ্বপিং মলসমূহত প্রৱেশৰ পূর্বে থার্মেল স্ক্রীনিঙৰ জৰিয়তেহে প্রতিজন গ্রাহক–কর্মচাৰীৰ শৰীৰৰ উত্তাপ জোখাৰ পাছতহে প্রৱেশৰ অনুমতি দিয়া হয়৷ শ্বপিং মলসমূহত গ্রাহক–কর্মচাৰীসক্ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ তদুপৰি গ্রাহকসকলে প্রৱেশ কৰাৰ ক্ষেত্রতো শ্বপিং মলসমূহত বান্ধি দিয়া হৈছে বিশেষ নীতি–নিয়ম৷ ভিৰ নিয়ন্ত্রণৰ বাবে মলসমূহত গ্রাহকৰ সংখ্যা সীমিত কৰা হৈছে৷ সমান্তৰালভাৱে ৰেষ্টুৰেণ্টসমূহতো গ্রাহকৰ ভিৰ নিয়ন্ত্রণ কৰিব লাগিব৷ পূর্বে ৰেষ্টুৰেণ্টসমূহৰ পৰা খাদ্য ঘৰলৈ নিয়াৰ বাবে অনুমতি প্রদান কৰা হৈছিল৷ কিন্তু সোমবাৰে পৰা গ্রাহকসকলে হোটেল–ৰেষ্টুৰেণ্টসমূহত বহি গ্রহণ কৰিব পাৰিব খাদ্য৷ কিন্তু একে সময়তে হোটেল–ৰেষ্টুৰেণ্টসমূহত মুঠ সক্ষমতাৰ ৫০ শতাংশ গ্রাহকৰ উপস্থিতিহে নির্ধাৰণ কৰি দিয়া হৈছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি যোৱা ২৪ মার্চৰ মাজনিশাৰ পৰা দেশজুৰি লকডাউন ঘোষণা কৰা হৈছিল৷ তেতিয়াৰ পৰাই শ্বপিং মল, ধর্মীয় উপাসনাস্থলীসমূহ বন্ধ কৰি ৰখা হৈছিল৷ যোৱা ১ জুনৰ পৰা কার্যকৰী হোৱা লকডাউন ৫.০ৰ সময়ত কিছু ক্ষেত্রত শিথিলতা প্রদান কৰা হয়৷ ‘আনলক ১.০’ৰ জৰিয়তে সোমবাৰৰ পৰা শ্বপিং মল, ধর্মীয় উপাসনাস্থলী, হোটেল–ৰেষ্টুৰেণ্টসম্ মুকলি কৰিবলৈ চৰকাৰে অনুমতি প্রদান কৰিছিল৷

You might also like