নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড কাল ব্যতিক্রম ৰূপত আজিৰে পৰা বিধানসভা অধিৱেশন

৫০ শতাংশ জনপ্রতিনিধিৰ উপস্থিতিৰে চলিব সদন

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ  ক’ভিডজনিত পৰিস্থিতিৰ মাজতে কাইলৈৰ পৰা চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশন৷ সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি সম্পূর্ণ ব্যতিক্রমী ৰূপত আয়োজন কৰা হৈছে বিধানসভাৰ এই অধিৱেশনখন৷ এইবাৰৰ অধিৱেশনত সদনত ৫০ শতাংশ জনপ্রতিনিধিহে উপস্থিত থাকিব৷ ক’ৰোনাজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত পোনপ্রথমবাৰৰ বাবে বিধানসভা কর্তৃপক্ষই এই ব্যৱস্থা গ্রহণ কৰিছে৷ সদনৰ প্রশ্ণোত্তৰ কালত প্রশ্ণ নথকা আৰু অন্যান্য কার্যক্রমণিকাৰ ক্ষেত্রত অংশগ্রহণ নকৰা বিধায়কে সেই সময়ছোৱাত সদনৰ ভিতৰত উপস্থিত থাকিব নোৱাৰিব৷ একেদৰে সদনত উত্তৰ দিয়াৰ বিষয় থকা মন্ত্রীসকলেহে সদনৰ ভিতৰত উপস্থিত থাকিব পাৰিব৷ আন সময়ত তেওঁলোক অসম বিধানসভা চৌহদত থকা নিজ চেম্বাৰত বহি থাকিব লাগিব৷ তদুপৰি সদনৰ ভিতৰত মন্ত্রী–বিধায়কসকল্ বাবে নির্ধাৰিত দুজনীয়া আসনত এইবাৰ দুজন মন্ত্রী–বিধায়কৰ পৰিৱর্তে এজনৰহে বহাৰ ব্যৱস্থা কৰা হৈছে৷ এই অধিৱেশনত কোনো দর্শকৰ অনুমতি প্রদান কৰা হোৱা নাই৷ বিষয়াসকলৰ উপস্থিতিও সীমিত আৰু নিয়ন্ত্রিত কৰা হৈছে৷ একেই ব্যৱস্থা গ্রহণ কৰা হৈছে সাংবাদিকৰ ক্ষেত্রতো৷ ইতিমধ্যে সদনৰ ভিতৰে–বাহিৰে সমগ্র বিধানসভা চৌহদ ছেনিটাইজ কৰা হৈছে৷ বিধানসভাত অংশগ্রহণ কৰিবলগীয়া প্রতিগৰাকী মন্ত্রী–বিধায়ক, বিষয়া–কর্মচাৰী–সাং ক’ভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে৷ বিগত দুটা দিনৰ দৰে আজিও বিধানসভা চৌহদত ক’ভিড টেষ্ট অব্যাহত থাকে৷ আজিৰ দিনটোত পুনৰ চাৰিগৰাকী বিধায়কৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰে৷ তেওঁলোক হৈছে– লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা, নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল, হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ আৰু ধুবুৰীৰ বিধায়ক নজৰুল হক৷ ইয়াৰ লগে লগে এতিয়ালৈ ক’ভিডত আক্রান্ত বিধায়কৰ সংখ্যা ৩০গৰাকীলৈ বৃদ্ধি পালে৷ মন কৰিবলগীয়া এয়ে যে এইবাৰৰ অধিৱেশনত মুঠ ১১খন বিধেয়ক উত্থাপন হ’ব৷ বিধেয়কসমূহ হৈছে– ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ ‘দ্য মৰাণ অট’নমাছ কাউন্সিল বিল–২০২০’, ‘দ্য মটক অট’নমাছ কাউন্সিল বিল–২০২০,’ ‘দ্য কমতাপুৰ অট’নমাছ কাউন্সিল বিল–২০২০’, নগৰ উন্নয়ন বিভাগৰ ‘দ্য আসাম মিউনিচিপাল (এমেণ্ডমেণ্ট) বিল–২০২০’, উচ্চ শিক্ষা বিভাগৰ ‘দ্য আসাম কলেজ এমপ্লইজ (প্রভিন্সিয়েলাইজেচন) (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য বীৰাংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় বিল–২০২০’, কৃষি বিভাগৰ ‘দ্য আসাম এগ্রিকালচাৰেল প্রডিউছ এণ্ড লাইভষ্টক মার্কেটিং (প্রমোচন এণ্ড ফেচিলিয়েচন) বিল–২০২০’, শ্রমিক কল্যাণ বিভাগৰ ‘দ্য ফেক্টৰীজ (আসাম এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য কনট্রেক্ট লেবাৰ (ৰেগুলাইজেচন এণ্ড এবলিচন) (আসাম এমেণ্ডমেণ্ট) বিল–২০২০’ আৰু পৰিবহণ বিভাগৰ ‘দ্য আসাম মটৰ ভেহিক’ল টেক্সেচন (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য আসাম ইনলেণ্ড ৱাটাৰ ট্রেন্সপ’ট ৰেগুলেটৰী অথৰিটী (এমেণ্ডমেণ্ট) বিল–২০২০’৷
ভাগে ভাগে বহিল বিধায়িনী বৈঠকঃ সদনত একেলগে যুঁজিব কংগ্রেছ–এআইইউডিএফে,
বিৰোধীক যোগ্য প্রত্যুত্তৰ দিয়াৰ বাবে ৰণনীতি চৰকাৰৰ
কাইলৈৰ পৰা চাৰিদিনীয়া কার্যসূচীৰে চলিবলগীয়া বিধানসভাৰ বর্ষাকালীন অধিৱেশনৰ পৰিপ্রেক্ষিতত আজি ভাগে ভাগে অনুষ্ঠিত হয় প্রতিটো বিধায়িনী দলৰ বৈঠক৷ আজি দিনৰ ভাগত মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়৷ সামাজিক দূৰত্ব মানি ৫০ শতাংশ জনপ্রতিনিধিৰ উপস্থিতিত চলিবলগীয়া এই অধিৱেশনত বিভিন্ন ইছ্যুক লৈ বিৰোধীয়ে উত্থাপন কৰা প্রতিটো প্রশ্ণ আৰু প্রসংগৰ ক্ষেত্রত শাসক পক্ষৰ তৰফৰ পৰা কেনেদৰে প্রত্যুত্তৰ দিব, সেই সম্পর্কত বিস্তৃত ৰণকৌশল প্রস্তুত কৰে৷ সেইদৰে সন্ধিয়াৰ ভাগত বিধানসভাৰ কংগ্রেছ বিধায়িনী দলৰ কার্যালয়কক্ষত কংগ্রেছ আৰু এআইইউডিএফৰ বিধায়িনী বৈঠক অনুষ্ঠিত হয়৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত এআইইউডিএফৰ তৰফৰ পৰা বিধায়ক আমিনুল ইছলাম আৰু মামুন ইমদাদুল হক চৌধুৰী উপস্থিত থাকে৷ বৈঠকখনত দুয়োটা দলে সদনৰ মজিয়াত উমৈহতীয়া ইছ্যুসমূহৰ ক্ষেত্রত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ ৰণনীতি প্রস্তুত কৰে

You might also like