নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত দেশৰ সাধাৰণ নিৰ্বাচনঃ কংগ্রেছৰ কঁকাল ভাঙিবলৈ তৎপৰ ইউডিএফ

বিশেষ বাৰ্তা, ১৯ আগষ্টঃৰাজ্যখনত বিজেপিৰ অপ্রতিৰোধ্য উত্থান, জনপ্রিয়তা আৰু গ্রহণযোগ্যতাই বিৰোধী দল কংগ্রেছৰ সন্মুখত প্রবল প্রত্যাহ্বান হৈ পৰাৰ সময়তে কংগ্রেছৰ যি অৱশিষ্ট শক্তি আছে, সেইকণ শক্তিৰো কঁকাল ভাঙিবলৈ তৎপৰ হৈ পৰিছে সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দল৷ যোৱা বিধানসভা নির্বাচনত কংগ্রেছে এ আই ইউ ডি এফৰে মিত্রতা কৰি নির্বাচনী যুঁজত অৱতীর্ণ হয় যদিও চৰকাৰ গঠন কৰিব নোৱাৰাত কংগ্রেছে সকলো দোষ এ আই ইউ ডি এফলৈ ঠেলি একপক্ষীয়ভাৱে মিত্রতা ছেদ কৰে৷ পৰৱর্তী পর্যায়ত যোৱা মার্চ মাহত ৰাজ্যসভা নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফৰ মাজত মিত্রতা হয় যদিও ভোটগ্রহণৰ দুদিন পূর্বৰে পৰা দল দুটাৰ মাজত সম্পর্ক তিক্ততাপূর্ণ হৈ পৰে৷ ৰাজ্যসভা নির্বাচনৰ লগতে যোৱা মাহত অনুষ্ঠিত ৰাষ্ট্রপতি নির্বাচনত বিৰোধীৰ ক্রছ ভোটিঙক লৈ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি এতিয়াও অব্যাহত আছে৷ এই পৰিৱেশৰ মাজতে অহা ২০২৪ চনত হ’বলগীয়া লোকসভা নির্বাচনত কংগ্রেছৰ ওপৰত পোটক লোৱাৰ ৰণনীতি গ্রহণ কৰিছে আজমলৰ দলটোৱে৷ এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা, বিধায়ক ৰফিকুল ইছলামে আজি সংবাদ মাধ্যমৰ আগত কয় যে অহা লোকসভা নির্বাচনত এ আই ইউ ডি এফে সাতটা সমষ্টিত দলীয় প্রার্থী থিয় কৰাব৷ শিলচৰ, কৰিমগঞ্জ, কলিয়াবৰ, নগাঁও, মঙলদৈ, বৰপেটা আৰু ধুবুৰী লোকসভাৰ আসনকেইখনত নিজা প্রার্থী দিব৷ পূর্বতেও তেওঁলোকে উক্ত সমষ্টিকেইটাত প্রতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰি ইছলামে কয় যে লোকসভাত কংগ্রেছৰ তিনিজন সাংসদ থকাৰ দৰে পূর্বতে এ আই ইউ ডি এফৰো তিনিজন সাংসদ আছিল৷ বৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জ তেওঁলোকৰ দখলত আছিল৷ অৱশ্যে এতিয়া অকল ধুবুৰীৰ আসনখনহে আছে৷ এই প্রসংগতে তেওঁ কয় যে যোৱা লোকসভা নির্বাচনৰ সময়ত কংগ্রেছে তেওঁলোকক প্রতাৰণা কৰিলে৷ এ আই ইউ ডি এফৰ কান্ধত বন্দুক থৈয়েই নগাঁও আৰু কলিয়াবৰৰ আসন দুখন কংগ্রেছে লাভ কৰিবলৈ সক্ষম হয়৷ সেয়ে এইবাৰ এ আই ইউ ডি এফে লোকসভা নির্বাচনত ৫–৭খন আসন দখলৰ চেষ্টা কৰিব৷ ইপিনে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি ৰঙিয়াত সংবাদ মাধ্যমৰ আগত কয় যে অহা লোকসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১৪খন আসনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব আৰু ১২ প্লাছ আসন দখল কৰিবলৈ সক্ষম হ’ব৷ দুর্নীতি–ভ্রষ্টাচাৰে ইতিমধ্যে কংগ্রেছ দলক শেষ কৰিলে৷ কংগ্রেছ এতিয়া পশ্চিম আকাশত৷ কংগ্রেছ দল অনাগত ২৫ বছৰলৈ বাহিৰত থাকিব লাগিব৷ তেওঁ আৰু কয় যে অহা ছেপ্ঢেম্বৰ মাহৰ প্রথম সপ্তাহৰ ভিতৰতে বিজেপিৰ মহা যোগদান হ’ব৷ বিভিন্ন দলৰ কেইবাজনো বিধায়কৰ লগতে কেইবাটাও সংগঠনৰ নেতৃবৃন্দই বিজেপিত যোগদান কৰিব৷ ইফালে, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলম্বিত কংগ্রেছ বিধায়ক ছিদ্দিক আহমেদে কংগ্রেছৰ ১০–১২গৰাকী বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি বিস্ফোৰক মন্তব্য কৰে৷ সেইসকল কংগ্রেছী বিধায়কৰ বিজেপিৰ লগত যোগাযোগত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱা ৰাষ্ট্রপতি নির্বাচনতো তেওঁলোকে এন ডি এৰ প্রার্থী দ্রৌপদী মুর্মুক ভোটদান কৰিছিল৷ সেইদৰে তেওঁ কংগ্রেছ দলত নাথাকে বুলি স্পষ্ট কৰি দি কয় যে তেওঁ কোন দলত যোগদান কৰিব, সেই বিষয়ে কার্যকালৰ অন্তিম বছৰটোত সিদ্ধান্ত ল’ব৷ বর্তমানৰ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই দলটো ধৰি ৰাখিব পৰা নাই বুলি মন্তব্য কৰি বিধায়ক আহমেদে কয় যে ভূপেন বৰাৰ দুর্বলতাৰ বাবেই কংগ্রেছৰ বহু বিধায়কে দল এৰিব৷ তেওঁ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাম–কাজত সন্তুষ্টি ব্যক্ত কৰি কয় যে আগৰ চৰকাৰৰ তুলনাত এইবাৰ তেওঁৰ সমষ্টিত বহুত কাম হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই বাট–পথ নির্মাণৰ কাম–কাজত গুৰুত্ব দিছে৷ আনহাতে, আগন্তুক সময়ত এ আই ইউ ডি এফ লাভৱান হ’ব বুলি মন্তব্য কৰি বিধায়ক আহমেদে কয় যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত যিহেতু মিত্রতা নাই, ভৱিষ্যতে এ আই ইউ ডি এফে বিভিন্ন আসনত প্রার্থী দিব৷ ইয়াৰ ফলত সংখ্যালঘু ভোটৰ বিভাজন হ’ব আৰু কংগ্রেছে বহু সমষ্টি হেৰুৱাব৷ ‘কা’ আন্দোলন সন্দর্ভতো তাৎপর্যপূর্ণ মন্তব্য কৰি বিধায়ক আহমেদে কয় যে ‘কা’ আন্দোলন ইতিমধ্যে শেষ হৈ গ’ল৷ এতিয়া ‘কা’ আন্দোলন ফলপ্রসূ নহয়৷ এতিয়া মানুহ আন্দোলনমুখী নহয়৷ মানুহে উন্নয়নৰ বিষয়েহে চিন্তা কৰে৷ চৰকাৰেও উন্নয়নমূলক কাম–কাজ কৰি আহিছে৷

You might also like