নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় নাগৰিক নহয় গৌৰৱ গগৈৰ পুত্র–কন্যা

🔹 মুখ্যমন্ত্রী ড০ শর্মাৰ পুনৰ বিস্ফোৰণ

বিশেষ বাৰ্তা, ২৮ এপ্রিল : যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পুত্র–কন্যা ভাৰতীয় নাগৰিক নহয়৷ –এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই কথা মুখ্যমন্ত্রী হিচাপে কৈছোঁ৷ প্রথমতে সাংসদগৰাকীৰ পত্নী ভাৰতীয় নাগৰিক নহয় বুলি কৈছিলোঁ৷ এইবাৰ তেওঁৰ ল’ৰা আৰু ছোৱালীজনীও ভাৰতীয় নহয় বুলি কৈছোঁ৷ যদি তৰুণ গগৈৰ নাতিনীয়েক ভাৰতীয় নহয়, অসমীয়া নহয়, তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রশ্ণ কৰে৷

সাংসদ গগৈক তেওঁৰ ল’ৰা–ছোৱালী দুটাৰ নাগৰিকত্বৰ কথাটো ৰাইজক ক’বলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ আনহাতে, সাংসদ গগৈয়ে পাকিস্তানলৈ যোৱা, পাকিস্তানত ১৫ দিন কটাই অহা প্রসংগত চিধা–চিধিকৈ কোনো উত্তৰ নিদিয়াৰ বিষয়টো উনুকিয়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ পাকিস্তানলৈ গৈছিল নে নাই, সেইটোকে অকাই–পকাই কিয় আছে? পাকিস্তানলৈ যোৱা–নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয়৷ ৰাইজ বুর্বক নহয়৷ যিয়ে টিভি চায় বুজিয়েই পায়, সাংসদজনে চিধা কথা ক’ব খোজা নাই৷ ১৫ দিন পাকিস্তানত থাকি অহাটো হয় নে নহয় বুলি প্রশ্ণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাংসদজনে ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক’ত শিকিলে? পাকিস্তানতে তেওঁ ১৫ দিনতে নামাজ পঢ়িবলৈ শিকি আহিলে নেকি?

সেইদৰে সাংসদ পত্নীৰ পাকিস্তানৰে সম্পর্ক প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাংসদ পত্নীয়ে পাকিস্তানৰ এনজিঅ’ৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে, তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্রমাণ লাগে নেকি? অহা ১০ ছেপ্টেম্বৰত প্রমাণসহকাৰে এই তথ্য সদৰী কৰা হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইমানৰ পিছতো নির্লজ্জ মানুহেহে ইয়াতকৈ বেছি প্রমাণ বিচাৰে৷

আনহাতে, পাকিস্তানৰ সমর্থনত ফেচবুকত মন্তব্য কৰাৰ বাবে বিধায়ক আমিনুল ইছলামক গ্রেপ্তাৰ কৰা প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰততো তাতকৈ বেছি একচন হ’ব লাগিব৷ সাংসদ গগৈক সুধি থকা কথাবোৰৰ ক্ষেত্রত ৰাইজৰ ওচৰত সঁচা–মিছা কৈ দিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মই ক’ব লাগিলে ময়ো দুখ পাম৷ সঁচা কথাখিনি মোৰ মুখেদি ক’ব খোজা নাই৷ কাৰণ তৰুণ গগৈৰ মন্ত্রীসভাত ময়ো এজন সদস্য আছিলোঁ৷

You might also like