মাজুলীত গেছ চিলিণ্ডাৰত গেছৰ সলনি ওলাল পানী : এই নাভূত-নাশ্ৰুত কাণ্ড সংঘটিত হৈছে মাজুলীৰ ভকতিদুৱাৰ তিনিআলিত
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : মাজুলী জেংৰাইমুখ থানাৰ অন্তৰ্গত ৰাঙলীবাহাৰ গাঁৱৰ শ্ৰীমন্ত দাস নামৰ এজন যুৱকে মাজুলী কমলাবাৰীস্থিত ৰাজলক্ষ্মী গেছ এজেঞ্চীৰ ষ্টোৰ ৰূম শিলিখাগুৰিৰ পৰা ঘৰলৈ বুলি আনিছিল এটা গেছ চিলিণ্ডাৰ। কিন্তু অতি দুৰ্ভাগ্যজনক কথাটো হ’ল গেছ চিলিণ্ডাৰটো সন্ধিয়া ৰান্ধনীয়ে ভাত ৰান্ধিবলৈ ষ্টোভটো জ্বলাবলৈ লওঁতেই হতভম্ব হয় ৰান্ধনি । নজ্বলে ষ্টোভ , কি কাৰনত নজ্বলিলে বুলি চিলিণ্ডাৰৰ ভেল্ভ পৰীক্ষা কৰি চোৱাত ওলাই পৰিল উৰহি গছৰ উৰ। গেছ চিলিণ্ডাৰতো পৰা হোৰাহোৰে ওলাল পানী। যি সময়ত ৰন্ধন গেছৰ মূল্যই আকাশলংঘী ৰূপ লৈছে সেই সময়ত কিন্তু গেছ চিলিণ্ডাৰটোৰ পৰা পানী ওলোৱা কাৰ্যই এক ৰহস্যৰ সৃষ্টি কৰিছে। এফালে ৰন্ধন গেছ ৰ জুই ছাই দাম আনফালে গেছ চিলিণ্ডাৰ পৰা গেছ ৰ সলনি পানী নিৰ্গত হোৱা কাৰ্যত ক্ষোভিত ভুক্তভোগী । এইদৰে গেছ চিলিণ্ডাৰৰ পৰা পানী ওলোৱা কাৰ্যতো এক হাস্যকৰ যদিও কি কাৰণত গেছ চিলিণ্ডাৰত পানী ওলাইছে সেইতো গুৰুত্বপূৰ্ণ কথা বুলি উল্লেখ কৰি সচেতন মহলে এক উচিত তদন্তৰ দাবী কৰিছে গ্ৰাহকৰ ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড