জি-২০ৰ আয়োজন আছিল বিৰাট প্ৰত্যাহ্বানজনক
বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : ভাৰতত জি-২০ৰ সফল সংগঠনৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতে কেনেকৈ সকলোকে একত্ৰিত কৰিলে তাক লৈ বহু লোক আচৰিত হৈছিল। তেওঁ কয়, মই নাভাবো যে তেওঁলোকে এই আশা কৰিছিল। কিছুমান মানুহ নিশ্চয় এতিয়াও ভাবি আছে যে এইটো কেনেকৈ সম্ভৱ হ’ল? মন কৰিবলগীয়া কথাটো হ’ল জি-২০ শীৰ্ষ সন্মিলনৰ সামৰণিত গ্ৰহণ কৰা নতুন দিল্লী ঘোষণাপত্ৰত ৮৩টা অনুচ্ছেদৰ সকলোবোৰতে সকলো সদস্য দেশৰ ১০০ শতাংশ সন্মতি আছিল। ভাৰতৰ সভাপতিত্বৰ এইটোৱেই আছিল আটাইতকৈ ডাঙৰ সাফল্য যে ই প্ৰতিটো বিষয়তে সকলো পশ্চিমীয়া দেশ, চীন, ৰাছিয়া আৰু অন্যান্য উন্নয়নশীল দেশক একত্ৰিত কৰিব পাৰিছিল। তেওঁ কয়, “মই ভাবো যে মোৰ লগত ইয়াত থকা কিছুমান মানুহে এই কথাটোৰ শলাগ লৈছিল যে আমি জি-২০ক গ্ল’বেল ছাউথৰ ওপৰত গুৰুত্ব দিবলৈ পাইছো। যিটো কামৰ বাবে জি-২০ৰ সৃষ্টি হৈছিল সেয়া আছিল বিশ্বৰ বৃদ্ধি আৰু উন্নয়ন।” জয়শংকৰে আৰু কয়, ‘আমি তেওঁক এই বিষয়ত পুনৰ মনোনিৱেশ কৰিবলৈ আৰু গ্ল’বেল ছাউথৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ ক’লোঁ। “আমি ইতিমধ্যে গ্ল’বেল চাউথ ছামিট অনুষ্ঠিত কৰি আংশিকভাৱে এই কাম কৰিছো।” জি-২০ত উপস্থিতিৰ সন্দৰ্ভত এছ জয়শংকৰে কয়, ‘আপোনাৰ উপস্থিতি আমাৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি ভাৰতৰ প্ৰতি আপুনি অনুভৱ কৰা আৱেগ প্ৰকাশ কৰে আৰু দক্ষিণ-দক্ষিণ সহযোগিতাৰ ওপৰত আলোকপাত কৰে।” তেওঁ আৰু কয়, ‘এয়া আছিল এক প্ৰত্যাহ্বানমূলক সমিতি আৰু ইয়াৰ অধ্যক্ষতাও প্ৰত্যাহ্বানতকৈ কম নাছিল। জি-২০ৰ সভাপতিত্ব কৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক আছিল। বৰ্তমান বিশ্বত পূব-পশ্চিম মেৰুকৰণ চলি আছে। একে সময়তে উত্তৰ আৰু দক্ষিণ দেশৰ মাজত বিভাজন ৰেখা অংকন কৰা হৈছে। এনে পৰিস্থিতিত সকলোকে একত্ৰিত কৰি এটা এজেণ্ডাত কথা পতাটো সহজ নাছিল।”