নৈশ সান্ধ্য আইনৰ পৰা ষ্ট্রং ৰুমৰ পহৰাত থকাসকলক ৰেহাই দিয়ক
নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ অসমত ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে ৰাজ্য চৰকাৰে আজিৰে পৰা কার্যকৰী হোৱাকৈ অহা ১ মে’লৈ জাৰি কৰা নৈশ সান্ধ্য আইন সন্দর্ভত প্রশ্ণ উত্থাপন কৰিছে অসম প্রদেশ কংগ্রেছ কমিটী আৰু চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটীয়ে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ক’ৰোনা মহামাৰীসৃষ্ট পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ ইয়াত আমি বিৰোধিতা নকৰিলেও সমগ্র বিষয়টোৰ ওপৰত কিছু সন্দেহ প্রকাশ কৰিছোঁ আৰু ৰাজ্য চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ৷ ভোটগণনাৰ বাবে মাজত মাত্র চাৰি দিন থকাৰ সময়ত সমগ্র বিষয়টো ৰাইজে সহজভাৱে ল’ব পৰা নাই৷ কাৰণ কথাতে কোৱা হয় যে হাতীৰ দেখুওৱা দাঁত এটা আৰু ভিতৰত থকা দাঁত এটা৷ গতিকে সন্দেহ ঘনীভূত হোৱাটো স্বাভাৱিক৷ এই প্রসংগত প্রদেশ কংগ্রেছৰ সভাপতিজনে প্রশ্ণ উত্থাপন কৰি পুনৰ কয় যে চৰকাৰে ইতিমধ্যে ক’ৰোনাৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সন্ধিয়া ৬ বজাৰ পৰা ৰাজ্যখনৰ সকলো দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান আদি বন্ধ কৰিবলৈ ইতিমধ্যে নির্দেশনা দিছিল আৰু জনসাধাৰণেও ব্যাপক সঁহাৰি জনাই এক সান্ধ্য আইনসদৃশ পৰিস্থিতি সৃষ্টি কৰিছে বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷
তদুপৰি ক’ৰোনা সংক্রমণৰ প্রতি শংকিত হৈ জনগণে এইবাৰ পূর্বতকৈ অধিক সতর্ক হৈ ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে৷ গতিকে পুনৰ নিশা ৮ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰাৰ যুক্তি ক’ত৷ দ্বিতীয়তে আজিৰ পৰা ১ মে’লৈকে অর্থাৎ ভোটগণনাৰ আগদিনালৈকে মাথোঁ চাৰি দিনৰ বাবে নৈশ সান্ধ্য আইন জাৰি কৰিলে ৰাজ্যত ক’ৰোনাৰ সংক্রমণ ৰোধ হ’ব নেকি? আজি ৰাজ্য চৰকাৰে জাৰি কৰা নির্দেশনাত সান্ধ্য আইনৰ সময়ছোৱাত এইবাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা কোনো ৰাজ্যনৈতিক দলৰ প্রার্থী, তেওঁলোকৰ নির্বাচনী এজেণ্ট আৰু ষ্ট্রং ৰুমৰ পহৰাৰ দায়িত্বত থকা ৰাজনৈতিক দলৰ কর্মীসকলৰ বাবে ৰেহাইৰ ব্যৱস্থা নাই৷ ভোটগণনাৰ বাবে মাথোঁ চাৰি দিন থকাৰ সময়ত বিষয়টো অতি স্পর্শকাতৰ আৰু চিন্তনীয়৷ সেয়েহে প্রদেশ কংগ্রেছৰ তৰফৰ পৰা প্রতিদ্বন্দ্বিতা কৰা সকলো প্রার্থী, তেওঁলোকৰ নির্বাচন এজেণ্ট আৰু ষ্ট্রং ৰুমৰ পহৰাৰ দায়িত্বত থকা ৰাজনৈতিক দলৰ কর্মীসকলক সান্ধ্য আইনৰ নীতি–নির্দেশনাৰ আওতাৰ পৰা ৰেহাই দিবলৈ দাবী জনাই অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ এখন পত্র প্রেৰণ কৰা বুলি সভাপতি বৰাই জানিবলৈ দিয়ে৷
ইফালে চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক দেৱেন ভট্টাচার্যই কয় যে ক’ভিড–১৯ৰ দ্রুত সংক্রমণলৈ চাই সতর্কমূলক পদক্ষেপ গ্রহণৰ নিশ্চয় প্রয়োজন আছে৷ কিন্তু মাত্র পাঁচ দিনৰ বাবে এনে সান্ধ্য আইনে পৰিস্থিতি কিমান উন্নত কৰিব, সেই সম্পর্কে স্বাভাৱিকতে সংশয়ৰ উদ্রেক হয়৷ হঠাতে এইদৰে পাঁচ দিনৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ যুক্তিযুক্ততা সম্পর্কে জনসাধাৰণে পতিয়ন যাব পৰাকৈ চৰকাৰে ব্যাখ্যা আগবঢ়োৱা উচিত৷ ষ্ট্রং ৰুমত পহৰা দি থকা বিভিন্ন ৰাজনৈতিক দল তথা প্রার্থীৰ কর্মীসকলক সান্ধ্য আইনৰ পৰা ৰেহাই নিদিয়াটো আশ্চর্যজনক বুলি তেওঁ মন্তব্য কৰে৷ লগতে ষ্ট্রং ৰুমত দায়িত্ব পালন কৰি থকা দলীয় কর্মীসকলে যাতে সান্ধ্য আইনৰ মাজতো প্রয়োজন অনুসৰি কোনো বাধা নোপোৱাকৈ আহ–যাহ কৰিব পাৰে, তাৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটীয়ে দাবী জনাইছে৷