ডিজিটেল ডেস্ক, ১৩ অক্টোবৰ : অমৃতকণ্ঠৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে চৰকাৰক ন্যায় প্রদানৰ দাবী তোলাৰ সময়তে তীব্রগতিত চলিছে বিশেষ তদন্তকাৰী গোটৰ তদন্ত৷ উল্লেখ্য যে বিগত ২৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিয়ে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত ৩০জনৰো অধিক লোকক জেৰা চলোৱাৰ লগতে কেইবাগৰাকীও নিকটাত্মীয়ৰ ভাষ্য সংগ্রহ কৰিছে৷
ইয়াৰ মাজতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে আজি (১৩ অক্টোবৰ, ২০২৫) সামাজিক মাধ্যমত ১০ দিনৰ ভিতৰত আপোন মানুহজনৰ ন্যায়ৰ দাবী তোলে। গৰিমাই ফেচবুকত ‘হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ’ লিখি ১০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলিছে। গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত জনোৱা এই দাবীৰ প্ৰতি সঁহাৰি জনাই বহু লোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে।
শেহতীয়াকৈ ২ দিন পূৰ্বে গৰিমা শইকীয়া গাৰ্গে সোণাপুৰৰ জুবিনৰ সমাধিস্থলীত উপস্থিত হৈ আপোন মানুহজনৰ ন্যায়ৰ যুঁজখন চলাই নিবলৈ ৰাইজক আহ্বান জনাইছিল। প্ৰাণৰ শিল্পীগৰাকীৰ এই ন্যায়ৰ যুঁজখনত সৰ্বস্ব উজাৰি দিয়াৰ কথা জুবিন অনুৰাগীয়ে প্ৰকাশ কৰি আহিছে। তদুপৰি কালিৰ দিনটোত জুবিনৰ সমাধিস্থলীত কেইবাহাজাৰ লোকে সমৱেত হৈ জুবিন গাৰ্গৰ ন্যায়ৰ সমগ্ৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰে।
উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ২৫টা দিনৰ পিছত অসমত উপস্থিত হ’ল আন তিনি প্ৰৱাসী অসমীয়া। ইয়াৰ আগেয়ে ৰূপকমল কলিতা নামৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াজনে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈ জেৰাৰ সন্মুখীন হৈছিল । CID কাৰ্যালয়ত আজি হাজিৰ হোৱা ৩ প্ৰৱাসী অসমীয়া হ’ল জলংছাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তদুপৰি শীঘ্ৰে CIDৰ কাৰ্যালয়ত উপস্থিত হ’ব আন দুই প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী, দেৱজিত হাজৰিকাও। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিনৰ সৈতে য়ট পাৰ্টীত আছিল এই ৫ প্ৰৱাসী অসমীয়া।