নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছআইৰ আমন্ত্রণতে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ

🔹 আইএছআইৰ আমন্ত্রণতে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ

🔹 মুখ্যমন্ত্রীৰ মহাবিস্ফোৰণ

ষ্টাফ ৰিপ’টাৰ, ১৮ মে’ : যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পর্ক সন্দর্ভত নতুন বিস্ফোৰণ ঘটালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি মই প্রথমবাৰ কৈছোঁ, তেওঁ পাকিস্তানত আইএছআইৰ আমন্ত্রণত  গৈছিল৷ তাৰ ডকুমেণ্ট আমাৰ লগত আছে৷ পাকিস্তানলৈ তেওঁ ফুৰিবলৈ যোৱা নাছিল৷ আজি মই এঢাপ ওপৰত কৈছোঁ– তাত তেওঁ নিশ্চিতভাৱে প্রশিক্ষণ ল’ব গৈছিল৷ কাৰণ আইএছআয়ে তেওঁক কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পাছতহে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল৷ গৃহ বিভাগ মানে কি? পৰৰাষ্ট্র বিভাগে মতা, বিশ্ববিদ্যালয়ে মতা বেলেগ কথা৷ তেওঁ প্রত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্রণত তাত গৈছিল৷ চৰকাৰৰো বৈদেশিক পৰিক্রমা বা সাংস্কৃতিক বিভাগ নহয়, পোনপটীয়াভাৱে পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্রণত  গৈছিল৷ গতিকে কিমান বিপজ্জনক হ’ব পাৰে? অসমৰ বহু সাংবাদিকে ভাবি আছে এইটো মুখ চুপতিৰ কথা হৈ আছে৷ ইয়াত মুখ চুপতি একো হোৱা নাই৷ ইয়াত ল’ৰা–ধেমালিৰ কথাই নাই৷ এইটো যথেষ্ট ছিৰিয়াছ বিষয়৷ ইয়াৰ পিছত ডাঙৰ একচন হ’ব৷ এইটোক লৈ ল’ৰা–ধেমালি, মুখ চুপতা–চুপতি কৰাৰ পৰিকল্পনা নাই৷ অহা ১০ ছেপ্টেম্বৰত যেতিয়া সকলো তথ্য ৰাজহুৱা কৰিম, সকলো আচৰিত হৈ যাব৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মুখ্যমন্ত্রীৰ আসনৰ পৰা মই যেতিয়া ২৪ ঘণ্টাৰ মূৰে মূৰে এই বিষয়টো কৈ আহিছোঁ, নিশ্চয় স্পষ্ট প্রমাণ হাতত আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ কথা বিশ্বাস কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু গৌৰৱ গগৈৰ প্রতি যি মৰম–প্রীতি আছে সেয়া ত্যাগ কৰাৰ বাবেও সাজু হৈ থাকিবলৈ আহ্বান জনায় যে অহা ১০ ছেপ্টেম্বৰত দিনৰ ১১ বজাত সংবাদ মেল পাতি সকলো নথি–পত্র ৰাজহুৱা কৰিম৷ এটা কথাও যদি মিছা কৈছোঁ, তেতিয়াহ’লে মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰাৰ লগতে জীৱনত ৰাজনীতি কৰাৰ পৰাই আঁতৰি আহিম৷ এঢাপ ওপৰলৈ গৈ ঘৰলৈ যোৱাও এৰি দিব বুলি তেওঁ মন্তব্য কৰে৷ গৌৰৱ গগৈৰ পাকিস্তান সম্পর্কত যিমান ক’ব লগা আছে, তাতকৈ বহুত কম কথা কৈ থকাৰ কথা উল্লেখ কৰি  মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আচল কথা এতিয়াও মই কোৱা নাই৷ ১০ ছেপ্টেম্বৰত ইয়াতকৈ বেছি কথা ক’ম৷

আনহাতে, গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পর্কৰ বিষয়টোক লৈ অহা বিধানসভা নির্বাচনৰ সৈতে কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিষয়টো নির্বাচনৰ বাহিৰত ৷ নহ’লে মই নির্বাচনৰ সন্মুখতো এই বিষয়টো দিব পাৰিলোঁহেঁতেন৷ অহা এপ্রিলত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ নির্বাচনক লৈ সম্পর্ক থকা হ’লে মই ক’ব পাৰিলোঁহেঁতেন– গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পর্কৰ তথ্য মই জানুৱাৰী মাহত দি দিম৷ যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে৷ কিন্তু মইতো ছেপ্টেম্বৰতেই সকলো তথ্য দিম বুলি কৈছোঁ৷ তাৰ পাছতো বিধানসভা নির্বাচনলৈ ছমাহ থাকিব৷ ছেপ্টেম্বৰলৈ সময় লোৱা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গৌৰৱ গগৈয়ে পাকিস্তান চৰকাৰৰ আমন্ত্রণত আৰু পাকিস্তানৰ গৃহ বিভাগৰ আমন্ত্রণত পাকিস্তানলৈ গৈছিল৷ গৃহ বিভাগে তেতিয়া আমন্ত্রণ কৰে, যেতিয়া কাৰোবাক প্রশিক্ষণ দিব লাগে৷ এই সম্পর্কীয় প্রমাণখিনি আদালতৰ দ্বাৰা প্রত্যায়িত হ’ব লাগিব৷ সেই প্রক্রিয়াখিনিৰ বাবে মোক তিনি মাহ সময় লাগে৷ গৌৰৱ গগৈয়ে যি কাম কৰিছে তাৰ প্রমাণ আমাৰ লগত আছে৷ ইয়াৰ পৰা বচাৰ কোনো উপায় নাই৷ আগ আৰু পিছফালেও তলা আছে, সোঁ আৰু বাঁওফালেও তলা আছে৷ এইটো এটা গুৰুতৰ অপৰাধ৷ সকলো প্রমাণ আমি চকুদি দেখিছোঁ৷ খালী কাগজখিনি আনিবৰ বাবে আমি ছেপ্টেম্বৰলৈ ৰ’ব লগা হৈছে৷ সংবাদ মাধ্যমৰ বাবে এয়া বাতৰিৰ খোৰাক৷ কিন্তু আমাৰ বাবে ৰাষ্ট্রীয় নিৰাপত্তা, দেশৰ সার্বভৌমত্বৰ বিষয়৷

আনহাতে, বিজেপিৰ মানুহো পাকিস্তানলৈ যোৱা বুলি গৌৰৱ গগৈয়ে পৰোক্ষভাৱে কৰা মন্তব্যৰ প্রত্যুত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে, আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা ল’ম৷ যদি কোনোবাই ৰাষ্ট্রৰ কামত গৈছে, ক্রিকেট খেলিব গৈছে, ভাৰত চৰকাৰৰ পৰা অনুমতি লৈ গৈছে বেলেগ কথা৷ এতিয়াও যদি কাইলৈ ভাৰত–পাকিস্তানৰ চুক্তি হয়, কোনোবাটো পাকিস্তানত যাব লাগিব৷ ৰাষ্ট্রৰ কামক বাদ দি কোনোবা যদি বিজেপি নেতা চুপে–চাপে পাকিস্তানত গৈছে, সেই নাম দিব লাগে মই তাৎক্ষণিকভাৱে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডালৈ পঠিয়াই দিম৷  আমি এই কামক সমর্থনো নকৰোঁ আৰু এইবিলাক কামত নাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আনৰ গাত আঙুলি টোঁৱাই লাভ নাই৷ কাৰণ ধর্মীয় কাৰণতো মানুহ যাব৷ পাকিস্তানত গুৰু নানকৰ জন্মস্থান আছে৷ পঞ্জাবৰ কংগ্রেছ–বিজেপিৰ চবে গুৰুদ্বাৰলৈ যায়৷ তাৰ বাবে বিশেষ অনুমতি লৈ যায়৷ কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্রণত গৈছে, বিজেপিৰ নেতাৰ নাম পালে সেয়া নাড্ডালৈ পঠিয়াই দিয়া হ’ব আৰু তেনে নেতাক আজিয়েই ধৰা হ’ব৷ পাকিস্তানৰ লগত বিজেপিৰ কোনো আপোচ নাই৷

ইপিনে, গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্রীয়েও বাংলাদেশলৈ যোৱাৰ প্রসংগ উত্থাপন কৰাৰ বিষয়টোত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শ্বেইখ হাছিনা থকালৈকে বাংলাদেশ ভাৰতৰে প্রদেশ আছিল৷ বাংলাদেশৰ লগত ভাৰতৰ মৈত্রী সম্পর্ক আছিল, বৈৰী সম্পর্ক নাছিল৷ মহম্মদ ইউনুছ বাংলাদেশৰ প্রধানমন্ত্রী হোৱাৰ পাছত মই বাংলাদেশলৈ গৈছোঁ নেকি? বাংলাদেশ আৰু পাকিস্তান একে নেকি? শ্বেইখ হাছিনাক আমি ভাৰতে আশ্রয় দিছোঁ৷ কাক বুর্বক বনাব খোজে? অসমৰ মানুহক ইমান বুর্বক বুলি ভাবিব নালাগে৷

এইটোও পঢ়ক :📌 যুদ্ধবিধ্বস্ত গাজাত ‘ট্রাম্প নগৰী’ গঢ়ি তুলিব আমেৰিকাই

https://www.facebook.com/share/p/15ZpCaDs1h/

You might also like