নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ বৰ আৰিকাটিত আজি অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰি ইফতিকাৰ ভূঞা নামৰ লোক এজন ৰাইজৰ ৰোষত পৰে৷ জানিব পৰা মতে, সোণতলীৰ বৰ আৰিকাটিৰ ইফতিকাৰ ভূঞাই অঞ্চলটোৰ একাংশ মহিলাক অৰুণোদয় আঁচনি কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল৷
ইপিনে, অৰুণোদয় আঁচনি নোপোৱাৰ পিছত ধন ঘূৰাই বিচাৰি আঁচনি-বঞ্চিত মহিলাসকলে একগোট হৈ আজি বৰ আৰিকাটিত উপস্থিত হৈ ইফতিকাৰ ভূঞাৰ ওচৰত ধন ঘূৰাই বিচাৰে৷ ভুক্তভোগী মহিলাসকলে ধন বিচৰাত দালাল ইফতিকাৰ ভূঞাই মহিলাক আক্ৰমণ কৰিবলৈ লোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ পিছত ইফতিকাৰ ভূঞাৰ বিৰুদ্ধে শতাধিক লোক ৰাজপথলৈ ওলাই আহে। ঘটনাৰ খবৰ পাই সোণতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও দালাল ইফতিকাৰ ভূঞাই পলায়ন কৰে।
প্ৰেৰক নয়ান আলী