নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ বস্ত্ৰশিল্প পৰিদৰ্শন জি-২০ প্ৰতিনিধিৰ

বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা কেবাখনো দেশৰ প্ৰতিনিধি দল এটাই আজি পুৱা বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ বিশ্ব বিনন্দীয়া ঐতিহ্যমণ্ডিত শুৱালকুছিৰ পাট-মুগাৰ বস্ত্ৰশিল্প পৰিদৰ্শন কৰে৷ কামৰূপ জিলা প্ৰশাসনৰ সম্পূৰ্ণ তত্ত্বাৱধানত অহা প্ৰতিনিধি দলটিয়ে শুৱালকুছিত উপস্থিত হৈ শুৱালকুছি প্ৰৱেশ গেটৰ সন্মুখত অস্থায়ীভাবে নিৰ্মিত পেণ্ডেলত স্থাপন কৰা বস্ত্ৰশিল্পৰ কিছু কাৰুকাৰ্য প্ৰত্যক্ষ কৰে৷ তাত প্ৰতিনিধি দলটিয়ে ১৪টা বিপণীত উপস্থাপন কৰা মুগালেটা উৎপাদনৰ পৰা কাপোৰ উৎপাদনলৈকে কিছু কিছু কাৰ্য পৰিদৰ্শন কৰাৰ উপৰি স্থানীয় মহিলাসকলে প্ৰস্তুত কৰা অসমীয়া পিঠা, লাৰুৰ লগতে কিছু খাদ্য সামগ্ৰী প্ৰত্যক্ষ কৰি ইয়াৰে সোৱাদ লৈ মহিলাসকলক প্ৰশংসা কৰে ৷ কেইবাগৰাকী প্ৰতিনিধিয়ে মুগাৰ জোৰা, মুগাৰ টাৱেল, মুগাৰ জেকেট, মুগাৰ ট্ৰাই আৰু শ্বল ক্ৰয় কৰে৷ প্ৰতিনিধিসকলৰ ভিতৰত ব্ৰাজিল, জাৰ্মান, ৰাছিয়া, আৰ্জেণ্টিনা, ডেনমাৰ্কৰ একোগৰাকীকৈ আৰু ভাৰতবৰ্ষৰ (অৰ্থনীতি পৰিক্ৰমা বিভাগৰ জৰিয়তে অহা) ১৬গৰাকীৰ লগতে এগৰাকী জি-২০ৰ নিৰাপত্তা বিভাগৰ সচিবসহ মুঠ ২২গৰাকী উপস্থিত হয় ৷ তাৰ পৰা দলটিক লৈ যোৱা হয় শুৱালকুছিৰ দামোদৰদেৱ মন্দিৰৰ পথত অৱস্থিত প্ৰয়াত পূৰ্ণৰাম বৈশ্যৰ ফেক্টৰী গৃহলৈ৷ তাতঁশালৰ ফেক্টৰী গৃহটিত উপস্থিত হৈ জি-২০ৰ প্ৰতিনিধি দলটিয়ে শুৱালকুছিৰ শিপিনীসকলে হাতৰে উৎপাদন কৰি থকা পাট আৰু মুগা কাপোৰ প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে আৰু এনেদৰে হাতৰে কাপোৰ উৎপাদন কৰা কাৰ্য পৃথিৱীতে বিৰল বুলি উল্লেখ কৰে৷ তেওঁলোকে শুৱালকুছিৰ বস্ত্ৰশিল্প দেখি অভিভূত হৈ পৰে আৰু উৎপাদিত চাদৰ-মেখেলাবোৰ হাতৰে স্পৰ্শ কৰিও মুগ্ধ হৈ পৰে ৷ প্ৰটকলৰ বাবে কামৰূপ জিলা প্ৰশাসনে প্ৰতিনিধি দলটোক সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখে ৷ আনকি শুৱালকুছিৰ শিল্পটো সন্দৰ্ভত কি অনুভূতি তাকো প্ৰতিনিধিসকলৰ পৰা জানিবলৈ নিদিলে৷ কামৰূপৰ উপায়ুক্ত কীৰ্তি জ্বলিয়ে সাংবাদিকৰ আগত জি-২০ৰ প্ৰতিনিধি দলটিয়ে শুৱালকুছিৰ বস্ত্ৰশিল্প দেখি অভিভূত হোৱাৰ কথা অৱগত কৰাৰ লগতে খাদ্য সামগ্ৰী পৰিবেশন কৰিও সন্তুষ্টি লাভ কৰা বুলি অৱগত কৰে৷ দলটিয়ে প্ৰায় দুঘণ্টা শুৱালকুছিৰ বস্ত্ৰশিল্পৰ সকলো দিশ পৰ্যবেক্ষণ কৰি গুৱাহাটীলৈ উভতি যায় ৷ উল্লেখ্য যে জি-২০ সন্মিলনত অংশ লোৱা প্ৰতিনিধিসকলে শুৱালকুছিৰ বস্ত্ৰশিল্প পৰিদৰ্শন কৰাত মৃতপ্ৰায় উদ্যোগটিক পুনৰুজ্জীৱিত কৰি তুলিব বুলি শুৱালকুছিৰ শিপিনীসকলে আশা প্ৰকাশ কৰিছে৷ বিশেষকৈ পাঁচখন বহিৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে শুৱালকুছিৰ পাট-মুগাৰ কাপোৰৰ শিল্পীটি স্বচক্ষে দেখাৰ পিছত তেওঁলোকৰ দেশসমুহত শুৱালকুছিত উৎপাদিত কাপোৰ বিক্ৰীৰ বাবে উদ্যোগ হাতত ললে বা সেই দেশসমুহলৈ কাপোৰ আমদানিৰ ব্যৱস্থা কৰিলে শুৱালকুছিৰ উৎপাদিত বস্ত্ৰই এখন আন্তৰ্জাতিক বজাৰৰ সুবিধা পোৱাটো নিশ্চিত বুলি শিল্পটোৰ লগত ওতপ্ৰোতভাবে জড়িতসকলে মতামত ব্যক্ত কৰিছে ৷ তেতিয়াহে শিল্পটোৱে মূৰ দাঙি উঠাৰ সম্ভাৱনা আছে৷ শুৱালকুছিৰ শিল্পটো এনেদৰে আগবঢ়াই নিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক শুৱালকুছিৰ সৰ্বস্তৰৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে আৰু শুৱালকুছিৰ পাট-মুগা বস্ত্ৰই যাতে এখন আন্তৰ্জাতিক বজাৰ লাভ কৰে তাৰ সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ শুৱালকুছিৰ শিপিনীসকলে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like