কামাখ্যা দেৱালয় অসম আজিৰে পৰা অম্বুবাচীঃ পুৱা ৭.৫৩.১৫ বজাত প্রবৃত্তি-২৫ জুনৰ নিশা ৮.১৬.৫৫ বজাত নিবৃত্তি By নিয়মীয়া বাৰ্তা On Jun 22, 2020 Share নিয়মীয়া বাৰ্তা, ২২ জুন: পৰম্পৰা ৰক্ষা কৰি প্রতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মহোৎসৱ পালন কৰা হ’ব৷ ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মহোৎসৱ পালন কৰা হ’ব৷ আজি পুৱা ৭.৫৩.১৫ বজাত প্রবৃত্তি আৰু ২৫ জুনৰ নিশা ৮.১৬.৫৫ বজাত নিবৃত্তিৰ সময়৷ বিশ্বজুৰি মহামাৰী ৰূপ লোৱা ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেৱল ধর্মীয় ৰীতি–নীতিখিনিহে পালন কৰি এইবাৰ অম্বুবাচী উদযাপন কৰা হ’ব৷ প্রতিবছৰে লাখ লাখ ভক্তৰ সমাগম ঘটা অম্বুবাচী মেলা ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বৃহত্তৰ খাতিৰত কামাখ্যা দেৱালয় কতৃপক্ষই অম্বুবাচীৰ সময়ত ভক্তসকলক কামাখ্যাত উপস্থিত নহ’বলৈ বিনম্রভাৱে অনুৰোধ জনাইছে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি লকডাউন ঘোষণাৰ পূর্বেই ২০ মার্চৰ পৰা কামাখ্যা দেৱালয়ৰ দুৱাৰ দর্শনার্থীৰ বাবে বন্ধ কৰি ৰখা হৈছে৷ লকডাউনত শিথিলতা আনি চৰকাৰে ৮ জুনৰ পৰা চর্ত সাপেক্ষে ধর্মীয় অনুষ্ঠান, মঠ–মন্দিৰসমূহ খোলাৰ নির্দেশ জাৰি কৰিছে যদিও কামাখ্যা দেৱালয় কর্তৃপক্ষই ৩০ জুনলৈকে দর্শনার্থীৰ বাবে কামাখ্যাৰ দুৱাৰ বন্ধ ৰাখিছে৷ পৰৱর্তী সময়ত পৰিস্থিতি সাপেক্ষে কামাখ্যা দেৱালয়ৰ দুৱাৰ দর্শনার্থীৰ বাবে খোলাৰ সিদ্ধান্ত গ্রহণ কৰিব কামাখ্যা দেৱালয় কর্তৃপক্ষই৷ Featured Share