নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত মেট্ৰিকত সমাজ বিজ্ঞানৰ পৰিৱৰ্তে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ১৯ ফেব্ৰুৱাৰী : কোকৰাঝাৰত মেট্ৰিক পৰীক্ষাত অঘটন সংঘটিত হৈছে। কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা হাইস্কুলত খেলিমেলিৰ ঘটনা সংঘটিত হৈছে। আজি মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল আৰু সেইমতে পৰীক্ষাৰ্থীসকলে নিজ নিজ আসনত বহি পৰীক্ষা দিয়াৰ বাবে সাজু হৈ আছিল। পৰীক্ষাৰ দায়িত্বত থকা শিক্ষকসকলে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা খোলাত দেখা পায় যে ভিতৰৰ টোপোলাত সাধাৰণ বিজ্ঞানৰহে প্ৰশ্নকাকত আছিল। লগে লগে বিষয়টো ঊৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰায় আৰু ততাতৈয়াকৈ উক্ত প্ৰশ্নকাকতৰ টোপোলাটো থানাত জমা দি নতুন প্ৰশ্নকাকতৰ টোপোলা আনি পৰীক্ষা পাতে। সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ কমেও ১০-১৫ মিনিট সময় গুচি যায়। যাৰ পৰিণতিত পৰীক্ষা আৰম্ভ কৰাত কিছু পলম হয়। ইপিনে অভিভাৱকসকলে লোকচান হোৱা সময় বঢ়াই দিয়াৰ দাবী উত্থাপন কৰিছে। লোকচান হোৱা সময়খিনি পৰীক্ষাৰ্থীক বঢ়াই নিদিলে তেওঁলোক সমস্যাত পৰিব বুলি মন্তব্য কৰিছে। আনহাতে বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত লেবেল তথা পেকেটিঙৰ ভুলৰ বাবেহে এনে ঘটনা সংঘটিত হবলৈ পালে বুলি মন্তব্য কৰিছে। পেকেটৰ ওপৰত সমাজ বিজ্ঞান বুলিয়েই লিখা আছিল যদিও পেকেটৰ ভিতৰত আকৌ সাধাৰণ বিজ্ঞানৰহে লেবেল আছিল বুলি মন্তব্য কৰিছে। উক্ত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতেই সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত প্ৰশ্নকাকতৰ টোপোলাসমুহ কোকৰাঝাৰ সদৰ থানাত জমা দিয়া হয় আৰু প্ৰশ্নকাকতৰ নতুন টোপোলা আনি পৰীক্ষা অনুষ্ঠিত কৰা হয়। পাঁচ মিনিটমান সময় পলম হ’ল আৰু সেয়া বঢ়াই দিব পৰা যাব বুলি মন্তব্য কৰি ভাল পেকেটিঙৰ বাবে অনাকাংক্ষিত ঘটনা নহল বুলি মন্তব্য কৰিছে বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মই। 
প্ৰেৰক শুকুৰ আকন্দ
You might also like