নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা আইটিআইৰ প্রমাণ-পত্র হ’ব মেট্রিকৰ সমকক্ষ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ ফেব্ৰুৱাৰীঃ পৰম্পৰাগত শিক্ষা ব্যৱস্থাত দক্ষতা বিকাশৰ যি অন্তৰায়, তাক আঁতৰাবলৈ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱর্তনৰ আৱশ্যক৷ এডভাণ্টেজ আছাম ২.০ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এনে আমূল পৰিৱর্তনৰ পোষকতা কৰাৰ পিছতেই পাঠ্যক্রমত ব্যাপক সালসলনিৰ বাবে শিক্ষা বিভাগে চলোৱা প্রস্তুতিৰ কথা ঘোষণা কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ লখিমপুৰত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রীগৰাকীৰ মন্তব্য– অত্যাধুনিক প্রযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ পৃথিৱীত ফেৰ মাৰিব পৰাকৈ আমাক দক্ষতাসম্পন্ন শিক্ষার্থীৰ প্রয়োজন৷ উল্লেখ্য যে ছিংগাপুৰ আইআইটিৰ সৈতে ৰাজ্য চৰকাৰে কৰা বুজাবুজিৰ চুক্তিৰ সময়তে মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে দক্ষতাসম্পন্ন যুৱক–যুৱতীক সাজু কৰাৰ বাবে ব্যৱস্থা গ্রহণৰ কথা উল্লেখ কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই এই চিন্তা আগত লৈয়েই আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে এতিয়াৰে পৰা আইটিআইৰ প্রমাণ–পত্র হ’ব মেট্রিকৰ সমকক্ষ৷ ৰাজ্যত ৪৩খন আইটিআই আছে৷ কিন্তু এই আইটিআইৰ প্রমাণ–পত্রখন আছিল অন্তিম শিক্ষাগত অর্হতা৷ অর্থাৎ এই প্রমাণ–পত্রৰে আগলৈ কোনোধৰণৰ উচ্চ শিক্ষাত নামভর্তি কৰিব নোৱাৰে৷ কিন্তু ৰাজ্য চৰকাৰে এতিয়া এক ব্যৱস্থা গ্রহণ কৰিব বিচাৰিছে যে আইটিআইৰ প্রমাণ–পত্রখনদশ্ শ্রেণী উত্তীর্ণৰ সমকক্ষ হ’ব৷ এই প্রমাণ–পত্রখনৰ দ্বাৰা একোগৰাকী প্রার্থীয়ে একাদশ শ্রেণীত নামভর্তিৰ সুযোগ লাভ কৰিব৷ একেদৰে পলিটেকনিক উত্তীর্ণ শিক্ষার্থীয়েও দিব পাৰিব জইণ্ট এণ্ড্রেঞ্চ এগজামিনেচন, চমুকৈ জেইই৷ পলিটেকনিকৰ প্রমাণ–পত্রৰে একোগৰাকী প্রার্থীয়ে অভিযান্ত্রিক ডিগ্রীও লাভ কৰিব পাৰিব৷ শিক্ষামন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয় যে পলিটেকনিকৰ পাঠ্যক্রমৰ ক্ষেত্রতো যথেষ্ট প্রতিবন্ধকতা আছিল৷ কিন্তু শিক্ষা বিভাগে এতিয়া সিদ্ধান্ত গ্রহণ কৰিছে যে পলিটেকনিক উত্তীর্ণ শিক্ষার্থী এজনক দ্বাদশ শ্রেণী উত্তীর্ণৰ সমকক্ষ কৰিব বিচৰা হৈছে৷ ইয়াৰ ফলত এই শিক্ষার্থীগৰাকীয়ে জেইই পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷ সমান্তৰালভাৱে প্রার্থীগৰাকীয়ে অভিযান্ত্রিক পাঠ্যক্রমতো নাম অন্তর্ভুক্ত কৰিব পাৰিব৷ শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে সলনি কৰিব খোজা পাঠ্যক্রমৰ এনে ব্যৱস্থাৰ লগতে শিক্ষককো প্রযুক্তিৰ প্রশিক্ষণ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এই লক্ষ্যৰে ইলেক্ট্র’নিকছৰ ১১টা বিষয়ক পাঠ্যক্রমত অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ বাবে টাটাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ ইলেক্ট্র’নিকছ পাঠ্যক্রমৰ অন্তর্ভুক্তিৰ ফলত বিদ্যালয় পর্যায়তে শিক্ষার্থীসকলে যথেষ্ট জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব আৰু পৰৱর্তী পর্যায়ত বৃত্তিমূলক পাঠ্যক্রমত তেওঁলোকৰ বাবে যথেষ্ট সহায়ক হ’ব৷ এইক্ষেত্রত শিক্ষকসকলক প্রশিক্ষণ দিয়াৰ সম্পর্কত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে প্রথম তিনি বছৰৰ বাবে প্রশিক্ষক টাটাই যোগান ধৰিব৷ এই তিনি বছৰৰ ভিতৰতে প্রশিক্ষকসকলে ৰাজ্যৰ শিক্ষকসকলক ইলেক্ট্র’নিকছ পাঠ্যক্রমৰ বাবে প্রশিক্ষিত কৰি তুলিব৷ অৱশ্যে এইক্ষেত্রত টাটাক ৫ বছৰৰ বাবে প্রশিক্ষণ দিয়াৰ বাবেও অনুৰোধ জনোৱা হৈছে৷ উল্লেখ্য যে এডভাণ্টেজ আছাম ২.০ত শিক্ষা বিভাগে নেচনেল ষ্টক এক্সচেঞ্জৰ সৈতেও বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ ইয়াৰ জৰিয়তে বিত্তীয় স্বাক্ষৰতাৰ ক্ষেত্রত গুৰুত্ব দিব চৰকাৰে৷ শিক্ষামন্ত্রীগৰাকীয়ে এই সন্দর্ভত প্রকাশ কৰা মতে, ষ্টক এক্সচেঞ্জৰ ব্র’কাৰ হিচাপে বহু লোক সংস্থাপিত হৈ আছে৷ ইয়াৰ দ্বাৰা যথেষ্ট আয়ো কৰে তেওঁলোকে৷ ব্র’কাৰ কিধৰণে তৈয়াৰ হ’ব পাৰি, সেই সন্দর্ভত পাঠ্যক্রমৰ প্রয়োজন৷ ফাইনেঞ্চিয়েল লিটাৰেচী, বেংক লিটাৰেচী কি এই সন্দর্ভত কিধৰণৰ দক্ষতাৰ প্রয়োজন সেই বিষয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলক জ্ঞান দিব পৰা যায় তাৰ বাবে নেচনেল ষ্টক এক্সচেঞ্জৰ সৈতে বুজাবুজিৰ চুক্তি সম্পাদিত হৈছে৷ শিক্ষামন্ত্রীগৰাকীয়ে এনেবোৰ পাঠ্যক্রমৰ জৰিয়তে আগন্তুক সময়ছোৱাত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ যথেষ্ট পৰিৱর্তন হ’ব বুলিও আশা প্রকাশ কৰে৷

You might also like