নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ড্ৰাগছ আসক্তৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ৰূপহীহাট থানাৰ অন্তৰ্গত চাইদৰীয়া কোচগাঁও জামে মছজিদ কমিটী আৰু সমাজৰ সচেতন ব্যক্তিৰ উদ্যোগত ড্ৰাগছ, বাল্য বিবাহ মাদক দ্ৰব্য সেৱনৰ ফলত সমাজত হোৱা কু সংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। নতুন প্ৰজন্মৰ জীৱন ধ্বংস কৰা ড্ৰাগছৰ বিৰুদ্ধে যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই সভা অনুষ্ঠিত কৰে। সজাগতা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, ৰূপহীহাটৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, বিশিষ্ট সমাজ কৰ্মী মজিবুৰ ৰহমানৰ প্ৰমূখ্যে কৰি সমাজৰ গন্যমান্য ব্যক্তি সকল। সজাগতা সভাখনত কেবা গৰাকী বক্তাই বৰ্তমান সময়ত দেখা দিয়া ড্ৰাগছ সেৱন, বাল্য বিবাহ,মাদক দ্ৰব্য সেৱনৰ ভয়াৱহতাৰ ওপৰত বিশদভাৱে পৰ্যালোচনা আগবঢ়োৱাৰ লগতে যুৱপ্ৰজন্মক ড্ৰাগছ আসক্তৰ পৰা আতঁৰি থকাৰ ওপৰত বিভিন্ন পৰামৰ্শ আগবঢ়ায় । কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু ৰূপহীহাট আৰক্ষীৰ উপস্থিতিত ১০খন মছজিদ কমিটীয়ে ড্ৰাগছ সেৱন কৰা লোকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। সমাজত কোনো লোকৰ যদি ড্ৰাগছ সেৱন কৰি মৃত্যু হয় তেন্তে মছজিদৰ ইমামে জানাজা নামাজ সম্পন্ন নকৰে বুলি কঠোৰ মছজিদ সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like