নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজাৰত নহৰুৰ দপদপনি : এক কিলোৰ দাম ৫০০ টকা

বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰী : বিলাসী সামগ্রীত পৰিণত হৈছে নহৰু। ৰন্ধনশালত অত্যাৱশ্যকীয়ভাৱে ব্যৱহৃত নহৰুৰ দাম এতিয়া বজাৰত গগনচুম্বী হৈছে। যি নহৰুৰ দাম কিলোগ্রামেপতি ৮০-১০০ আছিল, তেনে নহৰুৰ দাম এতিয়া বজাৰত ৪০০ৰ পৰা ৫০০ টকা পর্যন্ত হৈছে। এনে দামবৃদ্ধিয়ে ৰাইজক ভবাই তুলিছে। চৰাইদেউ জিলাত ক্রমাগতভাৱে ব্যাপক হাৰত বাঢ়িছে নহৰুৰ দাম। সম্প্রতি গ্রাম্য জিলাখনৰ বজাৰত খুচুৰা বিক্ৰীৰ কথাতো বাদেই, পাইকাৰী বিক্ৰীৰ ক্ষেত্রতো যথেষ্ট দাম বাঢ়িছে নহৰুৰ। বিশেষকৈ মাঘ বিহুৰ আলম লৈ আকাশলংঘী হৈছিল নহৰুৰ দাম। তেতিয়া পৰা বজাৰত ঊর্ধ্বগামী হৈছে নহৰুৰ দাম। এতিয়া দিনকদিনে বাঢ়িহে আছে নহৰুৰ দাম। জিলাখনৰ বিভিন্ন ঠাইৰ বজাৰৰ লগতে জিলা সদৰ সোণাৰি নগৰৰ বজাৰত এতিয়া এক কিলো নহৰু বিক্ৰী হৈছে ৪৫০-৫০০ টকা দৰত। আকৌ উন্নত মানৰ ডাঙৰ আকাৰৰ নহৰুৰ খুচুৰা বিক্ৰীদৰ কিলোগ্রামেপতি ৫৫০ টকা পর্যন্ত হৈছেগৈ। বজাৰত নহৰুৰ জুই লগা এনে দামত ত্রাহি মধুসূদন সুঁৱৰিব লগা হৈছে ৰাইজে। বজাৰত থলুৱা নহৰু পাবলৈ নাই। এনে সুযোগ লৈ এচাম নহৰুৰ পাইকাৰী বিক্রেতাই জধে-মধে বঢ়াইছে নহৰুৰ দাম। নহৰুৰ এনে দাম বৃদ্ধিৰ কাৰণ দুই-এজন পাচলিৰ পাইকাৰী ব্যৱসায়ীক সোধাত বাহিৰৰ পৰা বহু দামত নহৰু এইবাৰ আমদানি কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰিছে। নহৰুৰ এনে জুই ছাই দামবৃদ্ধিৰ বাবে বহু নাগৰিকে এতিয়া নহৰু কিনিবলৈ বাদ দিবলগীয়া হৈছে। নহৰুৰ এনে দাম বৃদ্ধিৰ ক্ষেত্ৰত প্রশাসন, যোগান বিভাগ কাৰো খবৰ নাই; নাই কোনো নিয়ন্ত্রণো। এচাম অসাধু ব্যৱসায়ীয়ে নিজৰ খেয়ালখুচি মতে বৃদ্ধি কৰিছে দাম। এনে অৱস্থাত বহু পাচলিৰ খুচুৰা ব্যৱসায়ীয়ে উপায়বিহীন হৈ নহৰু বিক্ৰী বন্ধ ৰাখিবলৈ বাধ্য হৈ পৰিছে জিলাখনত।

 

প্ৰেৰক দীপাংকৰ পাল

You might also like