নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ : মৰিগাঁৱৰ লাহৰীঘাটত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱানিশা লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমিৰ হুছেইনৰ নেতৃত্বত যোৱা আৰক্ষী দলটিয়ে বৰবড়ী চাৰিআলি ৰিৰ্জাভৰ হালধিবাৰীত অভিযান চলাই ৫জনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ।দীৰ্ঘদিনৰে পৰা হালধিবাৰী গাঁৱৰ এটি বিশেষ ঘৰত জুৱাৰ আড্ডা চলি আহিছিল ।অৱশেষত লাহৰীঘাট আৰক্ষীয়ে জুৱাৰীকেইজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন জুৱাৰীকেইজন ক্ৰমে দিলদাৰ হুছেইন (২৬), আবুল হুছেইন (২৫), ৰাব্বুল ইছলাম (৩২), ইচাহক আলী (৪২) আৰু বাবুল হুছেইন। জুৱা খেলি অৱস্থাত নগদ ৬,৬৩০ টকা, তাচপাত, তিপাল সহ খেলত ব্যৱহ্নত সামগ্ৰী জব্দ কৰে। আজি ধৃত জুৱাৰীকেইজনৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে ৩৯৬/২২ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
প্ৰেৰক আবুল কালাম