নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীনছ্ পিন্ধি ন্যায়ালয়ত হাজিৰ হোৱা বাবে উলিয়াই দিলে অধিবক্তা বিজন মহাজনক

নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: গুৱাহাটী উচ্চ ন্যায়ালয়ত অদ্ভুত ঘটনা। আদালতৰ নীতি-নিয়ম ভংগ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা বাহিৰ হ’ল জ্যেষ্ঠ অধিবক্তা বিজন মহাজন ৷ লগতে আবেদনকাৰীৰ অধিবক্তাই জীনছ্ পিন্ধি থকাৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰৰ শুনানি পিছুৱাই দিয়া হয়।

খবৰ অনুসৰি আদালতৰ চৌহদত জীনছ্ পৰিধান কৰাৰ বাবেও অধিবক্তা বিজন মহাজনক উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা বাহিৰ কৰি দিয়া হয়। উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশে এক নিৰ্দেশযোগে উলিয়াই দিয়ে অধিবক্তাগৰাকীক। এই বিষয়টো মুখ্য ন্যায়াধীশ আৰু বাৰ কাউন্সিলৰ দৃষ্টিগোচৰ কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ ৷

আদালতৰ এক নিৰ্দেশনাত লিখা হৈছে যে, “আবেদনকাৰীৰ অধিবক্তা বি কে মহাজনে জীনছ্ পিন্ধিছিল। গতিকে উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা তেওঁক উলিয়াই নিবলৈ আৰক্ষী জোৱানৰ সহায় লয়।”

উল্লেখ্য যে এই নিৰ্দেশৰ প্ৰতিলিপি অনুসৰি বি কে মহাজনে আবেদনকাৰী এ চৌধুৰী নামৰ এজন লোকৰ গোচৰত যুঁজি আছে। সংবাদ মাধ্যমৰ মতে, মহাজনক কেইবাবাৰো আদালত চৌহদত জীনছ্ পিন্ধি দেখা গৈছিল যদিও শুকুৰবাৰে (২৭ জানুৱাৰী) তেওঁক ন্যায়ালয়ৰ চকুত পৰাত চৌহদৰ পৰা বাহিৰ কৰি দিয়া হয়।

You might also like