বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ বিৰোধী ঐক্য মঞ্চত থাকিও কংগ্ৰেছৰ উজনিৰ প্ৰবীণ নেতা পৱনসিং ঘাটোৱাৰে সমৰ্থন জনালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাথী সৰ্বানন্দ সোণোৱালক। সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এগৰাকী জ্যেষ্ঠ, দক্ষ মন্ত্ৰী। তেওঁ কেৱল অসমৰেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী বিচক্ষণ নেতাৰ লগতে মন্ত্ৰী। তেঁও পুনৰ কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব পোৱাতো নিশ্চিত আৰু সেয়ে মই আগতীয়াকৈ শুভেচ্ছা জনাইছো -এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ। এবিটাৰ এখন বাৰ্ষিক সভাত মুকলিকৈ এনদৰে প্ৰকাশ কৰিলে ঘাটোৱাৰে। উল্লেখ্য যে এবিটাৰ বাষিক সভাত সোণোৱাল আৰু ঘাটোৱাৰ একেখন মঞ্চৰ লগালগিকৈ বহাত বহু প্ৰশ্নৰ অৱতাৰণাও হৈছে। যিটো নেকি ৰাজনৈতিক মহলত এতিয়া গৰম বতাহ। কাজেই কংগ্ৰেছৰ ঘাটোৱাৰ আৰু ৰাজু চাহুৱে মুকলিকৈ লুৰিণক প্ৰাৰ্থিত্ব দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেনে এক প্ৰেক্ষাপটত ঘাটোৱাৰে মুকলিকৈ সোণোৱালক শুভেচ্ছা জনোৱাতো বেচ চৰ্চা লাভ কৰিছে। আনহাতে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিৰ সম্পৰ্কত সন্তোষ প্ৰকাশ কৰিছে ভাৰতীয় চাহ সন্থাৰ অসম শাখাৰ চমুকৈ ‘এবিটা’ই৷ কালি সন্ধিয়া ডিব্ৰুগড়ৰ ডিডিপি ক্লাবত অনুষ্ঠিত হৈ ১৩৩সংখ্যক বাৰ্ষিক সাধাৰণ সভাই এই মত প্ৰকাশ কৰি দুশ বছৰীয়া চাহ উদ্যোগটোৰ উন্নতিৰ হকে ৰাজ্য চৰকাৰে কৃষি কৰ হ্ৰাসকে ধৰি অন্যান্য কেতবোৰ দিশত গ্ৰহণ কৰা নীতিৰ প্ৰশংসা কৰে সাধাৰণ সভাই৷ অনাগত দিনত এইক্ষেত্ৰত অধিক সহযোগিতা কৰিব বুলিও আশা প্ৰকাশ কৰে সাধাৰণ সভাই৷ আনহাতে সভাত ভাষণ দি ‘এবিটা’ৰ ভাইচ চেয়াৰমেন সুনীল সিং চিকন্দে বিগত বৰ্ষত ১১.৭২ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰা অসম ৰাজ্যত বতৰৰ পৰিৱৰ্তনকে ধৰি বিভিন্ন কাৰণত চাহ উদ্যোগৰ প্ৰতি অহা ভাবুকি উদ্যোগটোৰ স’তে জৰিত সকলোৱে একত্ৰ হৈ দীৰ্ঘদিনীয়া আঁচনি গ্ৰহণেৰে অতিক্ৰম কৰিব লাগিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ বিশেষকৈ ৰাজসাহাৰ্য্য, ফেক্টৰীৰ আধুনিকীকৰণৰ দৰে সুবিধাসম্বলিত আঁচনিসমূহৰ সুবিধা অব্যাহত ৰখাৰ বাবে আহ্বান জনায়৷ ‘এবিটা’ৰ চেয়াৰমেন শৈলেন গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ উদ্যোগে কেৱল আৰ্থ-সামাজিক দিশতেই সমাজখনক আগবঢ়াই নিয়া নাই; এক সেউজ পৰিৱেশ গঠন কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাকাৰী এক উদ্যোগ হিচাপে বৰ্তাই অহাৰ বাবে চাহ উদ্যোগৰ স’তে জৰিত সকলোকে শুভেচ্চা জ্ঞাপন কৰি যিহেতু অসম চাহৰ বাবে পৃথিৱী বিখ্যাত সেইবাবে অনাগত দিনত বিশেষকৈ অসমত চাহ উদ্যোগটোক আধুনিক আৰু পৰম্পৰাগত দুয়োটা দিশৰ সামঞ্জস্য ৰাখি এক ‘টি ভেল্যু ট্ৰেভেল টুৰিজিম’ৰ পৰিৱেশ গঠন কৰাৰ বাবেও সংগঠনটোক আহ্বান জনায়৷ সভাত শ্ৰমিক নেতা তথা ভূতপূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে অসমৰ চাহ উদ্যোগৰ সমস্যাসমূহ সমাধানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স’তে ‘এবিটা’ৰ এটা দলক আলোচনাৰ বাবে পৰামৰ্শ আগবঢ়াই পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীৰে এক বৈঠক অনুষ্ঠিত কৰাত সৰ্বানন্দ সোণোৱালক সহযোগিতা কৰাৰ বাবেও তেওঁ আহ্বান জনায়৷ ‘এবিটা’ৰ সচিব অভিজিত শৰ্মাই আঁতধৰা অনুষ্ঠানত ‘এবিটা’ৰ ‘গ্ৰামীণ কৃষি উন্নয়ন প্ৰকল্প’ আঁচনিৰ অধীনত শ্ৰেষ্ঠ কৃষক বঁটা প্ৰদান কৰা হয় মৰাণ দলনিকুৰৰ কৃষক অনিল ভঁৰালী (ডিব্ৰুগড় মণ্ডল), সোণাৰীৰ প্ৰশান্ত দত্ত (যোৰহাট মণ্ডল) আৰু শোণিতপুৰৰ খুলাকটিৰ লীলাম্বৰ বড়ো (তেজপুৰ মণ্ডল)ক৷ কেউজনকে মানপত্ৰ, গামোচা আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়৷ আনহাতে পৰিয়াল স্বাস্থ্য আঁচনিৰ অধীনত কৰা কামৰ বিপৰীতে পুৰস্কাৰ প্ৰদান কৰা হয় নামদাং চাহবাগিচা [ডিব্ৰুগড় মণ্ডল], খুমটাই চাহবাগিচা (যোৰহাট মণ্ডল) আৰু চীনাতলিয়া চাহবাগিচা (তেজপুৰ মণ্ডল)কো পুৰস্কৃত কৰা হয়৷ সভাত আই টি এৰ সচিবপ্ৰধান অৰিজিত ৰাহা, সহযোগী সচিব অতুল ৰাষ্ট্ৰগী, উদ্যোক্তা ডিব্ৰুগড় মণ্ডলৰ সচিব মাধুৰ্য বৰুৱাকে ধৰি সংগঠনটোৰ অধীনস্থ ডেৰশৰো অধিক চাহবাগিচাৰ প্ৰতিনিধিৰ লগতে অন্য সংগঠন ক্ৰমে ‘টাই’, ‘বিচিপি’, ‘এটিপিএ’ আৰু ‘নেটা’ৰ প্ৰতিনিধি উপস্থিত থাকে৷
প্ৰেৰক বিভাস দুৱৰা