নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ আৱাসিক এলেকাত আৱৰ্জনাৰ স্তূপ

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ নৱৰত্নৰ পৰা মহাৰত্ন কোম্পানীলৈ ৰূপান্তৰ ঘটা অইল ইণ্ডিয়া লিমিটেডে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে প্ৰত্যেক বছৰে স্বচ্ছতা পষেক পালন কৰি ইয়াৰ অধীনত বিভিন্ন স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আনকি এই অভিযানক এক গণ আন্দোলনলৈ ৰূপায়িত কৰাৰ উদ্দেশ্যে ব্যয়সাপেক্ষে বিভিন্ন চকুত লগা কাৰ্যসূচীও সুন্দৰভাৱে উদযাপন কৰি আহিছে। কিন্তু কাৰ্যক্ষেত্ৰত সেয়া কিমানদূৰ সফল ৰূপায়িত হৈছে সেই নিদৰ্শন দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ পথৰ ডাকঘৰৰ সমীপৰ অইল ইণ্ডিয়াৰ পুৰণি চেটেলমেন্ট এলেকাৰ ফালে এবাৰ লক্ষ্য কৰিলেই স্পষ্টৰূপত প্ৰতিফলিত হ’ব। অঞ্চলটোৰ ওচৰে-পাজৰে অৱস্থিত বৃহত্তৰ দুলীয়াজানক সামৰি চেন্ট্ৰেল নামঘৰ, মছজিদ আৰু গীৰ্জাঘৰলৈ দৈনিক আগমন ঘটে বিভিন্ন লোকৰ। উক্ত এলেকাটোত ভৰি দিয়াৰ মাত্ৰকে উৎকট গোন্ধ লৈ পথৰ ওপৰত সিঁচৰিত হৈ থকা গেলা পচা আৱৰ্জনাৰ ওপৰেদি গচকি এলেকাটো পাৰ হ’বলগা নিতৌ এক অস্বস্তিদায়ক পৰিৱেশৰ সন্মুখীন হ’ব লগা হয় প্ৰতিগৰাকী পথচাৰী তথা দৈনিক যাতায়ত কৰা লোকসকল। তেনেস্হলত আৱৰ্জনাৰ দ’মটোৰ কাষৰীয়া কোৱাৰ্টাৰত বছৰ বছৰ ধৰি বাস কৰি অহা অইলৰ বাসিন্দা সকলে কেনে মানসিক অৱস্হাত ভুগিবলগা হৈছে, অইলৰ বিভাগীয় কৰ্তৃপক্ষই এবাৰলৈ হ’লেও অনুধাৱন কৰিব পাৰিছে নে ? লক্ষণীয় যে এই ভুক্তভোগী অইল আবাসীসকলে পূৰ্বে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছত ভগ্নপ্ৰায় ডাষ্টবিনটো পুনৰ মেৰামতি কৰি দিয়ে যদিও অইলৰ আবাসীৰ পৰিৱৰ্তে ডাষ্টবিনটোৰ ব্যৱহাৰ কৰিবলৈ লয় অইল আবাসীক এলেকাৰ কাষতে থকা স্হায়ী বাসিন্দা তথা অইল মাৰ্কেটৰ একাংশ ব্যৱসায়ীয়ে। যিহেতু অইল মাৰ্কেটৰ গাতে লাগি থকা আবাসীক এলেকাটোৰ গইনা লৈ বজাৰৰ ব্যৱসায়ীসকলে গেলা-পচা শাক-পাচলি সমূহ বোজা ল’ব নোৱাৰাকৈ উক্ত ডাষ্টবিনটোত পেলাই চৌদিশে এক অস্বাস্হ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আনহাতে একাংশ স্হায়ী অভিজাত বাসিন্দায়েও নিশা পৰত বিলাসী বাহনেদি আহি বাহনৰ খিড়িকিয়েদি আৱৰ্জনাৰ টোপোলাসমূহ পথৰ কাষতে দলিয়াই অঞ্চলটো কদৰ্যময় কৰি তোলাত অৰিহণা যোগাইছে । এইকাৰ্যত বাধা দিবলৈ গৈ অইলৰ আবাসীসকলে বহুবাৰ বাকবিতণ্ডাত লিপ্ত হ’বলগা হৈছে। তথাপি শিষ্টাচাৰৰ নূন্যতম জ্ঞান নথকা একাংশ কু-প্ৰবৃত্তিৰ লোকৰ বাবেই সমগ্ৰ অইল আবাসী এলেকাটো আৱৰ্জনাৰ দ’মলৈ পৰ্যবসিত হৈছে। এফালে ম’হ-মাখিৰ উপদ্ৰৱ আৰু আনফালে গৰু-কাউৰীয়ে আৱৰ্জনাসমূহত খাদ্য বিচাৰি গোটেই এলেকাটোত দূৰ্গন্ধ বিয়পাই উৎকট পৰিৱেশৰ সৃষ্টি কৰিছে । ইফালে ডাষ্টবিনৰ পৰিৱৰ্তে যধে মধে আৱৰ্জনাৰ টোপোলাসমূহ দলিওৱাৰ ফলত কাষতে থকা পানী নলাটো আৱৰ্জনাই পুতি পেলোৱাত এজাক বৰষুণতে আবাসীক এলেকাটোৰ পথচোৱা পানীৰে উপচি পৰে। পৰিপ্ৰেক্ষিতত এক কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ লেতেৰা জাৱৰ-পানী স্হানীয় আবাসী চৌহদৰ ভিতৰত প্ৰৱেশ কৰাত নৰক যন্ত্ৰণাত ভুগিবলগা হৈছে কলনীবাসী। আনহাতে আৱৰ্জনা উঠোৱা অইলৰ বিভাগীয় বাহনে মাজে সময়ে আৱৰ্জনাসমূহ উঠাই নিয়ে যদিও সেয়াও অঞ্চলটোৰ কদৰ্য ৰূপটো সম্পূৰ্ণকৈ স্বচ্ছ কৰি তোলাত দুখলগাকৈ ব্যৰ্থ হয় চাফাই কৰ্মীসকল। এইক্ষেত্ৰত অইল আবাসীলোকে অইল ইণ্ডিয়াৰ বিভাগীয় কৰ্তৃপক্ষক অচিৰেই এটা বিজ্ঞানসন্মত আৰু দীৰ্ঘস্হায়ী পদক্ষেপ গ্ৰহণ কৰি আবাসী এলেকাটোত সুস্হ বাতাৱৰণ ঘুৰাই আনিবলৈ আহ্বান জনাইছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like