জনস্বাস্থ্যলৈ ভাবুকি : নলবাৰীত ৰাষ্ট্ৰীয় পথৰ সমীপৰ পাগলাদিয়াৰ পাৰত জাবৰৰ দম ।।
নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ দীৰ্ঘদিন ধৰি নলবাৰী জিলাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাগলাদিয়া নৈৰ সমীপৰ জাৱৰৰ দমে এক কদৰ্য পৰিৱেশ সৃষ্টি কৰাই নহয় নলবাৰীবাসীকো লজ্জানত কৰি তুলিছে। উল্লেখ্য যে প্ৰতিনিয়ত ৰাষ্ট্ৰীয় ঘাইপথেৰে যায় লক্ষাধিক লোক। তেনে পৰিস্থিতিত ৰাইজে নাকত ৰুমাল লৈ যাব লগা হোৱা পৰিবেশে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰশ্ন হয় কাৰ অনুমতিত ৰাষ্ট্ৰীয় ঘাইপথত এই জাবৰৰ দমৰ বাবে স্থান নিৰ্বাচন কৰা হৈছে। যদি জিলা প্ৰশাসন কিম্বা পৌৰসভাৰ অনুমতিত এনে জাৱৰ জোথৰ পেলোৱা স্থান নিৰ্বাচন কৰা হৈছে তেনেহ’লে ৰাইজৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি কিয় গুৰুত্ব প্ৰদান কৰা হোৱা নাই। তাকে লৈ ৰাইজৰ মাজত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। মন কৰিবলগীয়া যে নলবাৰী নামনি অসমৰ এখন ব্যস্ততাপুৰ্ন চহৰ। সকলোৱে বিচাৰে নিজৰ চহৰখন সুন্দৰ হওক। কিন্তু চহৰৰ সমস্ত জাৱৰ-জোঁথৰ পেলোৱা ঠাই হিচাপে প্ৰশাসনে বাছি ললে নলবাৰীৰ চহৰৰ প্ৰৱেশ পথৰ সমীপত। ৰাইজৰ প্ৰশ্ন নলবাৰী চহৰত প্ৰতিদিন জমা হোৱা জাবৰ-জোথৰ বা পেলনীয়া সামগ্ৰী সমুহ পেলাবলৈ আজি পৰ্যন্ত কিয় এটুকুৰা সংৰক্ষিত ঠাই নাই। এয়া অৱহেলা নে সুদূৰপ্ৰসাৰী চিন্তাৰ অভাৱ। লক্ষনীয় দিশ এইটোৱে যে নতুন পৌৰসভা আহে আৰু ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। কিন্তু সেয়া সকলো ফুটুকাৰ ফেন। কিয়নো গাদীত বহাৰ পিছত পাহৰি যায় ৰাইজক দিয়া সকলো প্ৰতিশ্ৰুতি। নলবাৰী পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবে সময়ে সময়ে চহৰৰ মাজত দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হয়৷ দুই তিনি দিন পৰ্যন্ত চহৰৰ জাৱৰ-জোথৰ পেলোৱা ঠাইৰ পৰা পেলনীয়া সামগ্ৰীসমূহ নিনিয়ে। ফলত কুকুৰে উক্ত সামগ্ৰীসমূহ খুঁচৰি খুঁচৰি পথৰ মাজলৈ লৈ আহে ফলত পথচাৰীসকলে এক কদৰ্য পৰিবেশৰ মাজেৰে যাবলগীয়া হয়। এনে এশ এবুৰি সমস্যা থকাৰ পিছতো জিলা প্ৰশাসন-পৌৰসভাই চকুমুদা কুলিৰ ভাও ধৰা বিষয়টোৱে ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে। এনে পৰিস্থিতিত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস (ৰাজ), সাধাৰণ সম্পাদক যোগেশ কলিতা তথা সাধাৰণ ৰাইজে শীঘ্ৰে আওহতীয়া ঠাইত জাৱৰ-জোথৰ পেলোৱা স্থান নিৰ্ধাৰণ কৰি ইয়াৰ এটা স্থায়ী সমাধান কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে। আনহাতে ৰাইজৰ স্বাস্থ্যৰ দিশটোলৈ লক্ষ্য ৰাখি বিষয়টোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তাৎক্ষনিক হস্তক্ষেপ বিচাৰিছে সচেতন ৰাইজে।
প্ৰেৰক শ্বাহ আলম আহমেদ