নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়গাঁও কলেজৰ প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ বৰ্তমান সমাজত প্ৰতিযোগিতাৰ লগতে হাতে-হাত ধৰি সহযোগিতাৰে আগবাঢ়ি যাব লাগিব -শিৱসাগৰৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৬৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজি্যক মুক্ত বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক ,বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, সমাজ-বিশ্লেষক, লেখক ড০ অৰূপজ্যোতি চৌধুৰীয়ে৷ ড০ চৌধুৰীয়ে তেঁওৰ মুখ্য অতিথিৰ ভাষণত প্ৰকৃতিৰ সন্তুোলন, ছাত্ৰ-ছাত্ৰীৰ স্বনিয়োজনৰ বাট আদি সম্পৰ্কে কেইবাটিও চিন্তাৰ বাট মুকলি কৰে৷ তেওঁ লগতে আজিৰ পৃথিৱীত জ্ঞানৰ উৎস বহুত যদিও কিতাপক জ্ঞানৰ প্ৰাচীন আৰু সক্ৰিয় উৎস বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ পুৱা পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম য়াদবে৷ মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি বিমান চন্দ্ৰ বৰুৱাই উদ্বোধন কৰা মুকলি সভাখনৰ আদৰণি ভাষণ আগবঢ়াই গড়গাঁও মহবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ , নিৱন্ধকাৰ ড০ সব্যসাচী মহন্তই৷ আদৰণি ভাষণত ড০ মহন্তই মহাবিদ্যালয় খনৰ ইতিহাসৰ ৰূপৰেখা দাঙি ধৰাৰ লগতে সময়ৰ গতিশীলতা লগত খোজ মিলাই মহাবিদ্যালয়খনে উন্নতিৰ ধাৰা অব্যাহত ৰখাৰ যাত্ৰাত সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ তেওঁ লগতে লক্ষ্য আৰু উদ্দেশ্য প্ৰাপ্তিত মহাবিদ্যালয় খনে সদায় আৰু অধিক কষ্ট কৰিব লাগিব বুলি দোহাৰে৷মুকলি সভাত মহাবিদ্যালয় খনৰ উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈ, অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ অৰুন্ধতী মহন্ত, প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি দেৱ হাজৰিকা, শিক্ষক গোটৰ সভাপতি মনোৰমা ফুকনে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিজৰ অনুভৱ ব্যক্ত কৰে৷ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন অনুষ্ঠানত মহাবিদ্যালয়খনৰ যথেষ্ঠ সংখ্যক অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, বিষয়া কৰ্মচাৰী আৰু অভিভাৱকৰ উপস্থিতিয়ে মহাবিদ্যালয় পৰিয়ালক উৎসাহী কৰি তোলে৷ মুকলি সভাতে মহাবিদ্যালয়খনৰ অগ্ৰগামী যাত্ৰাত বিশেষ স্তৰত পৰিণত কৰা কৃতী অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয়৷ মুকলি সভাত অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপকদ্বয় ড০ ৰিমঝিম বড়া, ড০ নিলোৎপল চুতীয়া, প্ৰাণী বিজ্ঞান বিভাগৰ ড০ পিমিলী লাংথাছা আৰু পৰিসংখ্যা বিজ্ঞান বিভাগৰ ড০ বৰ্ণালী দত্তক তেওঁলোকৰ পিএইচ. ডি. ডিগ্ৰীৰ বাবে সম্বৰ্ধনা জনোৱা হয়৷ বিগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক এই সভাতে সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ উপৰি ড০ অৰুন্ধতী মহন্তই গড়গাঁও মহাবিদ্যালয়ৰ কলা শাখাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰদান কৰা দেউকণ মহন্ত সোঁৱৰণী বঁটা লাভ কৰে ৰাখীপ্ৰিয়া সন্দিকৈয়ে৷ ড০ অৰুন্ধতী মহন্তই গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপকক প্ৰদান কৰা নাইনা মহন্ত সোঁৱৰণী বঁটা লাভ কৰে কৰবী গগৈয়ে৷ ইতিহাস বিভাগৰ বিভাগীয় প্ৰধান ড০ মঞ্জুমণি গগৈয়ে পুনাৰাম গগৈ আৰু জয়বালা গগৈৰ সোঁৱৰণত প্ৰদান কৰা বঁটা লাভ কৰে জুবিন কুকুৰাচোৱাই৷ দিগন্ত কোঁৱৰ তথা তেওঁৰ পৰিয়াল বৰ্গই বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ স্নাতকক প্ৰদান কৰা নোমল কোঁৱৰ আৰু গুণ কোঁৱৰ সোঁৱৰণী বঁটা লাভ কৰে গণিত বিভাগ বিজয় বেৰিয়াই৷ গড়গাঁও মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ পংকজ কুমাৰ নাথে গ্ৰন্থাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শ্ৰেষ্ঠ হোৱা জেনিস্মিতা শইকীয়া আৰু সুভাষ প্ৰধানক বিশেষ উৎসাহমূলক বঁটা প্ৰদান কৰা হয়৷ ড০ সুৰজিৎ শইকীয়াই গড়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগত সৰ্বোচ্চ নম্বৰৰ প্ৰাপকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা প্ৰাক্তন সম্পাদক , যুৱ সংগঠক প্ৰয়াত গৌৰৱ গগৈৰ সোঁৱৰণ প্ৰদান কৰা ‘গৌৰৱ গগৈ মেমৰিয়েল এৱাৰ্ড’ লাভ কৰে পূজা চুতীয়াই৷ ড০ সুৰজিৎ শইকীয়া, ড০ নিলোৎপল চুতীয়া আৰু অংকিকা দত্তই প্ৰদান কৰা অণুপ্ৰেৰণা বঁটা লাভ কৰে ক্ৰমে অংশু কুমাৰী(২০২০-২২), ৰীমা দিহিঙ্গীয়া (২০২২-২৪), সন্দীপ চন্দা(২০২৩-২৪)৷ অসমীয়া বিভাগৰ অধ্যাপিকা দেৱযানী বকলীয়ালে আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে ড০ মিন্টু গগৈ আৰু নমামী দত্তৰ সম্পাদনাত প্ৰকাশিত ‘নিউ ডাৰেকচন ইন ৰিচাৰ্ছ’ উদ্বোধন কৰে ড০ অৰুন্ধতী মহন্তই। অধ্যাপক ড০ ৰমানন্দ দাসে শলাগৰ শৰাই প্ৰদান কৰাৰ পিছতে মুকলি সভা সমাপ্ত হয়৷ মুকলি সভাৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত একেৰাহে তিনিবাৰ শ্ৰেষ্ঠ গায়িকা সন্মান বুটলা গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অনন্যা গগৈয়ে গীতৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোকে অভিভূত কৰি তোলে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like