নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ সমন্বয়হীনতাত যোৰহাটত বেকফুটত গৌৰৱ গগৈ !

🔹 বিৰোধী ঐক্যমঞ্চৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিস্ফোৰণ

বিশেষ বাৰ্তা, ৩০ মাৰ্চ : যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দল তথা ৰাইজৰ দল সমৰ্থিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰক লৈ যেন অলপো সন্তুষ্ট নহয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কিয়নো গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কংগ্ৰেছ দলে যিদৰে তৎপৰতা দেখুৱাব লাগিছিল, সেইদৰে যে দেখুওৱা নাই, সেই কথা বিধায়ক অখিল গগৈৰ এখন সংবাদ মেলত স্পষ্ট হৈ পৰিছে। অখিল গগৈয়ে সংবাদ মেলখনত কয়- যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ পক্ষত আমি তিনিজন বিধায়ক আছোঁ। কংগ্ৰেছৰ দুজন, মানে এজন দেবব্ৰত শইকীয়া, আনজন তিতাবৰৰ ভাস্কৰ বৰুৱা আৰু শিৱসাগৰত মই। জান-প্ৰাণ দি আমি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক লীড দিম। এইটো মোৰ চেলেঞ্জ। বাকী নাজিৰা আৰু তিতাবৰৰ বিধায়কে লীড দিবলৈ কেনদৰে কাম কৰিছে মই নাজানো। সাংবাদিকক উদ্দেশ্যি তেওঁ আৰু কয়- আপোনালোকে আঙুলিয়াই দিছে যে কংগ্ৰেছ দলৰ নেতৃবৰ্গই, জিলা পৰ্যায়ৰ নেতৃবৰ্গই যিধৰণে কাম কৰিব লাগিছিল, সেইধৰণে কাম কৰা নাই। আমি এটা কথা লক্ষ্য কৰিছোঁ যে কো-অৰ্ডিনেচন একেবাৰে ভাল হোৱা নাই। কাম কৰিবলৈ এইটো এটা সমস্যা হৈছে আমাৰ কাৰণে। তেওঁ কয় যে এটা কথা খাটাং- এতিয়ালৈকে যিটো কো-অৰ্ডিনেচন হ’ব লাগিছিল, সেয়া হোৱা নাই। তেওঁলোকৰ দলত কি কাম কৰিছে, মই নাজানো। কংগ্ৰেছ দলে কাম কৰিছে নে নাই কৰা, তেওঁলোকৰ কথা মই নাজানো, কিন্তু আমাৰ দলৰ প্ৰত্যেকজন কৰ্মীয়ে দিনে-ৰাতিয়ে কাম কৰি আছে। মই নিজে ইয়াত বহি লৈ সংবাদ মাধ্যমত নোলাই অনবৰতে ফিল্ডৰ কামখিনি কৰি ল’লোঁ। চৰাইদেউৰ পৰা তিতাবৰলৈকে, মাজুলীৰ পৰা একেবাৰে মাহমৰালৈকে আমাৰ কমিটীবিলাকক যি লজিষ্টিক ছাপোৰ্ট দিব লাগে, সেই কামবিলাক কৰি দিলোঁ। বাকী কংগ্ৰেছ দলে কি কৰিছে, কি নকৰিছে নাজানো, কিন্তু অসুবিধা এটাই পাইছোঁ যে কো-অৰ্ডিনেচন ভাল হোৱা নাই। আমাক খবৰবিলাক জনোৱা নাই। উদাহৰণস্বৰূপে শিৱসাগৰৰ বিধায়কজনে গৌৰৱ গগৈয়ে শিৱসাগৰ সমষ্টিলৈ অহাৰ কথাটো উল্লেখ কৰে। তেওঁ কয় যে গৌৰৱ গগৈয়ে সিদিনা মোক লগত লৈ লোৱা হ’লে ভাল আছিল বা আজি সমগ্ৰ যোৰহাট লোকসভা সমষ্টিটোৰ য’লৈকে গৈছে, ময়ো তেওঁৰ লগত যোৱা হ’লে নিশ্চয় তেওঁৰ সুবিধা হ’লহেঁতেন। এইধৰণৰ কো-অৰ্ডিনেচনবিলাক এতিয়ালৈকে হৈ উঠা নাই বুলি বিধায়কজনে প্ৰকাশ কৰে। তেওঁ আৰু কয় যে বাকী সমষ্টিসমূহত কংগ্ৰেছ দলৰ নেতাসকলে কি ভূমিকা লৈছে মই নাজানো, কিন্তু সোণাৰি, মাহমৰা, ডিমৌ বা থাওৰা বিধানসভা সমষ্টিত আমাৰ সম্পূৰ্ণ টীমটোৱে সুন্দৰভাৱে কাম কৰি আছে। থাওৰাত আমাৰ পূৰ্বৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে জান-প্ৰাণ দি কাম কৰি আছে। মৰিয়নি বিধানসভাত আমাৰ প্ৰত্যেকজন কৰ্মীয়ে কাম কৰি আছে। একেদৰে মাজুলী, তিতাবৰতো তেওঁলোকৰ কৰ্মীয়ে সুন্দৰভাৱে কাম কৰি থকা বুলি জানিবলৈ দিয়ে যদিও বাকী অঞ্চলসমূহত কংগ্ৰেছ দলে কেনেধৰণে কাম কৰি আছে, সেই বিষয়ে অখিল গগৈ অজ্ঞ বুলি উল্লেখ কৰি কয় যে গৌৰৱ গগৈক জিকাবলৈ কংগ্ৰেছ দলে কো-অৰ্ডিনেচনটো ইয়াতকৈ আৰু বেছি ভাল কৰিব লাগিব।

You might also like