নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞান শাখাত পঞ্চম স্থানেৰে সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে গৌৰাংজিতে

বিশেষ বাৰ্তা, ৭ জুনঃ আজি ঘােষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰি চৰাইদেউ জিলালৈ গৈৰৱ কঢ়িয়াই আনিলে সোণাৰি এলিট একাডেমী জুনিয়ৰ কলেজৰ এজন সুযােগ্য ছাত্রই । সোণাৰি নগৰৰ ১৩ নং ৱাৰ্ড ৰজাঢাপৰ নিবাসী তথা সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমল চন্দ্ৰ গগৈ আৰু প্ৰাক্তন শিক্ষয়িত্ৰী মায়শ্ৰী গগৈৰ পুত্র গৌৰাংজিত গগৈয়ে সোণাৰি এলিট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ বিজ্ঞান শাখাত অসমৰ ভিতৰত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় । গৌৰাংজিতে পদাৰ্থ বিজ্ঞানত ৯৮ , ইংৰাজীত ৯৪ , জীৱ বিজ্ঞানত ৯৬ , ৰসায়ন বিজ্ঞানত ৮৬ , গণিতত ৯১ , ঐচ্ছিক ইংৰাজীত ৯৫ নম্বৰেৰে মুঠ ৪৭৪ নম্বৰ লাভ কৰে । মেধাৱী ছাত্ৰজনে লাভ কৰে ৯৪.৮ শতাংশ । ভৱিষ্যতত এগৰাকী প্ৰাণী বিজ্ঞানৰ অধ্যাপক হোৱাৰ হেঁপাহ মনত পুহি ৰাখিছে গৌৰাংজিতে । স্থান লাভ কৰিব বুলি আশা নকৰা ছাত্ৰজনে আজিৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ, বন্ধু-বান্ধৱ আৰু নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰুসকল বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে । পৰীক্ষাৰ আগমুহূৰ্তলৈকে কোনোধৰণৰ টিউচন নোলোৱাকৈ কেৱল পাঠ্যপুথি অধ্যয়ন কৰি পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা গৌৰাংজিতক লৈ আজি শিক্ষানুষ্ঠানখনৰ ছাত্ৰী-ছাত্ৰীসকল শোভাযাত্ৰা কৰি ফটকা ফুটাই আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয় । ইফালে মেধাৱী ছাত্ৰজনৰ এনে সফলতাত শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ মাজতো এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

প্ৰেৰক দীপাংকৰ পাল

You might also like