আজিৰে পৰা অনির্দিষ্টকাললৈ বন্ধ যাত্রীবাহী বাহনৰ চলাচল
নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ ৰোড টেক্স ৰেহাই, ভাৰা বৃদ্ধি আদি বিভিন্ন দাবীৰ সমর্থনত আজিৰে পৰা অনির্দিষ্টকালীন চকাবন্ধ কার্যসূচীৰ আহ্বান জনাইছে সদৌ অসম মটৰ পৰিবহণ সন্থাই৷ এই সময়ছোৱাত ৰাজ্যত যাত্রীবাহী বাহনসমূহৰ চলাচল সম্পূর্ণৰূপে বন্ধ ৰখাৰ আহ্বান জনাইছে সন্থাটোৱে৷ এই কথা সদৰী কৰিছে পৰিবহণ সন্থাৰ সচিবপ্রধান প্রদীপ দাসে৷ তেওঁ কয় যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বিগত প্রায় ৬ মাহ ধৰি যাত্রীবাহী বাহনসমূহৰ চলাচল প্রায় বন্ধ হৈ আছে৷ এই সময়ছোৱাত ৰোড টেক্স ৰেহাই দিবলৈ আহ্বান জনাই অহা হৈছে যদিও চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ আনহাতে, ভাৰা বৃদ্ধিৰ প্রসংগত তেওঁ কয়– ‘ক’ভিড প্রট’কল মানি যাত্রীবাহী বাহনসমূহৰ চলাচল কৰিবলৈ অনুমতি প্রদান কৰা হৈছে৷ কেৱল ৫০ শতাংশ যাত্রীৰে বাহনসমূহ চলিবলৈ চৰকাৰে অনুমতি দিছে৷ কিন্তু ইয়াৰ ফলত অধিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল৷ সেয়েহে ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ ক্ষেত্রত ভাৰা বর্ধিত হাৰত আদায় কৰিবলৈ অনুমতি প্রদান কৰাৰ বাবে আমি দাবী উত্থাপন কৰি আহিছোঁ৷’
উল্লেখ্য যে দীর্ঘদিন ধৰি পৰিবহণ সন্থাই এই দাবীসমূহ পূৰণৰ বাবে চৰকাৰক আহ্বান জনাই আহিছে৷ বিশেষকৈ ক’ভিড প্রট’কল অব্যাহত থকা সময়ছোৱাত দুগুণ ভাৰা বৃদ্ধি কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰি আহিছে৷ সমান্তৰালভাৱে টোলগেটত কৰ সংগ্রহ, ইন্ধনৰ ঊর্ধ্বমুখী মূল্য আদিৰ বাবেও পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল লোকচানৰ সন্মুখীন হৈ আহিছে বুলি সন্থাই প্রকাশ কৰি আহিছে৷ ইপিনে, পৰিবহণ সন্থাৰ সচিব প্রধান দাসে সদৰী কৰা অনুসৰি বিভাগীয়ভাৱে অহা ৬ অক্টোবৰত আলোচনাৰ বাবে তেওঁলোকক আমন্ত্রণ জনোৱা হৈছে৷ অৱশ্যে এইক্ষেত্রত কেৱল প্রতিশ্রুতি দিলেই এই ধর্মঘট প্রত্যাহাৰ কৰা নহ’ব বুলি তেওঁ সদৰী কৰে৷ ইয়াৰ বিপৰীতে চৰকাৰে কার্যকৰী ব্যৱস্থা গ্রহণ কৰিলেহে এই অনির্দিষ্টকালীন চকাবন্ধ কার্যসূচী প্রত্যাহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে দাসে৷
ৰাজ্যিক পৰিবহণ নিগমৰ পদক্ষেপ
সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনির্দিষ্টকালীন ধর্মঘটৰ প্রতি লক্ষ্য ৰাখি বিশেষ পদক্ষেপ গ্রহণ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমে (এ এছ টি চি)৷ আজিৰে পৰা যাত্রীৰ সুবিধাৰ বাবে সমগ্র ৰাজ্যত ৬০০খন বাছ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে নিগমে৷ একে সময়তে মহানগৰীত নিগমে চলাব ২৫০খন বাছ৷