নিজৰ ভুল স্বীকাৰ কৰি অৱশেষত সেও মানিলে গৌৰৱ চোমানিয়ে
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ৰোষত পৰিছিল বৰ্তমানৰ গুৱাহাটীৰ বাসিন্দা, দেৰগাঁৱৰ যুৱক গৌৰৱ চোমানি। গোছৰ তৰাৰ পিছতে আলফা স্বাধীনে গোচৰ উঠাবলৈ ধমক দিছিল অনা-অসমীয়া গৌৰৱক। আলফা স্বাধীনৰ ধমকৰ পিছত তৎকালীনভাৱে গোচৰ উঠাই লৈছিল যদিও এজন খিলঞ্জীয়া সংগ্ৰামী বিৰুদ্ধে অনা অসমীয়াই গোচৰ তৰিবলৈ কৰা সাহসৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল বিভিন্ন দল-সংগঠন। বুধবাৰে বীৰ লাচিত সেনা, কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিকে আদি বহু কেইটা দল সংগঠনৰ লোক উপস্থিত হৈছিল গৌৰৱ চোমানিৰ দেৰগাঁৱৰ বাসগৃহত। গৌৰৱ চোমানিৰ পৰিয়ালক সাক্ষাৎ কৰি অনাগত সময়ত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়াৰ লগতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৭২ ঘণ্টাৰ ভিতৰত ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনাইছিল দল-সংগঠনে। কিন্তু ৭২ ঘণ্টা উকলাৰ পূৰ্বেই বৃহস্পতিবাৰে নিশা হঠাৎ ফেচবুকত এটা পোষ্ট দিয়ে গৌৰৱ চোমানিয়ে। এই ফেচবুক পোষ্টত দেৰগাঁওবাসীৰ লগতে দল-সংগঠনৰ ওচৰত ভুল স্বীকাৰ কৰে গৌৰৱ চোমানিয়ে। ইয়াৰ পিছতে আজি দেৰগাঁৱৰ লোকনিৰ্মান ভৱনত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় এখনি সভা। বীৰ লাচিত সেনাৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অনুসুচিত জাতি ছাত্ৰ সন্থা, অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া উপস্থিত থকা সভাখনিত আইনী মেৰপেচৰ বাবে গৌৰৱ চোমানি দেৰগাঁৱলৈ আহিব নোৱাৰাত গৌৰৱৰ হৈ সভাত প্ৰতিনিধিত্ব কৰে দেৰগাঁও ব্যৱসায়িক সন্থাৰ সম্পাদক প্ৰদীপ কাব্ৰাই। গৌৰৱ চোমানিৰ হৈ সমুহ দল সংগঠনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি ভৱিষ্যতে এনে পৰিৱেশ সৃষ্টি নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ব্যৱসায়ী সন্থাৰ সম্পাদকগৰাকীয়ে। দেৰগাঁৱৰ শান্তি প্ৰিয় পৰিবেশ অক্ষুন্ন ৰখাৰ স্বাৰ্থত ব্যৱসায়ী সন্থাৰ সম্পাদকগৰাকীৰ কথাত আশ্বস্ত হৈ দল সংগঠনসমুহে এই সংঘাতৰ অন্ত পেলাই বুলি জানিবলৈ দিয়ে।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী