নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অসমত ভেকচিন

প্রথম পর্যায়ত ১ লাখ ৯ হাজাৰ স্বাস্থ্যকর্মীক প্রদান কৰা হ’ব ক’ভিডৰ প্রতিষেধক

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ আমেৰিকাৰ লগতে পশ্চিমীয়া দেশসমূহত ক’ভিড–১৯–এ সংহাৰী ৰূপ লৈ থকাৰ সময়তে সমগ্র অসমবাসীলৈ সুখবৰ কঢ়িয়াই আজি প্রদান কৰা হ’ব ক’ৰোনাৰ ভেকচিন৷ ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তোলা ৰাজ্যৰ  এই কথা ঘোষণা কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এখন সংবাদ মেলত মন্ত্রীগৰাকীয়ে কয় যে ক’ৰোনাৰ টিকাকৰণে ৩৩খন জিলাৰ ৯০ লাখৰ পৰা এক কোটি লোকক সামৰি ল’ব৷ ক’ৰোনা ভেকচিন অসমত ২.৯ লাখগৰাকী স্বাস্থ্যকর্মী তথা ক’ৰোনা যোদ্ধৰ প্রথম শাৰীত নাম পঞ্জীয়ন কৰা হৈছে৷ প্রথম পর্যায়ত ১.৯ লাখ লোকক ভেকচিন প্রদানৰ পাছত পর্যায়ক্রমে আন লোকসকলকো এই ভেকচিন প্রদান কৰা হ’ব৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে অসমলৈ প্রেৰণ কৰা ভেকচিনেৰে প্রথম আৰু দ্বিতীয় পর্যায়ৰ লোকক সামৰি লোৱাৰ পাছত তৃতীয় পর্যায়ত ৫০ বছৰৰ ঊর্ধ্বৰ প্রতিগৰাকী ব্যক্তিক দিব লগা এই টিকা বিনামূলীয়া হ’ব নে ৰাজ্য চৰকাৰে ইয়াৰ এক অংশৰ ধন ব্যয় কৰিব লাগিব, সেয়া এতিয়াও চূড়ান্ত হোৱা নাই৷ অৱশ্যে যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰ সাজু৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমগ্র দেশবাসীক দিয়া এই শ্রেষ্ঠ উপহাৰ সকলো পর্যায়ৰ লোকে যাতে লাভ কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে প্রচেষ্টা অব্যাহত ৰাখিছে৷ আনকি ইয়াৰ বাবদ ব্যয় হ’ব লগা ধন ইতিমধ্যে গঠন কৰা আৰোগ্য নিধিৰ পৰাও প্রদান কৰাৰ বাবে সাজু হৈ আছে ৰাজ্য চৰকাৰ৷

উল্লেখ্য যে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যমন্ত্রী ড০ শর্মাই টিকাকৰণৰ শুভাৰম্ভ কৰাৰ বিপৰীতে ডিব্রুগড় চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিব এই টিকাকৰণ অনুষ্ঠান৷ ৰাজ্যৰ ৩৩খন জিলাৰ ৭খন চিকিৎসা মহাবিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু অসামৰিক জিলা চিকিৎসালয়কে ধৰি মুঠ ৬৫টা কেন্দ্রত এই ভেকচিন প্রদানৰ কার্যসূচী কাইলৈ শুভাৰম্ভ হ’ব৷ ইফালে স্বাস্থ্যমন্ত্রীগৰাকীয়্  জানিবলৈ দিয়ে যে ক’ৰোনাৰ সংক্রমণ ৰাজ্যত ক্রমাৎ হ্রাস পাইছে যদিও এতিয়াও বিভিন্ন চিকিৎসালয়ত শুকুৰবাৰৰ দিনটোত ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ১,৬৫৬গৰাকী ব্যক্তি৷ অৱশ্যে ক’ৰোনামুক্ত হোৱা লোকৰ সংখ্যা ক্রমাৎ বৃদ্ধি হোৱাত এই দিশত যথেষ্ট শংকামুক্ত হৈছে স্বাস্থ্য বিভাগ৷ ক’ৰোনামুক্ত হোৱা লোকৰ হাৰ হ’ল ৯৮.১০ শতাংশ৷ মন্ত্রীগৰাকীয়ে কয়– যোৱা ৩১ ডিচেম্বৰৰ পৰা ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা ৫০জনৰ তলত আছে৷ এইটো ঠিক যে ৰাজ্যত স্বাভাৱিক জীৱনযাত্রা চলি থকাৰ পাছতো সামাজিক স্তৰত ক’ৰোনাৰ সংক্রমণ অব্যাহত আছে৷ অৱশ্যে পশ্চিমীয়া দেশত নতুনকৈ দেখা দিয়া মিউটেটে অসমক আক্রান্ত কৰিব পৰা নাই৷ ইংলেণ্ডৰ পৰা অহা যিসকল লোকক স্বাস্থ্য বিভাগে পর্যবেক্ষণত ৰাখিছিল, সেইসকল লোকৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰা নাই৷ কেন্দ্রীয় চৰকাৰে কাইলৈৰ পৰা আৰম্ভ কৰিবলগীয়া ক’ৰোনাৰ টিকাকৰণক ৰাজ্য চৰকাৰে আদৰণি জনাই অসমত যাতে এই প্রক্রিয়া সুচলভাৱে আৰম্ভ হয়, তাৰ পূর্ণ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷

You might also like