🔹 ৰাজ্যৰ প্রকৃতিপ্রেমীলৈ সুখবৰ
🔹 নামকৰণক লৈ মুখ্যমন্ত্রীৰ টুইট
বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : অসম ৰাজ্যিক চিৰিয়াখানাৰ দর্শকৰ বাবে এটা সুখবৰ৷ ৰাজ্যিক চিৰিয়াখানাত পোন প্রথমবাৰৰ বাবে জন্ম পাইছে জিৰাফৰ পোৱালি৷ দীর্ঘদিনৰ অন্তত মাইছ’ৰৰ পৰা অনা মতা আৰু মাইকী জিৰাফ ক্রমে বিজয় আৰু বিজয়াক প্রায় দুটা বছৰ গড়ালত ৰখাৰ পিছত যোৱা ১৬ নৱেম্বৰত বিজয়াই এটা পোৱালি জন্ম দিয়ে৷ পোন প্রথমবাৰৰ বাবে চিৰিয়াখানাত জিৰাফৰ পোৱালি জন্ম পোৱাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ লগতে ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’সহ বিষয়া–কর্মচাৰীসকল আনন্দত উৎফুল্লিত হৈ পৰিছে৷ বিজয়াই জন্ম দিয়া মাইকী পোৱালিটোৰ নামকৰণৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই টুইটযোগে ৰাইজৰ মতামত বিচাৰিছে৷ ইপিনে, ৰাজ্যিক চিৰিয়াখানাত জন্মগ্রহণ কৰা জিৰাফৰ পোৱালিটোৰ লগতে মাতৃ বিজয়াৰ স্বাস্থ্যৰ প্রতি ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষৰ তৰফৰ পৰা বিশেষ গুৰুত্ব প্রদান কৰা হৈছে৷ চিৰিয়াখানাৰ ডি এফ অ’ অশ্বিনী কুমাৰে জানিবলৈ দিয়া মতে ৰাজ্যিক চিৰিয়াখানাৰ বিভাগীয় চিকিৎসকে প্রয়োজনীয় স্বাস্থ্য পৰীক্ষাৰ লগতে খাদ্য যোগান ধৰাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ উল্লেখ্য যে অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফ নাছিল যদিও দীর্ঘদিনৰ অন্তত ৰাজ্য চৰকাৰে মাইছ’ৰৰ পৰা দুটা জিৰাফ আনি চিৰিয়াখানাত ৰাখিছিল৷ ৰাজ্যিক চিৰিয়াখানাত বিজয় আৰু বিজয়াৰ আগমনৰ পিছতেই চিৰিয়াখানাত বিগত সময়ত দর্শকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷