নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত ৭৪ বছৰীয়া ঘগ্ৰাপাৰ হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে কালি গুণোৎসৱৰ মাজতে “অন্তৰীক্ষ” আৰু “প্ৰয়াস” নামৰ দুখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। বিদ্যালয়খনত চলি থকা গুণোৎসৱৰ সময়তে কালি দুপৰীয়া ঘগ্ৰাপাৰ মাধ্যামিক বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি বীৰেন্দ্ৰ কলিতাই “অন্তৰীক্ষ” আৰু বিদ্যালয়খনৰ সদ্য নিযুক্ত প্ৰধান শিক্ষক অনিল শৰ্মাই “প্ৰয়াস” নামৰ প্ৰাচীৰ পত্ৰিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। বিদ্যালয়খনৰ শিক্ষক অমূল্য কলিতাই আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সদস্য তথা সাংস্কৃতিক কৰ্মী ফণীধৰ দাস উপস্থিত থাকে। প্ৰাচীৰ পত্ৰিকা “অন্তৰীক্ষ” উন্মোচন কৰি বিদ্যালয়খনৰ পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি বীৰেন্দ্ৰ কলিতাই কয় যে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰাচীৰ পত্ৰিকাৰ দ্বাৰাই সাহিত্য চৰ্চা কৰাৰ সুবিধা ল’ব লাগে। ছাত্র-ছাত্ৰীসকলে কিতাপৰ বিদ্যা আহৰণ কৰাৰ লগতে সাহিত্য চৰ্চাৰ আদিপাঠ গ্ৰহণ কৰে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাৰ যোগেদি। সেয়েহে বিদ্যালয় এখনত প্ৰাচীৰ পত্ৰিকা এখনে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত সহায় কৰে। গতিকে প্ৰতিখন বিদ্যালয়তে মাহেকীয়া প্ৰাচীৰ পত্ৰিকা এখন অতি জৰুৰী। এই বিষয়টোত বিদ্যালয় কৰ্তৃপক্ষই মনোযোগ দিলে ছাত্ৰ-ছাত্ৰী যথেষ্ট পৰিমাণে উপকৃত হ’ব। বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল শৰ্মাই প্ৰাচীৰ পত্ৰিকা দুখনত নিজৰ লেখা আৰু ছবি অঁকা বাবে ধন্যবাদ জনায়।
প্ৰেৰক বীৰেন কলিতা