🔹 জালুকবাৰীৰ বংশৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
🔹 বংশৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : ছাত্ৰ-ছাত্ৰীসকলে দায়িত্ববোধৰে অধ্যয়নত ব্ৰতী হৈ জীৱনটো গঢ় দিব লাগিব ৷ হতাশাক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে ৷ কিয়নো হতাশা আমাৰ শত্ৰু আৰু আশা আমাৰ পৰম বন্ধু ৷ আশাতীতভাৱে আমি শিক্ষা জীৱনটো সদায় আগুৱাই নিব লাগিব ৷ যাতে কোনো কাৰণতে লক্ষ্যভ্ৰষ্ট বা পথচ্যুত নহয় ৷- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি জালুকবাৰী সমষ্টিৰ বংশৰ মিনি ষ্টেডিয়ামত দিনৰ ১২ বজাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বংশৰ ষ্টেডিয়ামৰ আধাৰশিলা স্হাপন কাৰ্যসূচীত ভাগ লৈ তেওঁ কয় যে জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ২০০২ চনৰ পৰা বিগত বিশ বছৰে (ক’ভিডৰ সময়ত এবাৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল) নিৰৱছিন্নভাৱে সমষ্টিটোৰ বিধায়ক হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই অহা হৈছে ৷ তেওঁ পুনৰ কয় যে প্ৰথম বছৰত মাত্ৰ ২৮৮গৰাকী আছিল ৷ এইবাৰ কুৰি সংখ্যক বৰ্ষত মুঠ ১৯৮৬গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ১১৫৬গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ৮৩০গৰাকী ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ বা ষ্টাৰ, ডিষ্টিংচন মাৰ্ক লাভ কৰে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ইয়াৰ সৰহসংখ্যকে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰে ৷ যাৰ ফলত সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী লক্ষ্যভ্ৰষ্ট হয় ৷ ইয়াৰ কাৰণ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে ছাত্ৰ বা ছাত্ৰীগৰাকী অভিভাৱকৰ সম্পূৰ্ণ দায়িত্বত থাকে ৷ অভিভাৱকৰ তাগিদাত পঢ়া-শুনা সঠিকভাৱে কৰে ৷ অভিভাৱকসকলেও নিজৰ সন্তানৰ পঢ়া-শুনাৰ খবৰ শিক্ষকৰ পৰা ল’ব পাৰে ৷ কিন্তু মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱকক মিছা কথা ক’বলৈ আৰম্ভ কৰে ৷ ক্লাছ নকৰে ৷ সমনীয়াৰ লগত কলেজ চৌহদৰ ভিতৰে-বাহিৰে ফুৰি ফুৰে ৷ অধ্যাপক আৰু অভিভাৱকৰ মাজত দূৰত্ব বাঢ়ে ৷ যাৰ ফলত নিজৰ সন্তানৰ পঢ়া খবৰ লাভ নকৰে ৷ এইবোৰ কাৰণতে উচ্চতৰ মাধ্যমিকত ছাত্ৰ-ছাত্ৰীয়ে আশা কৰা মতে ফল লাভ কৰিব নোৱাৰে ৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অধিক দায়িত্ববোধ আৰু সচেতনভাৱে উচ্চ শিক্ষা গ্ৰহণত ব্ৰতী হ’বলৈ আহ্বান জনায়। কোনো কাৰণতে হতাশাক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাই কয় যে বিজ্ঞানীসকলে হতাশ হ’লে আজিৰ পৃথিৱীখন আগবাঢ়ি নগ’লহেঁতেন ৷ ঠিক তেনেদৰে শচীন তেণ্ডুলকাৰে হতাশ হ’লে ক্ৰিকেট বন্ধ হ’লহেঁতেন আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হতাশ হোৱাহেঁতেন আজিৰ ডিজিটেল ইণ্ডিয়া ৰাইজে লাভ নকৰিলেহেঁতেন বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰ পৃথিৱীখন বহুদূৰ আগুৱাই গৈছে ৷ সংস্হাপনৰ বহুত বাট মুকলি হৈছে ৷ মাত্ৰ চকু আৰু কাণ সঠিকভাৱে ব্যৱহাৰ কৰি সেইবোৰ অধ্যয়ন কৰিলে নিজে নিজৰ সংস্হাপন বাট উলিয়াই ল’ব পাৰি ৷ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমানৰ যুগৰ লগত সমানে আগবাঢ়িব লাগিব ৷
তেওঁ ভাষণত শিক্ষা আৰু সংস্হাপনৰ বহুত দিশৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক সেই দিশেৰে আগবাঢ়ি গৈ নিজৰ নিজৰ জীৱন সুৰক্ষিত কৰি তুলিবলৈ আহ্বান জনায় ৷ পঢ়া-শুনাৰ দিনকেইটাত অন্য দিশত মনোযোগ নিদিবলৈ শিক্ষাৰ্থীসকলক তেওঁ কয় ৷ ইয়াৰ পূৰ্বে ৰিমোটৰ জৰিয়তে মঞ্চৰ পৰাই বংশৰ ষ্টেডিয়ামৰ আধাৰশিলা স্হাপন কৰি তেওঁ কয় যে ইয়াৰ এঘাৰ বিঘা মাটিত ১২ কোটি টকা ব্যয়সাপেক্ষে চৰকাৰে এখন সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰিব ৷ পাঁচশ মানুহ বহিব পৰাকৈ গেলাৰী আৰু পেভিলিয়নৰ ব্যৱস্থা থাকিব ৷ ইয়াত এখন ফুটবল গ্ৰাউণ্ড আৰু দুখন ভলীবল গ্ৰাউণ্ড থাকিব ৷ চাৰিটা আলোকস্তম্ভৰ জৰিয়তে পোহৰৰ ব্যৱস্থা থাকিব ৷ খেল সামগ্ৰী আৰু যাৱতীয় আচবাব চৰকাৰে যোগান ধৰিব ৷ পৰৱৰ্তী দিনত ইয়াত এখন স্পৰ্টছ একাডেমী খোলা হ’ব ৷ পানী নিষ্কাশনৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব ৷ তেওঁ পুনৰ কয় যে শুৱালকুছি ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত৷ আমিনগাঁৱতো এখন বৃহৎ ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিব ৷ ইয়াৰ লগে লগে জালুকবাৰী সমষ্টিত খেলৰ এক সুন্দৰ পৰিৱেশ নিৰ্মাণ হ’ব ৷ শুৱালকুছি আৰু পলাশবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে দলং নিৰ্মাণ হৈ উঠিলে এই অঞ্চলৰ ৰাইজৰ সমগ্ৰ জীৱন যাত্ৰাৰ পৰিৱৰ্তন হ’ব ৷ বাট-পথৰ উন্নয়নে অঞ্চলটোত অৰ্থনৈতিক দিশ সবল কৰাৰ লগতে মাটি-বাৰীসমূহো অধিক মূল্যৱান হব বুলি তেওঁ ভাষণত কয় ৷ সমষ্টি পৰিৱৰ্তন হ’লেও এই অঞ্চলৰ উন্নয়নৰ গতি স্তব্ধ নহয় ৷ উন্নয়নৰ জয়যাত্ৰা সদায় থাকিব ৷ বৰঞ্চ বৃদ্ধিহে হ’ব ৷ এইটো আপোনালোকে নিশ্চিত থাকক ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুগুতোৱা মানপত্ৰখন মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত পাঠ কৰি সময়ৰ অসুবিধাৰ বাবে পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু নগদ ধন আগবঢ়াই তেওঁ সভা ত্যাগ কৰে ৷ পিছত আন ছাত্ৰ-ছাত্ৰীসকলক প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা আৰু শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্তই সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনাৰ অন্তত ৰিণিকি ভূঞা শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক অধিক মনোযোগৰে অধ্যয়নত ব্ৰতী হৈ ভৱিষ্যৎ শিক্ষা জীৱন আগবঢ়াই নিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লী, জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, কেৰিয়াৰ বিষয়া গৌৰাংগ দাস, শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি হেমচন্দ্ৰ বৈশ্য প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
প্ৰেৰক দিলীপ মেধি