নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৱাত বাজিঃ বিজেপি মিত্রজোঁটে জয়লাভ কৰিব ৬০–৭১খন আসনত

কল্লোল ভৌমিক, নতুন দিল্লী

  • কংগ্রেছ মহাজোঁটৰ পক্ষত জুৱাত এটকাও বিনিয়োগ কৰা নাই জুৱাৰীয়ে
  • ৫ ৰাজ্যৰ নির্বাচনত ছাট্টা বাজাৰত ২৫ হাজাৰ কোটি টকা বিনিয়োগ
  • অসমত বিজেপিয়ে ৭১ আসন পালে জুৱাৰীয়ে ১০০ টকাৰ বিনিময়ত পাব ২০০ টকা

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ অসমকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনক কেন্দ্র কৰি দেশজুৰি ‘ছাট্টা বাজাৰ’ত তুংগত উঠিছে উন্মাদনা৷ ছাট্টা বাজাৰ অর্থাৎ জুৱাৰ বজাৰৰ হিচাপ–নিকাচত অসমত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ জয় প্রায় নিশ্চিত বুলি প্রতীয়মান হৈছে৷ ছাট্টা বাজাৰত অসমৰ মিত্রজোঁটক প্রদান কৰা হৈছে ৬০ৰ পৰা ৭১খন আসন৷ অতি আশ্চর্যজনকভাৱে দেশজুৰি চলি থকা এই জুৱাৰ বজাৰত অসমত কংগ্রেছ মহাজোঁটৰ বাবে কোনো দৰ–দামেই নির্ধাৰণ হোৱা নাই৷ অর্থাৎ কংগ্রেছ মহাজোঁটৰ হৈ জুৱাত কোনেও এপইচাও ব্যয় কৰা নাই৷

আনহাতে অসমত মুঠ ১২৬খন আসনৰ ভিতৰত বিজেপি মিত্রজোঁটে ৬০খন আসন পাব বুলি এজন জুৱাৰীয়ে যদি ১০০ টকা বিনিয়োগ কৰে আৰু মিত্রজোঁটে যদি উক্তসংখ্যক কিম্বা ততোধিক আসন লাভ কৰিবলৈ সক্ষম হয় তেনেহ’লে সেইজন জুৱাৰীয়ে ১০০ টকাৰ বিনিময়ত লাভ কৰিব ১৩০ টকা৷ আকৌ মিত্রজোঁটে যদি ৬৫খন আসন লাভ কৰিবলৈ সক্ষম হয়, তেনেহ’লে সংশ্লিষ্ট জুৱাৰীয়ে লাভ কৰিব ১০০ টকাৰ বিনিময়ত ১৬৫ টকা আৰু বিজেপি মিত্রজোঁটে যদি ৭১খন আসন লাভ কৰিবলৈ সক্ষম হয় তেনেহ’লে জুৱাৰীয়ে দুগুণ অর্থাৎ ২০০ টকা লাভ কৰিবলৈ সক্ষম হ’ব৷

অসমক লৈ দেশৰ ৰাজনীতিৰ ছাট্টা বাজাৰত এনেদৰেই চলিছে বিজেপি মিত্রজোঁটক লৈ দৰ–দাম৷ লক্ষণীয়ভাৱে আন ৰাজ্যসমূহৰ নির্বাচনত কংগ্রেছক লৈ ছাট্টা বাজাৰত তৎপৰতা চলি আছে যদিও অসমত কংগ্রেছ মহাজোঁটৰ কোনো দাম নথকাৰ বিষয়টোৱে সংশ্লিষ্ট মহলৰ দৃষ্টি আকর্ষণ কৰিছে৷

উল্লেখ্য যে নতুন দিল্লীৰ পৰা ছাট্টা বাজাৰৰ সৈতে জডিত এক সূত্রৰ আঁত ধৰি অর্থনৈতিক বিষয়ক দেশৰ আগশাৰী সংবাদ–পত্র ‘বিজনেছ লাইন’ত প্রকাশ পোৱা এই বাতৰিক লৈ ইতিমধ্যে চাঞ্চল্য সৃষ্টি হৈছে৷ কাৰণ উক্ত প্রতিবেদনত অসমৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰীতো বিজেপি তথা বিজেপি মিত্রজোঁটৰ হকে জুৱাৰীসকলে বিনিয়োগ কৰিছে৷

ছাট্টা বাজাৰ মতে ২৯৪খন আসন থকা পশ্চিমবংগত বিজেপিয়ে অকলে ১১৫ৰ পৰা ১৫০খন আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ বিপৰীতে তৃণমূল কংগ্রেছে ১০০ৰ পৰা ১১০খন আসন লাভ কৰিব বুলি জুৱাৰীসকলে অনুমান কৰিছে৷ লক্ষণীয়ভাৱে পশ্চিমবংগত জুৱাৰীসকলে বিজেপিৰ বাবে সর্বাধিক ১৫০খন আসনৰ বাবে বাজি লগাই ১০০ টকাৰ বিপৰীতে ২০০ টকাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ আনহাতে ১৪০খন আসনৰ বিপৰীতে ১২২ টকা আৰু ১৪৫খন আসনৰ বিপৰীতে ১৬২ টকাৰ লক্ষ্য নির্ধাৰণ কৰিছে জুৱাৰীসকলে৷ তৃণমূল কংগ্রেছে ১০০খন আসন লাভ কৰিলে ১০০ টকাৰ বিপৰীতে ১৩০ টকা লাভ কৰিব জুৱাৰীয়ে৷ তৃণমূল কংগ্রেছে যদি সর্বাধিক ১১০খন আসন লাভ কৰে তেনেহ’লে সংশ্লিষ্ট জুৱাৰীয়ে ১০০ টকাৰ বিপৰীতে ২০০ টকা লাভ কৰিবলৈ সক্ষম হ’ব৷

ছাট্টা বাজাৰ মতে, ২৩৪খন আসন থকা তামিলনাডুত ডিএমকে–কংগ্রেছ জোঁটে ১৪৫ৰ পৰা ১৬০খন আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ বিপৰীতে এআইএডিএমকে–বিজেপি জোঁটে ৫০ৰ পৰা ৬০খন আসনহে লাভ কৰিবলৈ সক্ষম হ’ব বুলি ছাট্টা বাজাৰৰ পৰা ইংগিত পোৱা গৈছে৷ কেৰালাত বাঁওপন্থী এলডিএফ জোঁটে পুনৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ সক্ষম হ’ব বুলি ছাট্টা বাজাৰত অনুমান কৰা হৈছে৷ ১৪০খন আসন থকা কেৰালাত এলডিএফ জোঁটে ৬৫ৰ পৰা ৭৫খন আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি ছাট্টা বাজাৰে ইংগিত দিছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন ইউডিএফ জোঁটে ৪৫ৰ পৰা সর্বাধিক ৫৫খন আসনহে লাভ কৰিব পাৰিব বুলি অনুমান কৰা হৈছে৷

ছাট্টা বাজাৰৰ মতে দক্ষিণৰ এই ৰাজ্যখনত বিজেপিয়ে মাত্র এখনৰ পৰা ৩খনহে আসন লাভ কৰিব পাৰে৷ লক্ষণীয়ভাৱে ৩৩খন আসন থকা পুডুচেৰীত বিজেপি জোঁটে ১৫ৰ পৰা ১৭খন আসন লাভ কৰিব পাৰিব বুলি অনুমান কৰা হৈছে যদিও অসমৰ দৰেই কেন্দ্রীয়শাসিত এই ৰাজ্যখনতো ছাট্টা বাজাৰত কংগ্রেছৰ বাবে কোনো দৰ–দাম নির্ধাৰণ কৰা হোৱা নাই৷

মন কৰিবলগীয়া যে দেশজুৰি চলি থকা ছাট্টা বাজাৰত জুৱাৰীসকলে এতিয়ালৈকে পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনক কেন্দ্র কৰি প্রায় ২৫,০০০ কোটি টকা বিনিয়োগ কৰিছে৷ লক্ষণীয়ভাৱে বিধানসভা নির্বাচনৰ সমান্তৰালকৈ ক্রিকেটৰ উন্মাদনা আই পি এলক কেন্দ্র কৰিও এই মুহূর্তত দেশৰ ছাট্টা বাজাৰ তুংগত উঠিছে৷ পিছে ক্রিকেটৰ সমান্তৰালকৈ ৰাজনীতিৰ ছাট্টা বজাৰতো চলি থকা উন্মাদনাই এতিয়া বিভিন্ন মহলৰ দৃষ্টি আকর্ষণ কৰিছে৷

You might also like