নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ জালত পৰা কুখ্যাত গৰু মাফিয়া আব্দুল বাতেন মণ্ডলক আজি আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই ধুবুৰী জিলাৰ টিপকাই আৰু ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰাৰ অভিযোগ আছে বাতেনৰ বিৰুদ্ধে। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে ঝালেৰ আলগা গাঁৱৰ পৰা কৰায়ত্ব কৰিব সক্ষম হৈছিল কুখ্যাত আন্তঃৰাষ্ট্ৰীয় গো-সৰবৰাহীজনক। উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই ধুবুৰী জিলাৰ টীপকাই আৰু ব্ৰহ্মপুত্ৰ নৈৰে বাংলাদেশ লৈ চোৰাং গৰু সৰবৰাহ কৰাৰ অভিযোগ আছে বাতেনৰ বিৰুদ্ধে। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে ঝালেৰ আলগা গাঁৱৰ পৰা কৰায়ত্ত কৰিব সক্ষম হৈছিল কুখ্যাত আন্তঃৰাষ্ট্ৰীয় গো-সৰবৰাহীজনক। আৰক্ষীৰ জেৰাত গো-মাফিয়া আব্দুল বাতেন মণ্ডলে মুখ খুলিলে ৰাজ্যৰ ভাৰত-বাংলাদেশ সীমান্তইদি চলি থকা গৰুৰ চোৰাং বেহাৰ বহু অকথিত কাহিনী উন্মোচিত হোৱাৰ সম্ভাৱনা আছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী