নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকেশ আম্বানিক অতিক্রমি দেশৰ প্ৰথম ধনাঢ্যত পৰিণত গৌতম আদানি

আদানিৰ সম্পত্তিৰ পৰিমাণ ৯৭.৭ বিলিয়ন মার্কিন ডলাৰ, আম্বানিৰ ৯৭ বিলিয়ন মার্কিন ডলাৰ

বাৰ্তা ডিজিটেল ডেস্ক, ৫ জানুৱাৰীঃ মুকেশ আম্বানিক অতিক্রমি পুনৰ দেশৰ এক নম্বৰ ধনাঢ্য ব্যক্তিৰূপে পৰিগণিত গৌতম আদানি ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ হিণ্ডেনবার্গে আদানি গ্রুপৰ অর্থনৈতিক কেলেংকাৰিৰ তথ্য সমৃদ্ধ প্রতিবেদন প্রচাৰ কৰাৰ পাছতেই হোৰাহোৰে সম্পত্তিৰ পৰিমাণ কমি বিশ্বৰ ধনাধ্য ব্যক্তিৰ তালিকাৰ শীর্ষ ২০ৰ পৰা অৱনমিত হোৱাৰ লগতে ভাৰতৰ ধনাধ্য ব্যক্তিৰ স্থান হেৰুওৱা গৌতম আদানিয়ে পুনৰ নিজৰ সম্পত্তি দ্রুতগতিত বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ উচ্চতম ন্যায়ালয়ে হিণ্ডেনবার্গ ৰিচার্ছ প্রতিবেদনৰ বিৰুদ্ধে ছেবিৰ বিপৰীতে আনৰ দ্বাৰা তদন্তত অসন্মতি প্রকাশ কৰাৰ পাছতেই আদানি গ্রুপৰ শ্বেয়াৰ বজাৰকে ধৰি ব্যৱসায় সাম্রাজ্যৰ উত্থান ঘটে৷ চলিত বর্ষত আদানিৰ সম্পত্তি ৭.৭ বিলিয়ন ডলাৰ বৃদ্ধি হোৱাৰ পাছত আদানিৰ সম্পত্তি ৯৭.৬ বিলিয়ন মার্কিন ডলাৰ হয়৷ ইয়াৰ লগে লগে আদানিয়ে মুকেশ আম্বানিক অতিক্রম কৰি ভাৰতৰ লগতে এছিয়াৰ এক নম্বৰ ধনাধ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে৷ ৰিলায়েন্সৰ স্বত্ত্বাধিকাৰী মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ ৯৭ বিলিয়ন মার্কিন ডলাৰ৷ ব্লুমবার্গ বিলিয়নার্ছ ইনডেক্সৰ তালিকাত এই তথ্য প্রকাশ পাইছে৷ প্রথম প্রজন্মৰ উদ্যোগী গৌতম আদানিয়ে ১৯৮০ দশকত হীৰাৰ ব্যৱসায় আৰম্ভ কৰিবলৈ লয়৷ পৰৱর্তী সময়ত জাহাজ বন্দৰৰ পৰা বিদ্যুতৰ ব্যৱসায়ৰ একছত্রী সম্রাট হৈ পৰে৷ ৫ বছৰৰ ভিতৰতেই গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ ১৫০ বিলিয়ন ডলাৰতকৈ অধিক হৈছিল৷ কিন্তু হিণ্ডেনবার্গ ৰিছার্চৰ প্রতিবেদনে গৌতম আদানিৰ সম্পত্তি ৫০ বিলিয়ন মার্কিন ডলাৰলৈ হ্রাস কৰিছিল৷

You might also like