নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ আকাশ বিজ্ঞান কেন্দ্রত জার্মানীৰ শিক্ষানুৰাগী

বিশেষ বার্তা, ২২ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ বিজ্ঞান জনপ্রিয়কৰণৰ শ্রেষ্ঠ সংগঠকৰ সন্মান লাভ কৰা বিশ্বনাথ চাৰিআলিৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্রত জার্মানীৰ চাইল্ডেইড নেটৱর্কৰ কেৰ’লিন স্ক’ঞ্জ উপস্থিত হয়৷ কেৰ’লিন স্ক’ঞ্জে বিজ্ঞান জনপ্রিয়কৰণৰ ৰাষ্ট্রীয় বঁটা লাভ কৰা ক্ষীৰধৰ বৰুৱাই ২০০১ চনত প্রতিষ্ঠা কৰা আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ শিশু শিক্ষাৰ লগত জড়িত বিভিন্ন কার্যকলাপ প্রত্যক্ষ কৰি উৎফুল্লিত হৈ পৰে৷ সাংবাদিকক নিজৰ অনুভৱ সন্দর্ভত কেৰ’লিন স্ক’ঞ্জে আকাশৰ শিশুকেন্দ্রিক শিক্ষা দেখি তেওঁ জার্মানীত শৈশৱত লাভ কৰা শিক্ষালৈ মনত পৰাৰ কথা উল্লেখ কৰে৷ অর্থাৎ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্রই প্রদান কৰি থকা শিক্ষা পদ্ধতি জার্মানীৰ দৰে উন্নত দেশৰ লগত একে হোৱাটো আকাশৰ বাবে অন্য এক স্বীকৃতি বুলি ক’ব পাৰি৷ ক্ষীৰধৰ বৰুৱাৰ মানস সন্তান আকাশ শিশু বিজ্ঞান অনুষ্ঠানে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, অনুষ্ঠানৰ লগত শিশুসকলৰ লগতে শিক্ষক–শিক্ষয়িত্রী, যুৱক–যুৱতীসকলক ৰসায়ন বিজ্ঞান, পদার্থ বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, জ্যোতির্বিজ্ঞান, অন্ধবিশ্বাস আৰু কু–সংস্কাৰৰ শিক্ষা পেলনীয়া নতুবা কম খৰচী সামগ্রীৰে প্রদান কৰি আহিছে৷ ২০১২ চনৰ পৰা আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্রত প্রতি দেওবাৰে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীৰ শিশুসকলক হাতে–কামে বিজ্ঞান শিক্ষা বিনামূলীয়াকৈ প্রদান কৰা বিষয়টোৱে কেৰ’লিন স্ক’ঞ্জৰ লগতে চাইল্ডেইড নেটৱর্কৰ উত্তৰ–পূর্বাঞ্চলৰ প্রতিনিধি অভিজিৎ কোচ, সমীৰ দত্ত আৰু ৰজত কমল হাজৰিকাৰে গঠিত দলটোক অভিভূত কৰি তোলে৷ শিক্ষানুৰাগী কেৰ’লিন স্ক’ঞ্জক জার্মান নাট্যকাৰ বার্ট’ল্ট ব্রেখটৰ ৰচিত আৰু ক্ষীৰধৰ বৰুৱা অনূদিত ‘গেলিলি’ গেলিলি’ পুথিখন উপহাৰ দিয়াত অতি আনন্দৰে গ্রহণ কৰে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সকলো ঠাইতে আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্রৰ দৰে অনুষ্ঠান অতীব প্রয়োজন আৰু এজন ব্যক্তিৰ চিন্তাত এনে অভিনৱ অনুষ্ঠান জন্ম হোৱাটো ব্যক্তিজনৰ সমাজৰ প্রতি ভালপোৱা কিমান, তাক প্রকাশ কৰিছে বুলি অভিজিৎ কোচে মন্তব্য দিয়ে৷ দলটোৰ পৰিদর্শনৰ সময়ত সহকাৰী সম্পাদক মামুদ আহমেদ আৰু প্রাক্তন ছাত্র, সদস্য সুনয়ন বৰকটকী উপস্থিত থাকে৷

প্ৰেৰক জয়ন্ত বৰা

You might also like