নিয়মীয়া বাৰ্তা ৫ জুনঃ ক’ভিদ-১৯ মহামাৰী পৰিপেক্ষত বিশ্ব পৰিবেশ দিৱস ২০২০ উপলক্ষ্যত বিশেষ ভাবে সভা সমিতি পাতি উদযাপন কৰাৰ পৰা বিৰত থকাৰ সময়তে ঘিলামৰা বিভিন্ন স্থানত কেইবাটাও সংগঠনে পৰিবেশ দিৱস উদযাপন বাতৰি বাতৰি পোৱা গৈছে । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ,ঘিলামৰা শাখাৰ উদোগত, স্থানীয় প্ৰকৃতি প্ৰেমী একাংশ যুৱক যুৱতী সহযোগ আজি পুৱা ঘিলামৰা ৰাজ্যিক গড়কাপ্তানি বিভাগৰ পথৰ দুয়োকাষে সৌন্দৰ্য আৰু ঔষধি গুণ সম্পন্ন সোণাৰু গছৰ পুলি ৰোপন কৰি প্ৰাকৃতিক পৰিৱেশ সুন্দৰ কৰাৰ প্ৰয়াস কৰা হৈছে। ঘিলামৰা আৰ এচ এচৰ সংঘ স্বৰচালক লক্ষ্য কুমাৰ বৰুৱাই আঁতধৰা এক চমু অনুষ্ঠানত সোণাৰু গছৰ পুলি ৰোপন কৰি লখিমপুৰ জিলা অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনা মহকুমা ৰ মহকুমাধিপিত অৰিন্দম বৰুৱাই আধুনিকতাৰ চাপ পৰা আৰু নগৰীয়া অঞ্চললৈ গতি কৰা ঘিলামাৰাত ভৱিষ্যতে সোণাৰু ফুলৰ নান্দনিক দৃশ্য পথচাৰীয়ে নিশ্চয় উপভোগ কৰিব বুলি আশ প্ৰকাশ কৰে ।জলবায়ুৰ পৰিবৰ্তনে কঢ়িয়াই অনা বিপদৰ যুঁজ খনৰ বিৰুদ্ধে যুঁজ দিয়া আৰু আমাৰ চহকী জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি কৰা ঘিলামাৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এই কাৰ্য্যক্ৰমক ঘিলামৰা প্ৰকৃতি প্ৰেমীয়ে শলাগ লৈছে ।
আনহাতে ঘিলামাৰা গাওঁ পঞ্চায়ত,বৰদৈবাম গাওঁ পঞ্চায়তৰ লগতে দেবলীযা গাওঁ পঞ্চায়ত টো পৰিবেশ দিৱস উদযাপন বাতৰি পোৱা গৈছে ।