🔹 ‘ডেৰৰ পৰা দুই লাখ ভোটৰ ব্যৱধানত গৌৰৱ গগৈ হাৰিব’
বিশেষ বাৰ্তা, ১৯ মাৰ্চ : ডেৰৰ পৰা দুই লাখ ভোটৰ ব্যৱধানত গৌৰৱ গগৈ হাৰিব। গৌৰৱ গগৈৰ পৰাজয় নিশ্চিত, সেইবাবে তেওঁৰ মনটো বেয়া লাগি থাকে। আৰু গৌৰৱ গগৈয়ে হাৰিলে নিশ্চয়কৈ তেওঁ সংসদীয় ৰাজনীতিৰ পৰা আঁতৰত থাকিব লাগিব, গতিকে তেওঁৰ খং উঠাটো স্বাভাৱিক।- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। মন্ত্ৰীগৰাকীয়ে আৰু কয়- গৌৰৱ গগৈয়ে এইকেইদিন দেখিছে যে তেওঁৰ পৰাজয় নিশ্চিত। তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী আছিল, কোনো কাম নকৰাকৈ গৌৰৱ গগৈ সাংসদ হৈ আছিল, কোনো কাম নকৰাকৈ কলিয়াবৰৰ ৰাইজৰ সাংসদ হৈ আছিল গৌৰৱ গগৈ। দহ বছৰ সাংসদ হৈ গৌৰৱ গগৈয়ে কলিয়াবৰবাসীৰ বাবে কিবা উল্লেখযোগ্য কাম কৰিছিল নেকি বুলিও মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। কাম নকৰাকৈ তেওঁ দিনবোৰ পাৰ কৰিছিল, এইবাৰ তেওঁ হাৰিব, গতিকে তেওঁৰ খং উঠাটো স্বাভাৱিক।