নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰমুজত সৃষ্টিশীলতাৰ স্বাক্ষৰ চাবুৱাৰ লক্ষ্য ফুকনৰ

তিনিচুকীয়া, ২ আগষ্ট : প্ৰতিভা সকলোৰে থাকে। কিন্তু প্ৰতিভা বিকাশ কৰিবলৈ লাগে মাথোঁ এখন মাধ্যম। কোনোবাই উপযুক্ত মাধ্যম লাভ কৰি প্ৰতিভাসমূহ সহজতেই বিকাশ কৰি সফলতাৰ শিখৰ স্পৰ্শ কৰে আৰু আন বহুজনে এখন মাধ্যমৰ অভাৱত প্ৰতিভা বিকাশৰ পৰা বঞ্চিত হয়। কিন্তু সামাজিক মাধ্যমৰ এই উত্তৰণৰ সময়ত প্ৰতিভা বিকাশ এতিয়া সহজ হৈ পৰিছে। সামাজিক মাধ্যমৰ প্লেটফৰ্ম সমূহ হৈ পৰিছে প্ৰতিভা বিকাশৰ এতিয়া একো একোখন উপযুক্ত মঞ্চ। বহুজনে ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিভা বিকাশ কৰি সফলতাৰ শিখৰ স্পৰ্শ কৰিছে। আজি আমি এজন বিশেষ ব্যক্তিৰ বিষয়ে উপস্থাপন কৰিব বিচাৰিছোঁ। যিজন ব্যক্তিৰ প্ৰতিভাই আপোনাৰো দেহ মন শাত পেলাই দিব। সকলো মানুহৰ লগতেই কিবা এটা নহয় কিবা এটা প্ৰতিভা থাকে। কিন্তু অসাধ্য সাধন কৰিবলৈ লাহে মাঁথো এটা সৃষ্টিশীল মন। সৃষ্টিশীল মনৰ মানুহে এটা জড় পদাৰ্থকো ভিন্ন ৰূপ দিব পাৰে। সৃষ্টিশীল মনৰ মানুহে সহজতেই অসাধ্য সাধন কৰিব পাৰে। তেনে এটা সৃষ্টিশীল মনৰ অধিকাৰী ৩৩ বছৰীয়া লক্ষ্য ফুকন। তিনিচুকীয়াৰ এখন বিশেষ ৰিজৰ্টত কৰ্মৰত চাবুৱাৰ বাসিন্দা লক্ষ্য ফুকনৰ প্ৰতিভা অসাধাৰণ। লক্ষ্যৰ আছে অলেখ সপোন। বিভিন্ন শাক-পাচলি, ফল-মূলৰ মাজত সপোন ৰচে লক্ষ্য ফুকনে। লক্ষ্যই ৰিজৰ্টত কৰ্মৰ জৰিয়তে পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালভাৱে নিজৰ হাতৰ যাদুৰে গ্ৰাহকসকলৰ মনো মোহিবলৈ সক্ষম হৈছে ৷ লগতে বিভিন্ন শুভাকাংক্ষীৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিয়া, অন্যান্য পাৰ্টী আদিত খাদ্য সম্ভাৰৰ মাজতে জুতি লোৱা ব্যক্তি সকলক এক বিশেষ আমোদ দিবলৈ সক্ষম হৈছে। সাধাৰণতে আমি খাই ভাল পোৱা তৰমুজ, পেপচিকাম, গাজৰ, বিত আৰু ৰঙালাও আদিত বিভিন্ন ছবি খুদিত কৰি আহিছে ၊ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবি, ভগৱানৰ ছবি, শুভেচ্ছা বাৰ্তা, ফুল, ফল, আদি নানা প্ৰকাৰৰ ছবি প্ৰাণ পাই উঠে তৰমুজ আৰু ৰঙালাওত৷ তিনিচুকীয়াৰ ৰিজৰ্ট খনত নিজা দায়িত্ব পালনৰ উপৰিও অন্যান্য বিয়া-পাৰ্টীত এনে কৰ্মৰ জৰিয়তে ৩ হেজাৰ টকাৰ পৰা ১০-১২ হেজাৰ টকা মূল্য লাভ কৰে ফুকনে ৷ মাথোঁ নিজৰ প্ৰচেষ্টাত আয়ত্ত কৰা তেওঁ এই সৃষ্টিৰাজী নিজৰ মাজতে সীমাব্ধ ৰাখিব বিচৰা নাই। কণ কণ শিশুসকলৰ মাজতো বিকাশ কৰিব বিচাৰিছে এই প্ৰতিভাৰ। ইতিমধ্যে লক্ষ্য ফুকনে কেইবাখনো বিদ্যালয়ত কণ কণ শিশু সকলক লৈ কৰ্মশালাও অনুষ্ঠিত কৰিছে। নিজৰ প্ৰতিভা আৰু সৃষ্টিৰাজীৰ জৰিয়তে লক্ষ্য এতিয়া বহুজনৰ বাবে হৈ পৰিছে আদৰ্শ।
প্ৰেৰক বিবেক বড়া
You might also like