নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গৌৰৱ গগৈয়ে গুগল মেপ চাই তিতাবৰলৈ আহিব লগা হৈছে’ : দিগন্ত কলিতা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰী : লোকসভা নিৰ্বাচনক লৈ বৰ্তমান তিতাবৰত তৎপৰ হৈ পৰিছে বিজেপি। কংগ্ৰেছৰ দুৰ্গস্বৰূপ তিতাবৰত এইবাৰ কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্যৰে জোৰদাৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপি নেতৃত্বই। ঠায়ে ঠায়ে বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ থকাৰ সমান্তৰালকৈ বিজেপিৰ দলীয় কাৰ্যকৰ্তাৰ মাজত সাংগঠনিক আলোচনা সভা অনুষ্ঠিত হৈছে। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা এইকেইদিন তিতাবৰত উপস্থিত হৈ কেইবাস্থানত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰিছে। আজি পুৱাতে বৰহোলা সেউজী ভৱনত অনুষ্ঠিত বিজেপিৰ বৰহোলা মণ্ডলৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে বিধায়ক কলিতাই। সভাত দলীয় কাৰ্যকৰ্তাৰ সৈতে বিভিন্ন সাংগঠনিক আলোচনা কৰে বিধায়কগৰাকীয়ে। সভাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত দিগন্ত কলিতাই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি কয় যে গৌৰৱ গগৈ অন্তৰৰ পৰা আছিল নগাঁৱত। হেঁচা পৰি যোৰহাটত আহিব লগা হ’ল। তেওঁ দেউতাকৰ দিনটো দহটা বছৰ সাংসদ হৈ আছিল। কিন্তু কোনো দিন তিতাবৰৰ খবৰ নাৰাখিলে। এতিয়া শুনিছোঁ গৌৰৱ গগৈয়ে গুগল মেপ চাই চাই তিতাবৰ আহিব লগা হৈছে। এনেকুৱা ব্যক্তিক যোৰহাটৰ ৰাইজে মৰম কৰিব পাৰে, কিন্তু ভোট নিদিয়ে। প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে এখন পৰিয়ালমুক্ত ভাৰতবৰ্ষ কৰাৰ সপোন দেখিছে। বিধায়কগৰাকীয়ে আৰু কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক আমি সন্মান কৰোঁ। মানুহৰ আৱেগ থাকিব পাৰে। কিন্তু উন্নয়ণৰ আগত আৱেগ নচলে। এতিয়া ৰাজনীতি হৈছে উন্নয়ন, বিকাশ আৰু গাঁৱৰ শেষৰজন ব্যক্তিক সহায় কৰা। বিজেপিয়ে উন্নয়ন আৰু বিকাশক বিশ্বাস কৰে। প্ৰধানমন্ত্ৰীৰ দহ বছৰৰ উন্নয়নৰ ‘কাৰ্ড’খন ৰাইজে দেখিছে। আৰু ২৫ বছৰৰ সংকল্প লৈ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব বুলি ব্যক্ত কৰে দিগন্ত কলিতাই। উক্ত সভাখনত যোৰহাট জিলা বিজেপিৰ সম্পাদক দেৱজিৎ সোণোৱাল, বৰহোলা মণ্ডল সভানেত্ৰী প্ৰমিলা সোণোৱাল আদিয়েও অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি তিতাবৰ মণ্ডলতো অনুষ্ঠিত এখন সাংগঠনিক সভাত দলীয় কাৰ্যকৰ্তাৰ সৈতে নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে বিধায়কগৰাকীয়ে। তিতাবৰৰ ২ নং বেবেজীয়া কছাৰী গাঁও নামঘৰ আৰু কুমাৰ গাঁও সাৰ্বজনীন নামঘৰতো বিধায়ক দিগন্ত কলিতা উপস্থিত হৈ ৰাইজৰ সৈতে ক্ষন্তেক মতবিনিময় কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ দীৰ্ঘায়ু কামনাৰে ভগবানৰ চৰণত সেৱা জনায়। উল্লেখ্য যে দিন ৰাতি একাকাৰ কৰি বিজেপিয়ে ব্যপক নিৰ্বাচনী প্ৰস্তুতি চলাইছে যদিক বিৰোধী কংগ্ৰেছে তিতাবৰৰ গ্ৰামাঞ্চলত দুই এখন সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ বাদে বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই।

প্ৰেৰক অজয় শইকীয়া

You might also like