নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰিছ অলিম্পিকলৈ প্রত্যক্ষ স্বীকৃতি গীতিকা তালুকদাৰক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ ‘পেৰিছ অলিম্পিক গেমছ–২০২৪’ৰ বাতৰি পৰিৱেশন কৰাৰ বাবে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী (আই’চি)ৰ পৰা প্রত্যক্ষ স্বীকৃতি লাভ কৰিছে অসম কন্যা তথা জ্যেষ্ঠ ক্রীড়া সাংবাদিক–ফটোগ্রাফাৰ গীতিকা তালুকদাৰে৷ ক্রীড়া ক্ষেত্রখনত মহিলা সাংবাদিক আৰু ফটোগ্রাফাৰসকলক অনুপ্রীণিত কৰাৰ লক্ষ্যৰে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে গীতিকা তালুকদাৰক এই স্বীকৃতি প্রদান কৰিছে৷ এনেদৰে প্রত্যক্ষ স্বীকৃতি লাভ কৰা অসম কন্যাগৰাকী হৈছে ভাৰতৰ প্রথম আৰু একমাত্র মহিলা ফটোগ্রাফাৰ৷ তদুপৰি প্রত্যক্ষ স্বীকৃতি লাভ কৰা তালুকদাৰ বিশ্বৰ মাত্র কেইগৰাকীমান ফটোগ্রাফাৰৰ ভিতৰত অন্যতম৷ স্বাভাৱিকতে পেৰিছ অলিম্পিকলৈ বাছনি লাভ কৰি উৎফুল্লিত হৈ পৰিছে অসমৰ ক্রীড়া সাংবাদিক তথা ফটোগ্রাফাৰগৰাকী৷ এটা বিবৃত্তিৰ জৰিয়তে প্রতিক্রিয়া প্রকাশ কৰি তালুদকাৰে কয়– ‘পেৰিছ অলিম্পিক গেমছৰ বাতৰি পৰিৱেশন কৰিবলৈ আই’চিৰ স্বীকৃতি লাভ কৰাটো মোৰ বাবে এটা সন্মান৷ চলিত বছৰৰ বাবে প্রত্যক্ষভাৱে স্বীকৃতি দিয়াত মই আই’চিৰ ওচৰত কৃতজ্ঞ৷ এই স্বীকৃতিয়ে মোক কাম কৰিবলৈ অধিক উৎসাহিত কৰিব৷ তেওঁ লগতে কয় যে এনেধৰণৰ পদক্ষেপে মহিলাসকলৰ নেতৃত্ব প্রদানকাৰীক উৎসাহ প্রদান কৰে৷ যিটো সমাজৰ বাবে সামগ্রিকভাৱে অতি প্রয়োজনীয়৷ উল্লেখ্য যে অলিম্পিকৰ দৰে সন্মানীয় ক্রীড়া প্রতিযোগিতাৰ বা–বাতৰি সংগ্রহ কৰিবলৈ তালুকদাৰে দ্বিতীয়বাৰৰ বাবে সুযোগ লাভ কৰিছে৷ ইয়াৰ পূর্বে ২০২১ চনত অনুষ্ঠিত টকি’ অলিম্পিকতো তেওঁ অংশগ্রহণ কৰিছে৷ ক’ভিড মহামাৰীৰ তীব্র প্রত্যাহ্বানৰ মাজতে তেওঁ টকি’ অলিম্পিকৰ বাতৰি সংগ্রহ কৰি খ্যাতি অর্জন কৰিছিল৷ বিশ্বৰ বিভিন্ন প্রান্তৰ সাংবাদিকে টকি’ অলিম্পিকত অংশগ্রহণ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত ভাৰতৰ পৰা একমাত্র মহিলা ফটোগ্রাফাৰ হিচাপে তালুকদাৰে ভাগ লয়৷ সাংবাদিকতাৰ ১৯ বছৰীয়া কেৰিয়াৰৰ সময়ত তালুকদাৰে বহুকেইটা গুৰুত্বপূর্ণ অনুষ্ঠানৰ বাতৰি সংগ্রহ কৰিছে৷ অষ্ট্রেলিয়াৰ ফিফা মহিলা বিশ্বকাপ, নিউজিলেণ্ডৰ ফিফা মহিলা বিশ্বকাপ, কাটাৰ ফিফা বিশ্বকাপ, ফিফা ফ্রান্স মহিলা বিশ্বকাপ, ৰাছিয়াৰ ফিফা বিশ্বকাপ, লণ্ডন আইচিচি ক্রিকেট বিশ্বকাপ, আইপিএল কমনৱেলথ গেমছ, দক্ষিণ এছিয়ান গেমছ আদিত তেওঁ সাংবাদিক তথা ফটোগ্রাফাৰ হিচাপে অংশগ্রহণ কৰিছে৷ অহা ২৩ জুলাইত তালুকদাৰে চলিত বর্ষৰ অলিম্পিক আৰু পেৰা অলিম্পিকত অংশগ্রহণৰ উদ্দেশ্যেৰে পেৰিছলৈ ৰাওনা হ’ব৷ লক্ষণীয় যে দক্ষিণ কোৰিয়াস্থিত ছিউল ৰাষ্ট্রীয় বিশ্ববিদ্যালয়ৰ পৰা তালুকদাৰে ক্রীড়া ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে৷ ২০২০ চনত এই ডিগ্রীৰ বাবে দক্ষিণ কোৰিয়াৰ ক্রীড়া মন্ত্রালয়ৰ পৰা তেওঁ জলপানি লাভ কৰিছিল৷ অসম কন্যাগৰাকীয়ে লাভ কৰা এই বিৰল স্বীকৃতিয়ে ৰাজ্যবাসীকো উৎফুল্লিত কৰি তুলিছে৷

You might also like