নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত পুনৰ অঘটন : দ্ৰুতগামী ৰে’লৰ খুন্দাত গিবনৰ হাতীৰ মৃত্যু

বিশেষ বাৰ্তা, ৭ জানুৱাৰী : মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ নিচেই কাষতে যোৱানিশা দ্ৰুতগামী ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে । যোৱানিশা প্ৰায় ১০.৩০ বজাত অভয়াৰণ্যখনৰ কাষৰীয়া ভেলাগুৰি চাহ বাগিচাৰ মাজত এই ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণী মতে, ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰী অভিমুখী ২২৫০৩ নম্বৰ নামনিমুৱা বিবেক এক্সপ্ৰেছ ৰে’লখনে উক্ত স্থানত এটা প্ৰকাণ্ড হাতীক খুন্দা মাৰে । সেই সময়ত মৰিয়নি আৰু নকছাৰীৰ মাজৰ ৰে’লপথৰ দাঁ‌তিত বনৰীয়া হাতীৰ এটা জাকে বিচৰণ কৰি আছিল । ৰে’লখন অহাৰ সময়তে হাতীৰ জাকটোৱে ৰে’লপথ পাৰ হ’ব খোজে । কিন্তু এটা প্ৰকাণ্ড হাতীক ৰে’লপথৰ মাজতেই দ্ৰুতগামী ৰে’লখনে তীব্ৰ জোৰত খুন্দা মাৰে । আনকি ৰে’লৱে কিলোমিটাৰ নম্বৰ ৩৭৬/২ৰ কাষতে দ্ৰুতবেগী ৰে’লখনে হাতীটোক খুন্দিয়াই প্ৰায় তিনিশ মিটাৰৰো অধিক চোঁচৰাই নিয়ে । তাৰ পিছত ৰে’লখন ৰে’ললাইনৰ ওপৰতে ৰৈ যায় । ৰে’লখনৰ খুন্দাত থিতাতে মৃত্যু হয় হাতীটোৰ । হাতীটোৰ দাঁ‌ত দুটাও ভাগি যায় । ইফালে, প্ৰকাণ্ড হাতীটোক খুন্দা মৰাৰ ফলত ৰে’লখনৰ ইঞ্জিনটোৰো আংশিক ক্ষতিসাধন হোৱা বুলি সন্দেহ কৰা হৈছে । কাৰণ ৰে’লপথৰ ওপৰতে ৰৈ যোৱা ৰে’লখন পিছত নকছাৰী ৰে’ল ষ্টেচনলৈ ওভতাই লৈ যোৱা হয় । তাৰ পিছত অন্য এটা ইঞ্জিন আহিহে ৰে’লখন মৰিয়নি দিশে লৈ যায় । ইফালে, এই ঘটনাৰ ফলত কেইবাঘন্টা ধৰি ৰে’লপথটো বন্ধ হৈ পৰে । পিছত ৰে’লপথৰ পৰা মৃত হাতীটো আঁতৰাইহে ৰে’লপথ মুকলি কৰা হয় । ঘটনাৰ খবৰ পোৱাৰ পিছতেই মৰিয়নিৰ বনাঞ্চলিক বিষয়া সমন্বিতে বন বিভাগ আৰু ৰে’ল বিভাগৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয়গৈ । আনহাতে, আজি দিনৰ ভাগত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত মৃত হাতীটো ঘটনাস্থলীৰ কাষতে পুতি পেলোৱা হয় । বন বিভাগে ইতিমধ্যে হাতীটোৰ দাঁ‌ত উদ্ধাৰ কৰি সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে । মন কৰিবলগীয়া যে ঘটনা সংঘটিত হোৱা স্থানত হাতীৰ কৰিড’ৰ থকাৰ পৰিপ্ৰেক্ষিতত উক্ত স্থানত ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব লাগে যদিও অধিকাংশ ৰে’লেই গতিবেগ নিয়ন্ত্ৰণ নকৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলোৱাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মৰিয়নিৰ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী অনুষ্ঠান হোলোঙাপাৰ নেচাৰ্ছ ছ’চাইটীৰ সম্পাদক মুকিব জামাল আহমেদে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰাৰ লগতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like